ETV Bharat / state

মণিপুৰৰ পৰিস্থিতি বৰ দুখলগা, প্ৰধানমন্ত্ৰী এদিনৰ বাবে মণিপুৰলৈ আহক : ৰাহুল গান্ধী - RAHUL GANDHI NE VISIT

Kuki Meitei Clash : মণিপুৰৰ হিংসাত্মক পৰিস্থিতি পৰিদৰ্শন কৰি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক মণিপুৰলৈ আহিবলৈ আহ্বান জনায় ৷ মণিপুৰৰ শেহতীয়া পৰিস্থিতিয়ে উদ্বিগ্ন কৰে কংগ্ৰেছৰ যুৱৰাজগৰাকীক ৷ পঢ়ক বিতং খবৰ ...

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:19 PM IST

RAHUL GANDHI NE VISIT
ৰাহুল গান্ধীৰ সংবাদমেল (Source : INC Manipur)

তেজপুৰ, 8 জুলাই: মণিপুৰলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এবাৰ আহক আৰু মণিপুৰৰ জনতাৰ মনৰ কথা শুনক, এই আহ্বান কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ "মই প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিছো যে, তেওঁ এবাৰ মণিপুৰলৈ আহক আৰু এদিন বা দুদিন সময় দিয়ক ৷ প্ৰধানমন্ত্ৰী যদি মণিপুৰলৈ আহিলেহেতেন, তেন্তে মণিপুৰৰ হিংসা নাবাঢ়িলেহেঁতেন" বুলি সোমবাৰে মণিপুৰ পৰিভ্ৰমণৰ অন্তত এই কথা প্ৰকাশ কৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷

RAHUL GANDHI NE VISIT
ৰাজ্যপালৰ দ্বাৰা আদৰণি (Source : INC Manipur)

সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰৰ হিংসাত্মক পৰিস্থিতি পৰিদৰ্শন কৰিছিল বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ মণিপুৰ আমাৰ দেশৰ অংগ, গতিকে মণিপুৰৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে ৷ প্ৰধানমন্ত্ৰী মণিপুৰলৈ আহক ৷ এইক্ষেত্ৰত কংগ্ৰেছ দলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি ৰাহুল গান্ধীয়ে কয় ৷

RAHUL GANDHI NE VISIT
মণিপুৰ কংগ্ৰেছৰ কাৰ্যালয়ত ৰাহুল গান্ধী (Source : INC Manipur)

লগতে পঢ়ক: ৰাহুল গান্ধীয়ে মণিপুৰক ভাল পায়; ৰাজ্যসভাত নৰেন্দ্ৰ মোদীয়ে কোৱা কথা মিছা: কেইশাম মেঘচন্দ্ৰ - Rahul Gandhi Manipur visit

দিনযোৰা কাৰ্যসূচী সামৰি মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে এনেধৰণে মন্তব্য কৰে ৷ তেওঁ কয় যে, মণিপুৰৰ শান্তি-শৃংখলা ঘূৰাই অনাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ পৰা সকলো সহায় কৰিবলৈ প্ৰস্তুত ৷

"মই মণিপুৰলৈ আহিছো সকলোৰে এজন ভাই হৈ ৷ মণিপুৰৰ ৰাইজৰ দুখ-দুৰ্দশা প্ৰত্যক্ষ কৰি কৈছো যে, হিংসাৰে কোনো সমস্যা সমাধান নহয় ৷ হিংসা পৰিহাৰ কৰি সকলোৱে মিলি-জুলি কাম কৰিব লাগিব" বুলিও ৰাহুল গান্ধীয়ে সংবাদমেলত প্ৰকাশ কৰে ৷

RAHUL GANDHI NE VISIT
মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বৈঠক (Source : INC Manipur)

সাংবাদিকে গান্ধীক বিভিন্ন প্ৰশ্ন উত্থাপন কৰাত তেওঁ কোনো কথাৰে উত্তৰ নিদিওঁ বুলিও কয় ৷ তাৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, "মই ইয়ালৈ ৰাজনীতি কৰিবলৈ অহা নাই ৷ মই সঁচাকৈয়ে অসন্তুষ্ট আজিৰ পৰিস্থিতি দেখি ৷ ভাবিছিলো যে কিছু পৰিমাণে পৰিস্থিতি ভাললৈ আহিছে, কিন্তু সঁচা অৰ্থত সম্প্ৰতি মণিপুৰৰ পৰিস্থিতি বৰ দুখলগা" ৷

লগতে পঢ়ক: আশ্ৰয় শিবিৰ পৰিদৰ্শনৰ লগতে মণিপুৰ সন্দৰ্ভত ৰাজ্যপাল উইকীৰে আলোচনাত বহিব ৰাহুল গান্ধী - Rahul Gandhi NE visit

উল্লেখ্য যে, সোমবাৰৰ কাৰ্যসূচীৰ প্ৰথমতে ৰাহুল গান্ধীয়ে জিৰিবামত থকা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰাৰ পিচত চূড়াচান্দপুৰ, বিষ্ণুপুৰ জিলাৰ মৈৰাঙকে ধৰি আন চাৰিটা শিবিৰ পৰিদৰ্শন কৰি শিশু, মহিলা আৰু শিবিৰত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে ৷

এই সকলো ঘটনাৰ সন্দৰ্ভত ৰাজ্যপাল অনুসূয়া উইকেৰ লগত এক বৈঠকতো অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে ৷ স্মৰ্তব্য যে, ৰাহুল গান্ধীৰ এয়া তৃতীয়টো মণিপুৰ ভ্ৰমণ ৷ কংগ্ৰেছৰ যুৱ নেতাগৰাকীক এই ভ্ৰমণত সংগ প্ৰদান কৰে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইববী সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ, কংগ্ৰেছৰ নৱ নিৰ্বাচিত লোকসভাৰ সাংসদ আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতৃত্বই ৷

লগতে পঢ়ক: অশান্ত মণিপুৰ : কি কয় জিৰিবামৰ আৰক্ষী অধীক্ষকে - MANIPUR VIOLENCE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.