ETV Bharat / state

যিফালেই চকু যায় সেই ফালেই কেৱল শইচে নদন-বদন হৈছে চিয়াঙৰ পাৰ - SELF RELIANT FARMERS

চিয়াং নৈৰ পাৰত সেউজ বিপ্লৱৰ সূচনা ৷ শ শ হেক্টৰ মাটিত আলু, তিল, মাকৈ, সৰিয়হ আদি ৰবি শস্যৰ খেতিৰে স্বাৱলম্বিতাৰ বাট দেখুৱাইছে শতাধিক কৃষকে ৷

Rabi crops cultivation
সেউজ বিপ্লৱৰ সূচনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 1:15 PM IST

জোনাই : অসমৰ মাটি সাৰুৱা, সেয়া হয়তো দুনাই কোৱাৰ প্ৰয়োজন নাই ৷ এই সাৰুৱা মাটিত খেতি কৰিও যে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰি পাৰি তাৰেই প্ৰমাণ কৰি দেখুৱালে অসম-অৰুণাচল সীমান্তস্থিত জামপানী অঞ্চলৰ শতাধিক কৃষকে ৷

জামপানী হৈছে অসম-অৰুণাচল সীমান্তৰ চিয়াং নৈ পাৰৰ এখন সুন্দৰ ঠাই ৷ উৰ্বৰা জামপানীৰ শ শ হেক্টৰ মাটিত অসমৰ কৃষকে সেউজ বিপ্লৱৰ সূচনা কৰিছে ৷ অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰায় শতাধিক কৃষকে জামপানীৰ শ শ হেক্টৰ মাটিত আলু, সৰিয়হ, মাকৈ, তিল, কবি, বেঙেনা আদিৰ খেতি কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ নিৰ্দশন ৷

উৰ্বৰা জামপানীৰ শ শ হেক্টৰ মাটিত নানান ৰবি শস্যৰ খেতি (ETV Bharat Assam)

বছৰ বছৰ ধৰি খৰালি আৰু বাৰিষা দুটা সময়তে নানা খেতি কৰি আহিছে জামপানীৰ খেতিয়কসকলে ৷ সম্পূৰ্ণ নিজা ধনেৰে খেতিয়কসকলে ব্যৱসায়িক ভিত্তিত খেতি কৰি উপাৰ্জনৰ এক বাট মুকলি কৰি আহিছে ৷ যিহেতু এই কৃষকসকল হৈছে অসম-অৰুণাচল সীমান্তৰ, সেয়ে অসম বা আৰুণাচলৰ কোনো এখন ৰাজ্য চৰকাৰৰ পৰা কোনো সহায় পোৱা নাই বুলি মন্তব্য কৰে কৃষকসকলে ৷

লগতে পঢ়ক : জলবায়ু পৰিৱৰ্তনৰ কৱলত কমলা খেতি; প্ৰত্যাহ্বানৰ সন্মুখীন কমলা খেতিয়ক

লগতে কৃষকসকলে নিজা গাঁঠিৰ ধনেৰে সূদূৰ পঞ্জাবৰ পৰা আলুৰ বীজ আানি খেতি কৰি আহিছে বুলিও মত প্ৰকাশ কৰে ৷ জামপানীত হোবা আলু খেতিয়ে অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, চিলাপথাৰ আদি ঠাইলৈ ৰপ্তানি হোবাৰ উপৰিও অৰুণাচলৰ পাচিঘাট, তেজু, ইটানগৰ, আলং, বাছাৰ আদি নানা ঠাইলৈ ৰপ্তানি কৰে ৷

লগতে পাপৰ আৰু তিলৰ ফচলসমূহ খাৰুপেটীয়াৰ বেপাৰীয়ে আহি লৈ যায় বুলি জানিব দিয়ে খেতিয়কসকলে ৷ নিজৰ গাঁঠিৰ ধন খৰচ কৰি খেতিয়কসকলে অতি কষ্টৰে উৎপাদন কৰাৰ পিছতো উচিত মূল্য লাভ নকৰাৰ বাবে কেতিয়াবা যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হয় বুলিও তেওঁলোকে কয় ৷

লগতে পঢ়ক :নিজৰ মাটি দুবিঘা, খেতি ১২০ বিঘাত: জহা-বৰা-চকুৱা-বেঙুনীয়া... কি নাই বীৰেন গগৈৰ পথাৰত !

লগতে পঢ়ক : ভকত চাপৰিত সোণ বুটলিছে মনৰ উদ্যমেৰে সাহসী যুৱ-কৃষকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.