ETV Bharat / state

মায়াময় মাজুলী... শৰতৰ মায়া সানি ৰাসৰ ৰসেৰে উপচিছে নদীদ্বীপ - RAAS MAHOTSAV 2024

খোল-তালৰ ধ্বনি, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত মাজুলী । মাজুলীৰ ১২ খন সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত আয়োজন ৰাসক্ৰীড়া ।

Raas Mahotsav begin in Majuli
কংসালয় নাট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 12:16 PM IST

Updated : Nov 15, 2024, 3:56 PM IST

মাজুলী : ‘‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন । ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ।।’’ আজি ৰাস পূৰ্ণিমা ৷ শ্ৰীকৃষ্ণৰ ভক্তিৰসত গুঞ্জৰিছে সমগ্ৰ ৰাজ্য ৷ সচৰাচৰ ৰাস বুলি ক’লেই মাজুলীৰ ছবিখন মানসপটত জিলিকি উঠে ৷

কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই সমগ্ৰ মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা ‘‘নাট মেলা পৰ্ব’’ অনুষ্ঠিত কৰা হয় ৷ উক্ত দিনাৰ পৰাই মাজুলীত এমাহ ধৰি ৰাসৰ আখৰা আৰম্ভ হৈ আহিছে ।

মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ (ETV Bharat Assam)

মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধ শতাধিক ৰংগমঞ্চত এইবাৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে । ইতিমধ্যে সাজু হৈ উঠিছে ৰাসমঞ্চসমূহ । শুকুৰবাৰ অৰ্থাৎ আজিৰে পৰা যদিও ৰাসৰ আৰম্ভণি হ’ব, কিন্তু ১৪ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰাই উজনি আৰু নামনি মাজুলীৰ ৭ টা স্থানত অনুষ্ঠিত হয় এই ৰাসলীলা । বৃহস্পতিবাৰে নিশা মাজুলীৰ মূদৈবিল মিলনজ্যোতি ৰংগমঞ্চত আয়োজন কৰা হয় কংসালয় নাট ভাগ ৷

Raas Mahotsav begin in Majuli
অৰ্ধশতাধিক মঞ্চত আয়োজন ৰাসক্ৰীড়া (ETV Bharat Assam)
লগতে পঢ়ক : ৰাসলীলা: মাজুলীত এজাক শিশুৰ প্ৰাণোচ্ছল ব্যস্ততা, ধেমাজিত কংস-দৈৱকীৰ আখৰা

উল্লেখ্য যে, মাজুলী এতিয়া দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈছে । আনহাতে, আজি নিশাৰে পৰা অক, বক, কেশী, পুতনা, কংসক বধিবলৈ সাজু মাজুলীৰ শিল্পীসকলো ৷ মাজুলীৰ ৰাস উপভোগ কৰিবলৈ ইতিমধ্যে বহু দেশী-বিদেশী পৰ্যটকে এতিয়া ভিৰ কৰিছেহি । ৰাস দর্শনাৰ্থীসকলক আদৰিবলৈ সাজু হৈছে মাজুলীবাসীও ।

Raas Mahotsav begin in Majuli
আজিৰ পৰা আৰম্ভ ৰাস মহোৎসৱ (ETV Bharat Assam)

অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলীৰ কমাৰগাঁও ৰূপালী যুৱক সংঘই বৃহস্পতিবাৰে শেষ দিনৰ বাবে আখৰা কৰে । সংঘৰ সদস্যসকলে জনোৱা অনুসৰি, প্ৰথম দিনা ২০০ গচি বন্তি প্ৰজ্বলনেৰে তেওঁলোকে ৰাসৰ কাৰ্যসূচী আৰম্ভ কৰিব । মাজুলীৰ লগতে অসমৰ সকলো ৰাসপ্ৰেমী দৰ্শকক ৰাসৰ নাট উপভোগ কৰাৰ লগতে তেওঁলোকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ।

লগতে পঢ়ক : আজি অধিবাসেৰে দক্ষিণপাট সত্ৰত আৰম্ভ ৰাসলীলাৰ কাৰ্যসূচী

Last Updated : Nov 15, 2024, 3:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.