ETV Bharat / state

লাভলীনাৰ স্বৰ্ণ জয়ৰ বাবে শিৱমন্দিৰত আশিস বিচাৰিলে ৰাইজে - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 2:19 PM IST

Lovlina in Paris Olympics 2024: আজি পেৰিছ অলিম্পিকত নৰৱে'ৰ বক্সাৰৰ বিৰুদ্ধে ৰিঙত নামিব লাভলীনা বৰগোঁহাই । লাভলীনাই সফলতা লাভ কৰাৰ কামনাৰে ৰাইজৰ প্ৰাৰ্থনা ।

Lovlina in Paris Olympics 2024
বৰপথাৰৰ দুৱৰণি শিৱমন্দিৰ (ETV Bharat Assam)

সৰুপথাৰ, ৩১ জুলাই: পেৰিছ অলিম্পিকৰ বক্সিং ৰিঙত নামিব অসম কন্য়া লাভলীনা বৰগোঁহাইয়ে । বুধবাৰে লাভলীনা বৰগোঁহাইৰ বিজয় কামনাৰে ঐতিহ্যমণ্ডিত বৰপথাৰৰ দুৱৰণি শিৱমন্দিৰত আশিস বিচাৰিলে স্থানীয় ৰাইজে । লাভলীনা বৰগোঁহাইৰ হৈ পৱিত্ৰ শাওন মাহত আজি বৰপথাৰৰ স্থানীয় ৰাইজ তথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিষয়ববীয়াই আশীৰ্বাদ বিচাৰি আৰাধনা কৰে । কোনোৱে যদি ধূপ-চাকি, ফুল-বেলপাতেৰে কৰিছে আৰাধনা, কোনোৱে আকৌ শৰাই আগবঢ়াইছে ।

লাভলীনাই সোণৰ পদক কঢ়িয়াই আনক তাকে লৈ আশিস বিচাৰি দুৱৰণিৰ শিৱ মন্দিৰত পূজা-অৰ্চনা কৰিছে । উল্লখযোগ্য যে লাভলীনাই পেৰিছত শাওন মাহৰ বাবেই নিৰামিষ আহাৰ গ্ৰহণ কৰি আছে । শাওন মাহ শিৱৰ মাহ বুলি জনা যায় । শিৱৰ আৰাধনাৰে মুখৰিত হয় মঠ-মন্দিৰসমূহ । বুধবাৰে বৰপথাৰৰ দুৱৰণি শিৱ মন্দিৰতো একেই দৃশ্য ।

আজি বক্সিং ৰিঙত লাভলীনা :

পেৰিছ অলিম্পিকৰ ৭৫ কেজি মহিলা শাখাৰ বক্সিং ৰিঙত আজি অৱতীৰ্ণ হ'ব অসম কন্যা লাভলীনা বৰগোহাঁই । বিয়লি ৩.৫০ বজাত ন'ৰৱেৰ বক্সাৰ ছুন্নিভা হফষ্টেডৰ বিৰুদ্ধে খেলিব প্ৰথমখন খেল, যাক লৈ ৰাজ্যৰখনৰ লগতে গৃহ চহৰত আনন্দৰ বন্যা বৈছে । সৰুপথাৰতো শুভেচ্ছামূলক অনুষ্ঠান 'গ' ফ'ৰ গ'ল্ড লাভলীনা' বাক্যৰে শুভেচ্ছা প্ৰদান কৰিছে ।

আদৰ্শ হিন্দী হাইস্কুল খেলপথাৰৰ পৰা যাত্ৰা :

বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুলৰ প্ৰাংগন খেলপথাৰৰ পৰাই বক্সিঙৰ যাত্ৰা আৰম্ভ হৈছিল লাভলীনাৰ । টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ৰ পিছত দ্বিতীয়বাৰৰ বাবে পেৰিছ অলিম্পিকত অংশ ল'ব লাভলীনাই । এইবাৰৰ অলিম্পিক গেমছত অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ লৈছে লাভলীনা বৰগোহাঁয়ে । মহিলাৰ ৭৫ কেজি শাখাত অংশ ল'ব অসম কন্যা লাভলীনা বৰগোহাঁয়ে ।

লগতে পঢ়ক:সমুখ সমৰত লাভলীনা-ছুন্নিভা; লাভলীনাক লৈ আশাবাদী আদিগুৰু প্ৰশান্ত কুমাৰ দাস - Paris Olympics 2024

লাভলীনা বৰগোঁহাইলৈ সৰুপথাৰত শুভেচ্ছামূলক অনুষ্ঠান - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.