ETV Bharat / state

খহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত খান্দিলে সুঁতি - Erosion of Brahmaputra in Assam - EROSION OF BRAHMAPUTRA IN ASSAM

Erosion in Tinsukia : তিনিচুকীয়া জিলাৰ পশ্চিম ছৈখোৱা ফেলাই নাওঁকটাত খহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে মন্ত্ৰী পীযুষ হাজৰীকাক আহ্বান জনাইছিল যদিও আজিলৈকে নাপালে কোনো সুফল । সেয়েহে হাতে হাতে কোৰ, বেলচা লৈ ৰাইজ নামিল ব্ৰহ্মপুত্ৰৰ বুকুত ৷

Erosion in Tinsukia
ব্ৰহ্মপুত্ৰৰ খহনীয়া (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 2:06 PM IST

তিনিচুকীয়া, ১৬ জুন : তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম ছৈখোৱা ফেলাই নাওঁকটাত প্ৰৱল ৰূপত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰি আহিছে খহনীয়াৰ ৷ ৰজাঘৰৰ ওচৰত ৰাইজে বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো কোনো সুফল লাভ কৰা নাই ৰাইজে ৷ সেয়েহে হেৰুৱাব লগা হৈছে বিঘাই বিঘাই মাটি-বাৰী ৷

ব্ৰহ্মপুত্ৰৰ খহনীয়া (ETV BHARAT ASSAM)

শেহতীয়াকৈ জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধ কৰিবলৈ জিঅ’বেগ গৰাত দি ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া সম্ভৱ হৈ উঠা নাই ৷ সেয়েহে শনিবাৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ ওলাই আহিল ক্ষুব্ধ ৰাইজ ।

এইবাৰ জলসম্পদ বিভাগে কৰিব নোৱৰা কাম কৰিবলৈ চেষ্টা কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে ৷ এই স্থানত ব্ৰহ্মপুত্ৰই খহনীয়া সৃষ্টি কৰি নদীৰ সুঁতি কাষচাপি গৈ থকাৰ বিপৰীতে মাজভাগত প্ৰকাণ্ড বালিচৰৰ সৃষ্টি হৈছে ৷ এই বালিচৰ খান্দি সুঁতি সৃষ্টি কৰাৰ ব্যৱস্থা কৰিবলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক ৰাইজে আহ্বান জনাইছিল যদিও তাৰ ব্যৱস্থা নাই বুলি মন্তব্য কৰাত ৰাইজে শনিবাৰে শ্ৰমদান কৰি খান্ধিলে এটি নলা বা সুঁতি ৷

যি সুঁতিৰে এতিয়া কিছু পৰিমাণে বৈ গৈছে পানী ৷ বিয়াগোম জলসম্পদ বিভাগে কৰিব নোৱৰা কাম কৰি দেখুৱালে ৰাইজে ৷ ৰাইজে কালি ব্ৰহ্মপুত্ৰৰ বুকুত পূজা-অৰ্চনা কৰি গাখীৰ ঢালি খনন কাৰ্য আৰম্ভ কৰে ৷ প্ৰায় ২০০ মিটাৰ দীঘল,২০ মিটাৰ বহল আৰু ২ ফুট গভীৰকৈ খান্দি ব্ৰহ্মপুত্ৰৰ পানী বৈ যাব পৰা ব্যৱস্থা কৰি ৰাইজে শ্ৰমদান সমাপ্ত কৰে ৷

ৰাইজৰ এই প্ৰচেষ্টা বৰ্তমান যথেষ্ট সফল হৈছে যদিও খহনীয়া ৰোধ কৰাত কিমান সফল হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক:আস্ফালনত পৰিণত চৰকাৰৰ ব্ৰহ্মপুত্ৰ খননৰ ঘোষণা

দিখৌ-ব্ৰক্ষ্মপুত্ৰ-দৰিকাৰ সংগমস্থলীত এজাক দুৰ্ভগীয়া শিক্ষাৰ্থী - Demand To Construct A Bridge

Dredging of River Brahmaputra : আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.