ETV Bharat / state

মহিলা চিকিৎসকক ধৰ্ষণ-হত্যা : ন্যায়ৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য - RG Kar Medical College rape case

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 8:16 AM IST

Protest for rape victim justice: : পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক লৈ উত্তাল সমগ্ৰ দেশ । ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান আৰু চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত অসমৰ বিভিন্ন প্ৰান্ততো ।

RG Kar Medical College rape case
মহিলা চিকিৎসকক ধৰ্ষণ-হত্যা : ন্যায়ৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য (ETV Bharat Assam)

নিউজ ডেস্ক, 17 আগষ্ট: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । কৰ্মৰত অৱস্থাত চিকিৎসা মহাবিদ্যালয়খনৰ এগৰাকী মহিলা স্নাতকোত্তৰ শিক্ষাৰ্থীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ ন্যায় দাবী কৰি অসমতো প্ৰতিবাদ অব্যাহত আছে ।

যোৰহাটত প্ৰতিবাদ

শুকুৰবাৰে যোৰহাট জিলা ছাত্র সন্থাৰ উদ্যোগত জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ওলাই আহে ৰাজপথলৈ । সকলো শিক্ষাৰ্থীয়ে হাতে হাতে মম বাতি লৈ যোৰহাটৰ ৰাজপথৰে এক প্ৰতিবাদী সমদল উলিয়ায় । তৰুণী চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত নৰপিশাচক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনায় ।

ইয়াৰ লগতে মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেও দাবী জনায় ।

বৰপেটাৰোডত প্ৰতিবাদ

কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকক গণ ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত শুকুৰবাৰৰ সন্ধিয়া বৰপেটাৰোডত মমবাতি লৈ প্ৰতিবাদী সমদল উলিওৱা হয় । বৰপেটাৰোডৰ IMA হাউচৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ ৷ ঘটনাৰ সৈতে জড়িতসকলক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ক্ষোভিত চিকিৎসকসকলে ৷

লগতে শনিবাৰৰ পুৱা 6 বজাৰ পৰা দেওবাৰৰ পুৱা 6 বজালৈ বৰপেটাৰোডৰ চৰকাৰী-বেচৰকাৰী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলে কৰ্মবিৰতি পালন কৰিব বুলিও জানিবলৈ দিয়ে ৷ কৰ্মবিৰতিৰ সময়চোৱাত মাত্ৰ জৰুৰীকালীন সেৱা চলি থাকিব বুলিও জানিবলৈ দিয়ে বৰপেটাৰোডৰ চিকিৎসক সংস্থাৰ সভাপতি চিকিৎসক যোগানন্দ দাসে ৷

তিনিচুকীয়াত প্ৰতিবাদ

সমান্তৰালভাৱে, মহিলা চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত তিনিচুকীয়া জিলাৰ ডুমডুমাত শুকুৰবাৰে সন্ধিয়া হাতত মমবাতি লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে চিকিৎসকসকলে ৷ সমগ্ৰ ঘটনাটোক তীব্ৰ নিন্দা কৰাৰ লগতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় প্ৰতিবাদী চিকিৎসকসকলে ৷

লগতে অনাগত দিনত যাতে পুনৰ এনেধৰণৰ ঘটনা কোনেও সংঘটিত কৰিবলৈ সাহস নকৰে তেনে ব্যৱস্থা ল’বলৈ দাবী জনায় চিকিৎসক তথা সচেতন ৰাইজে ৷ চিকিৎসকৰ এই প্ৰতিবাদী অনুষ্ঠানত উপস্থিত থাকে ডুমডুমা অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজ ৷

লগতে পঢ়ক: পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ - RG Kar Medical College rape case

ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ২৪ ঘণ্টীয়া কৰ্মবিৰতি : বিভিন্ন সংস্থাৰো সমৰ্থন - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.