ETV Bharat / state

চি আৰ পি এফ জোৱানৰ হত্যাকাণ্ডৰ ঘটনাত নাম সাঙোৰ টিহুৰ বিজেপি নেতাৰ - CRPF jawan murder

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 12:10 PM IST

Updated : Jun 26, 2024, 12:17 PM IST

CRPF jawan killed in Guwahati: নলবাৰীৰ টিহুত চি আৰ পি এফ জোৱানৰ হত্যাক লৈ উত্তপ্ত পৰিস্থিতি । হত্যাকাৰীৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ স্থানীয় লোকৰ ৷ প্ৰয়াত জোৱান দিতুমণি হালৈৰ দক্ষিণ কঁঠালমূৰাস্থিত বাসগৃহত শোকাকুল পৰিস্থিতি ৷

CRPF jawan killed in Guwahati
উত্তাল প্ৰতিবাদ স্থানীয় লোকৰ (ETV Bharat Assam)

নলবাৰী, 26 জুন: গুৱাহাটীৰ কাহিলিপাৰাত মৃত্যুক আঁকোৱালি লোৱা চি আৰ পি এফ জোৱান দিতুমণি হালৈ(38) ৰ মৃত্যুৰ ৰহস্য অব্যাহত আছে ৷ এই খবৰ মৃত চি আৰ পি এফ জোৱানগৰাকীৰ জন্মস্থান টিহুৰ দক্ষিণ কঁঠালমূৰাত বিয়পি পৰাৰ পাচতে সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে । লগতে হত্যাকাৰীৰ শাস্তিৰ দাবীত প্ৰতিবাদকাৰীয়ে পৰিৱেশ উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে, টিহুৰ দক্ষিণ কঁঠালমূৰা নিবাসী প্ৰয়াত মাধৱ হালৈৰ একমাত্ৰ পুত্ৰ দিতুমণি হালৈৰ মঙলবাৰে ৰহস্যজনকভাবে মৃত্যু ঘটে গুৱাহাটীৰ কাহিলীপাৰাত ৷ চি আৰ পি এফ জোৱান হিচাপে মণিপুৰত কৰ্মৰত দিতুমণি মঙলবাৰে গুৱাহাটীৰ কাহিলিপাৰাৰ ভাড়াঘৰত উপস্থিত হৈছিল ।

চুবুৰীয়াই জানিবলৈ দিয়া অনুসৰি, আন পুৰুষৰ সৈতে পত্নীক কোঠাত উদ্ধাৰ কৰে জোৱানজনে আৰু তাৰপিচতেই চিঞৰ-বাখৰ আৰম্ভ কৰে ৷ তেতিয়াই পত্নী আৰু তেওঁৰ প্ৰেমিকে দিতুমণিক ভিতৰলৈ টানি নি বন্ধ কৰি দিয়ে দৰ্জাখন ৷ তাৰ পিচতেই প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে দিতুমণিক হত্যা কৰা বুলি প্ৰতিৱেশীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: ছয়গাঁৱত অবৈধ প্ৰেমৰ বাবেই সংঘটিত নৃশংস হত্য়াকাণ্ড ! পাঁচজনক আটক - Suspected Murder At Chaygaon

প্ৰতিবেশীয়ে লগতে কয়, "সমগ্ৰ ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী আছিল তেওঁলোকৰ নিজ সন্তান ৷ বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্কৰ পৰিণতিতেই সংঘটিত হ’ল এই হত্যাকাণ্ডটো" ৷ দিনতেই এই হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি জনাইছে প্ৰতিৱেশীসকলে ৷

চুবুৰীয়াৰ লগতে দিতুমণিৰ মাতৃয়েও বোৱাৰীৰ পৰকীয়া প্ৰেমৰ পৰিণতিতেই একমাত্ৰ পুত্ৰক হেৰুৱাবলগীয়া হ’ল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক: Illicit love affair: অবৈধ প্ৰেমিকে কৰিলে প্ৰত্যাখ্যান, বিবাহিতা নাৰীয়ে কৰিলে জীৱন ত্যাগ

আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ দিনাই নিশা নলবাৰীৰ স্থানীয় ৰাইজে দিতুমণিৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত টিহুৰ বিজেপি নেতা অৰূপ দাসৰ বাসগৃহ ঘেৰাও কৰে । দিতুমণিৰ পত্নীৰে সৈতে অৰূপ দাসৰ দীৰ্ঘদিনীয়া পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল বুলি অভিযোগ স্থানীয় লোকৰ লগতে দিতুমণিৰ মাতৃৰো । বিজেপি নেতা অৰূপ দাসৰ ফাঁচীৰ দাবী তুলিছে প্ৰতিবাদকাৰীয়ে ৷

CRPF jawan killed in Guwahati
ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা বিজেপি নেতা অৰূপ দাস (ETV Bharat Assam)

লগতে পঢ়ক: ছুটীত আহি চি আৰ পি এফ জোৱানে ঘৰৰ ভিতৰতে প্ৰেমিকৰ সৈতে পালে পত্নীক : তাৰ পিচতেই ঘটিল হত্যাকাণ্ড - CRPF jawan murder

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, পত্নীয়ে কৰিলে আত্মহত্যা - Extra Marital Affair

পত্নীক হত্যা কৰি সংবাদ মাধ্যমৰ আগত অকপট স্বীকাৰোক্তি অভিযুক্ত ঘাতকৰ - Extra marital affairs

Last Updated : Jun 26, 2024, 12:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.