ETV Bharat / state

এইবাৰ লখিমপুৰত উঠিল বেনাৰ-ফলক অসমীয়া ভাষাত লিখাৰ দাবী - Non Assamese controversy

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 8:56 PM IST

Non Assamese controversy: মাথো সাত দিন । এই সাত দিনৰ ভিতৰত লখিমপুৰত সকলোতে সকলো বেনাৰ-ফলক হ'ব লাগিব অসমীয়া ভাষাত লিখা । শুকুৰবাৰে এই হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই । সাতদিনৰ ভিতৰত বেনাৰ-ফলক অসমীয়া ভাষাত নহ'লে অসমীয়া যুৱ মঞ্চই ক'লা ৰং সানিব ।

Protest in Lakhimpur demanding that banners and plaques be written in Assamese language
বেনাৰ-ফলক অসমীয়া ভাষাত লিখাৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

লখিমপুৰ,৩০ আগষ্ট: লখিমপুৰত অহা সাত দিনৰ ভিতৰত সকলো ফলক, বেনাৰত থাকিব লাগিব অসমীয়া ভাষা । সাত দিনৰ ভিতৰত সকলো বেনাৰ, ফলক অসমীয়া ভাষাত লিখা নহ'লে ব্যৱস্থা গ্রহণ কৰিব অসমীয়া যুৱ মঞ্চই । সাতদিনৰ পাছত অসমীয়াৰ বাহিৰে আন ভাষাত থকা সকলো বেনাৰ-ফলকত ক'লা ৰং সানিব অসমীয়া যুৱ মঞ্চই । লখিমপুৰত শুকুৰবাৰে এই হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই ।

শুকুৰবাৰে বিয়লি উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে এই লৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদত অংশগ্রহণ কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সমিতিৰ সম্পাদক অনুপম শইকীয়াই কয়, "অসমীয়া চৰকাৰী ভাষা আইন ১৯৬০ চনতে প্ৰয়োগ হৈছিল । কিন্তু আজি পৰ্যন্ত সঠিকভাৱে বাস্তৱায়িত নহ'ল সেই আইন । বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি বহু অনুষ্ঠান আদিৰ নাম ফলক আজিও লিখা হোৱা নাই অসমীয়া ভাষাত । সেয়ে লখিমপুৰত অনাগত সাতদিনৰ ভিতৰত সকলো বেনাৰ, ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী জনালো । এই দাবী সম্বলিত স্মাৰকপত্ৰ জিলা আয়ুক্ত, পৌৰপতি আদিক প্ৰদান কৰা হৈছে ।"

তেওঁ লগতে কয়,"যদিহে সাতদিনৰ ভিতৰত কোনো ব্যবস্থা গ্রহণ কৰা নহয়, নাইবা বেনাৰ-ফলক অসমীয়া ভাষাত লিখা নহয়, তেন্তে অসমীয়া যুৱ মঞ্চই হাতে কামে লাগি অসমীয়াৰ বাহিৰে আন ভাষাত লিখা বেনাৰ-ফলকসমূহত ক'লা ৰং সানিব ।" অসমীয়া যুৱ মঞ্চৰ এনে হুংকাৰৰ পাছত পৰৱৰ্তী কেনে পৰিস্থিতি সৃষ্টি হয় সেয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত ৰাজ্যজুৰি আছুৰ বিক্ষোভ - AASU PROTEST

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ, সৰুপথাৰত আৰক্ষী-কংগ্ৰেছ কৰ্মীৰ হতাহতি - Smart Electricity Meter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.