ETV Bharat / state

চাহ শ্ৰমিকৰ মাটি কাঢ়ি গতাইছে বণিয়াক ! চাহ বাগিচাত বিজেপি বৰ্জনৰ হুংকাৰ - Proposed luxury hotels in Kaziranga

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 3:53 PM IST

Protest against hotels in Kaziranga : কাজিৰঙাত বিলাসী হোটেল নিৰ্মাণৰ বাবে উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৷ আৰক্ষীৰ লাঠীৰ কোবত চাহ শ্ৰমিক আহত হোৱাৰ এদিন পিচত পুনৰ প্ৰতিবাদ ৷ আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুৎত্তৰ দিয়াৰ হুংকাৰ আটছাৰ ৷ মুখ্যমন্ত্ৰীয়ে একনায়কত্ববাদ চলাই থকাৰো অভিযোগ ৷

PROPOSED LUXURY HOTELS IN KAZIRANGA
কলিয়াবৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

কলিয়াবৰ, ১ আগষ্ট : কৃষিভূমি, চাহ বাগিচা ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ অভিযোগত আট্ছাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । বুধবাৰে ৰঙাজানত আৰক্ষীৰ লগত আটছাৰ বাক-বিতণ্ডা সৃষ্টি হোৱাৰ লগতে আৰক্ষীয়ে আটছাৰ কেবাগৰাকী নেতাক প্ৰহাৰ কৰিছিল । সেই ঘটনাৰ পিচতে কলিয়াবৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কলিয়াবৰ আটছাই ।

উল্লেখযোগ্য যে, অসম চৰকাৰে কাজিৰঙাত যি পঞ্চতাৰকা হোটেল তাজ আৰু হায়াট নিৰ্মাণৰ যো-জা চলাই আছে, তাৰ বিৰুদ্ধে বিগত সময়ত চাহ শ্ৰমিকসকলৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ বুধবাৰেও সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছিল ।

বুধবাৰে প্ৰতিবাদকাৰী চাহ শ্ৰমিকৰ ওপৰত জঁপিয়াই পৰিছিল বোকাখাত আৰক্ষী ৷ আৰক্ষীৰ লাঠীৰ কোবত আহত হৈছিল কেবাগৰাকীও আটছা নেতাৰ লগতে বহুকেইগৰাকী চাহ শ্ৰমিক । বহুসময় ধৰি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা চলি থাকে ৷ পথাৰত পৰি আৰু প্ৰতিবাদকাৰীৰে হতাহতিত কেবাজনো আৰক্ষীয়ে কিছু আঘাত পায় ৷

ইয়াৰ পিচতে বৃহস্পতিবাৰে কলিয়াবৰত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ কলিয়াবৰ আটছাই অসম চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে ৷ আটছা নেতা বিশ্বু তাঁতীয়ে কয়, ‘‘ মুখ্যমন্ত্ৰীয়ে একনায়কত্ববাদ চলাই আছে ৷ চাহগছ উচ্ছেদ কৰি বিলাসী হোটেল নিৰ্মাণৰ বাবে আগবাঢ়িছে ৷ চাহ শ্ৰমিকৰ উন্নতি কৰিম বুলি, মাটিৰ পট্টা দিম বুলি ঢাক-ঢোল বজাই আহিছিল; কিন্তু আজি বণিয়াগোষ্ঠীক শ-শ বিঘা মাটি দি আছে, কিন্তু চাহ শ্ৰমিকক এবিঘাও মাটি দিয়া নাই ৷ "

তেওঁ আৰু কয়, ‘‘ অসমত এক কোটিৰো বেছি চাহ জনগোষ্ঠীৰ লোক আছে ৷ সেই মানুহে ভোট দিয়াৰ পিচতে গাদীত বঢ়িছে ৷ শ্ৰমিকৰ ভোট পাইছে ৰজাঘৰীয়া গাদীত বহিছে ৷ যদি আমি বহাব পাৰিছো, উঠাই দিবও পাৰো ৷ অহা নিৰ্বাচনত আমি দেখুৱাই দিম, বাগিচাসমূহত বিজপিক বৰ্জন কৰিম ৷’’

লগতে পঢ়ক : কাজিৰঙাত উত্তপ্ত পৰিস্থিতি : আৰক্ষীৰ লাঠীচালনাত প্ৰতিবাদকাৰী আহত

লগতে পঢ়ক : ইংলে পথাৰৰ কৃষিভূমি অধিগ্রহণ নকৰিবলৈ সকীয়নি

লগতে পঢ়ক : বাতিল হ'ব নেকি কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.