ETV Bharat / state

জনজাতিৰ স্বীকৃতি বিচাৰি যন্তৰ মন্তৰ কঁপালে ছয় জনগোষ্ঠী ঐক্য মঞ্চই - PROTEST AT JANTAR MANTAR

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Demand for Tribalisation : ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ স্বীকৃতি প্ৰদান কৰিবলৈ দাবী ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত চৰকাৰে আগবঢ়াই অহা ভাষ্যক দুৰ্ভাগ্যজনক আখ্যা । নতুন দিল্লীৰ পৰাই সকীয়নি চৰকাৰক ।

Demand for Tribalisation
যন্তৰ মন্তৰত ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ প্ৰতিবাদ (ETV Bharat Assam)

নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ: অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবী অব্য়াহত । বিগত সময়ত ৰাজ্য়জুৰি চৰকাৰৰ বিৰুদ্ধে জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছতো সুফল নোপোৱাত এইবাৰ একে দাবীৰেই কঁপালে দেশৰ ৰাজধানী চহৰ । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত সোমবাৰে প্রতিবাদী কার্যসূচী ৰূপায়ন কৰিলে 'ছয় জনগোষ্ঠী ঐক্য মঞ্চ'ই ৷ প্ৰতিবাদত কঁপিল যন্তৰ মন্তৰ ।

অসমৰ এক জ্বলন্ত সমস্যা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ৷ এই বিষয়টো লৈ দীর্ঘদিনৰ পৰাই সময়ে সময়ে ছয় জনগোষ্ঠীয়ে প্রতিবাদৰ লগতে চৰকাৰৰে আলোচনা চলাই আহিছে ৷ বিশেষকৈ নিৰ্বাচনৰ সময়ত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজনীতি উত্তাল হৈ পৰে অসমত ৷ কিন্তু জনজাতিকৰণৰ বিষয়টো আন সময়ত প্ৰায় স্থবিৰ হৈ পৰে । আজিও এয়া দাবী হৈয়েই ৰৈছে ।

শীঘ্ৰে জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবী

ছয় জনগোষ্ঠী ঐকা মঞ্চৰ উদ্যোগত নতুন দিল্লীৰ যন্তৰ-মন্তৰত সোমবাৰে এক প্রতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰ বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰক ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ স্বীকৃতি প্ৰদান কৰিবলৈ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্রতিবাদস্থলীৰ পৰাই মৰাণ, মটক, টাই আহোম, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্রধানমন্ত্রী,গৃহমন্ত্রী আৰু জনজাতি পৰিক্ৰমা মন্ত্রীলৈ স্মাৰক পত্ৰ প্রেৰণ কৰা হয় ।

উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ জানুৱাৰীত ৰাজ্যসভাত অনুসূচিত জনজাতি সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল ৷ তাত ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ স্বীকৃতি প্রদান কৰাৰ কথা স্পষ্ট ভাৱে উল্লেখ কৰা হৈছিল যদিও আজি পর্যন্ত এই বিষয়ক আইনলৈ ৰূপান্তৰিত নহ'ল । আনহাতে, ২০১৯ বর্ষৰ ৭ জানুৱাৰীত ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ লগত হোৱা বৈঠকৰ পিছত আয়োগে স্পষ্টভাৱে অসমৰ মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ পক্ষত মতপোষণ কৰিছিল । ছয় জনগোষ্ঠীৰ নেতৃত্বই এই প্ৰসংগত কয়,“জনজাতি মন্ত্রণালয়ৰ তৰফৰ পৰা পত্র নং- 12026/02/2003-C&LM5th Jan, 2010)ত উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ পৰামর্শৰ ভিত্তিত অসমৰ ছয় জনগোষ্ঠীৰ বৈশিষ্টা সমূহ সূক্ষ্মভাৱে পর্যৱেক্ষণ কৰাৰ অন্তত জনজাতি মৰ্যাদা প্রদানৰ যোগ্য বুলি আনুষ্ঠানিক ভাবে সদৰী কৰে ।”

মুখ্যমন্ত্ৰীৰ দায়সৰা মন্তব্যক দুর্ভাগ্যজনক আখ্য়া

লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত বিজেপি চৰকাৰে আগবঢ়াই অহা ভাষ্যক দুৰ্ভাগ্যজনক আখ্যা দি ছয় জনগোষ্ঠী ঐকা মঞ্চই কয়,“ দুর্ভাগ্যজনকভাৱে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সকলো এজেন্সীয়ে সম্মতি প্রদান কৰা পিছতো ডবল ইঞ্জিনৰ চৰকাৰে আমাক চূড়ান্ত প্ৰতাৰণা কৰি কংগ্ৰেছৰ দিনৰ অসম বিধানসভাৰ এক প্রস্তাৱৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পৰা নাই বুলি অসমৰ মুখ্যমন্ত্ৰীৰ দায়সৰা মন্তব্য অত্যন্ত লজ্জাজনক আৰু দুর্ভাগ্যজনক ৷”

লগতে পঢ়ক:জনজাতিকৰণৰ দাবীৰে লখিমপুৰত চুতীয়া ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট - ST Demand

কেতিয়া হ'ব কোচ ৰাজবংশীৰ জনজাতিকৰণ ? ৰঙিয়া-লখিমপুৰ উত্তাল - Tribalisation of Koch Rajbanshi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.