ETV Bharat / state

চিকিৎসকক ধৰ্ষণ-হত্যাৰ ঘটনাৰ বিৰুদ্ধে অসমত চিকিৎসকৰ প্ৰতিবাদ, স্তব্ধ চিকিৎসা সেৱা - IMA calls for 24 hours strike

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 4:37 PM IST

Protest for rape victim justice: পশ্চিমবংগত এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ উত্তাল সমগ্ৰ দেশৰ লগতে অসম । প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাৰ তাৎক্ষণিক ন্যায় দাবী কৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে জনোৱা কৰ্মবিৰতিত স্তব্ধ অসম ।

Protest for rape victim justice
চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ উত্তাল অসম (ETV Bharat Assam)

গুৱাহাটী, ১৭ আগষ্ট: কলকাতাত কৰ্তব্যৰত যুৱ চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাকলৈ সমগ্র দেশৰ লগতে অসম তথা গুৱাহাটীতো চৰকাৰী,বেচৰকাৰী আৰু কৰ্পোৰেট হাস্পতালৰ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ভাৰতীয় চিকিৎসা সংস্থাই আজি জনোৱা আহ্বানৰ প্ৰতি সমৰ্থন জনাই গুৱাহাটীৰ আমিনগাঁওস্থিত এইমছ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে গুৱাহাটীৰ সকলো চৰকাৰী, বেচৰকাৰী আৰু কৰ্পোৰেট চিকিৎসালয়ত চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে ২৪ ঘন্টীয়া কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

চিকিৎসকসকলক উদ্বিগ্ন কৰিছে :

এই কাৰ্যসূচী সন্দৰ্ভত ভাৰতীয় চিকিৎসা সংস্থাৰ নেচনেল কাউন্সিলৰ সদস্য় ডাঃ ভৱেন চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"এই ঘটনাই চিকিৎসকসকলক উদ্বিগ্ন কৰি তুলিছে। চিকিৎসকসকল অতি চিন্তিত হৈ পৰিছে । এনে ঘটনাৰ পুনৰাবৃত্তি হৈয়ে আছে । কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক এগৰাকীক এনেদৰে হত্যা কৰাটো ডাঙৰ কথা । সমগ্র দেশতে চিকিৎসকসকলে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । আজি পুৱা ৬ বজাৰ পৰা কাইলৈ পুৱা ৬ বজালৈ চৰকাৰী, বেচৰকাৰী আৰু কৰ্পোৰেট চিকিৎসালয়ৰ বহিঃবিভাগ আৰু অস্ত্ৰোপচাৰ বিভাগ বন্ধ ৰখা হৈছে । মাত্ৰ জৰুৰী সেৱা আৰু জৰুৰী ৰোগীসকলক চিকিৎসালয়বোৰত পৰীক্ষা আৰু অস্ত্ৰোপচাৰ কৰা হৈছে ।"

কৰ্তব্যৰত চিকিৎসকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰো তেওঁ দাবী উত্থাপন কৰে । অসমত ৭৮ খন পঞ্জীয়ন থকা বেচৰকাৰী হাস্পতালতে এই কাৰ্যসূচী ৰূপায়ণ কৰা বুলি কয় ভাৰতীয় চিকিৎসা সংস্থাৰ নেচনেল কাউন্সিলৰ সদস্য়গৰাকীয়ে ।

নিৰাপত্তা আইন বলৱৎ কৰাৰ দাবী :

ইপিনে,গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালতো এক প্ৰতিবাদী সভাৰ আয়োজন কৰা হয় । এই প্ৰতিবাদী সভাত অংশ লৈ ভাৰতীয় চিকিৎসা সংস্থাৰ অসম শাখাৰ সভাপতি ডাঃ অৰুণিমা গোস্বামীয়ে কয়," কেন্দ্ৰীয় চৰকাৰে চিকিৎসকৰ নিৰাপত্তাৰ আইন বলৱৎ কৰিব লাগে । ২৪ ঘন্টাই মানৱসেৱাত জড়িত থকা চিকিৎসকসকল নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে । এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি দিব লাগে যাতে এনে জঘন্য ঘটনাৰ পুনৰাবৃত্তি নহয়।" তেওঁ লগতে কয়," সমাজত নৈতিক স্খলন হৈছে বাবে এনে জঘন্য ঘটনা সংঘটিত হৈছে । চিকিৎসালয়বোৰ নিৰাপদ স্থানত হ'ব লাগে । নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া হ'ব লাগে । চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ নিৰাপত্তাৰ বাবে হাস্পতালবোৰত মেডিকেল চিকিউৰিটী ফ'ৰ্চ প্ৰৱৰ্তন কৰিব লাগে ।"

আইন সঠিকভাৱে কাৰ্যকৰী কৰাৰ দাবী :

২৪ ঘন্টাই মানৱসেৱাত জড়িত থকা চিকিৎসকসকলৰ নিৰাপত্তাৰ ব্য়ৱস্থা কৰিবলৈ চৰকাৰ তথা ৰাইজক আহ্বান জনাই নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই কয়," এই ধৰ্মঘটৰ জৰিয়তে ৰাইজক দেখুৱাব বিচাৰিছো যে চিকিৎসকসকল কিমান নিৰাপত্তাহীনতাত কাম কৰিব লাগে । গতিকে এইক্ষেত্ৰত ৰাইজক আমাক সহযোগ কৰাৰ আহ্বান জনাইছো ।" তেওঁ কয়,"চৰকাৰৰ প্ৰতি অনুৰোধ যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় । আইন সঠিকভাৱে কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছে ।"

লগতে পঢ়ক:প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যা : IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশজুৰি চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি - RG Kar Medical College rape case

অসমতো বন্ধ OPD সেৱা-অস্ত্ৰোপচাৰ: IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি অসমৰ চিকিৎসক-কৰ্মীৰ - IMA calls for 24 hours strike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.