ETV Bharat / state

দলং নিৰ্মাণৰ দাবীৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ধৰ্ণা - Protest against BTR chief

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:05 PM IST

Protest for bridge: এখন দলং বিচাৰি ৰঙিয়াৰ চিৰাখুন্দিত ৰাইজৰ প্ৰতিবাদ ৷ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে সংখ্যালঘু ৰাইজৰ উন্নয়নৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ ৷

Protest against BTR chief
Protest for bridge (ETV Bharat Assam)

ৰঙিয়া, 2 জুন: ৰঙিয়াৰ সমীপৰ চিৰাখুন্দিত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ধৰ্ণা । নিৰ্বাচনৰ পূৰ্বে দিয়া আশ্বাস পূৰণ নকৰাত ৰাজপথলৈ ওলাই আহি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে ABMSU ৰ উদ্যোগত স্থানীয় পুৰুষ-মহিলাই । বি টি আৰ প্ৰধান প্ৰমোদ বড়ো মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ।

প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ধৰ্ণা (Assam)

ৰঙিয়াৰ সমীপৱৰ্তী বি টি আৰৰ খন্দিকৰ-সীতাৰা সংযোগী এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপজ্জনকভাৱে যাত্ৰা কৰিবলগীয়া হৈছে ৰাইজে । প্ৰায় দহ বছৰ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানে কুমহা জানৰ ওপৰত থকা কাঠৰ দলংখন উটুৱাই নিছিল । যাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ মাজত যাতায়ত বন্ধ হৈ পৰিছিল ।

লগতে পঢ়ক: বান সমস্যাৰ সমাধান আছেনে ? বান সমস্যাৰ মূল কাৰণসমূহ কি কি ? - Assam Flood 2024

পিচত যাতায়তৰ নামত দুৰ্ভোগ ভুগি থকা অতিষ্ঠ ৰাইজে উপায়ন্তৰ হৈ বছৰে বছৰে বাঁহৰ দলং একোখন নিৰ্মাণ কৰি লয় । কিন্তু বৰ্তমান এই বাঁহৰ দলংখনৰ অৱস্থা শোচনীয় হৈ পৰিছে । যাৰ বাবে অতি বিপজ্জনকভাৱে মৰণক শৰণ কৰি ৰাইজে যাতায়ত কৰিবলৈ বাধ্য হৈছে ।

বিশেষকৈ দুয়োপাৰে থকা দুখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ভয়ে ভয়ে দলংখনেৰে অহা-যোৱা কৰে । এই বিধ্বস্ত দলংখনেৰে অহা-যোৱা কৰোতে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । ইফালে ভৰ বাৰিষা বাঁহৰ দলংখন উটি যায় বাবে অঞ্চলটোৰ ৰাইজে প্ৰায় ১০-১২ কিলোমিটাৰ পথ অতিৰিক্তভাৱে যাতায়ত কৰিবলগীয়া হয় ।

লগতে পঢ়ক: প্ৰলয়ৰে সহৱস্থান ৰাজ্যৰ লাখ লাখ জনতাৰ : প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ভিন্ন স্থানত - Assam Flood 2024

কান্ধত চাইকেল লৈ এই বাঁহৰ দলঙেৰে সাধাৰণ লোকৰ লগতে স্কুলীয়া ল'ৰা-ছোৱালীয়ে অতি বিপজ্জনকভাৱে যাতায়ত কৰে । ইয়াৰ ফলত বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে ।

ইয়াৰ উপৰিও চিকিৎসাৰ জৰুৰীকালীন সেৱাৰ বাবে কোনো এম্বুলেঞ্চ অঞ্চলটোলৈ যাব নোৱাৰে । ৰাইজে ঠেলাৰে ৰোগী কঢ়িয়াই আনি কলৰ ভূৰেৰে নৈ পাৰ কৰায় । অতিশীঘ্ৰে ইয়াত এখন পকী দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা উন্নত কৰি তুলিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে । অন্যথা আগন্তুক বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিয়ে বি টি আৰ প্ৰশাসনক ।

উল্লেখ্য যে, শেহতীয়াভাৱে কুমহা জানত বি টি আৰ চৰকাৰে এখন সাধাৰণ বাঁহৰ দলঙ নিৰ্মাণৰ নামত 10 লাখ টকা আৱণ্টন দিছিল । কিন্তু ৰাইজে বনোৱা বাঁহৰ দলঙখনৰ ওপৰতে জোৰা-টাপলি মাৰি গোটেই টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।

লগতে পঢ়ক: জাঁজীৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে টীয়কৰ বনাই নপমুৱাৰ ৰিং বান্ধলৈ - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.