ETV Bharat / state

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত-দুৰ্বৃত্ত আখ্যা কুলদা কুমাৰ ভট্টাচাৰ্যৰ - Kulada Kumar Bhattacharya

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 11:11 PM IST

Kulada Kumar Bhattacharya slams PM Modi: ‘‘মোদী অতি অহংকাৰী, মোদীয়ে কাৰো পৰা পৰামৰ্শ ল'বলৈ শিকা নাই । কংগ্ৰেছত সোমাই হিমন্ত বিশ্ব শৰ্মাই লেং মৰা ৰাজনীতি কৰিলে ৷’’ তীব্ৰ ক্ষোভেৰে ক’লে কুলদা কুমাৰ ভট্টাচাৰ্যই ৷

CM Himanta
Kulada Kumar Bhattacharya (ETV Bharat Assam)

গুৱাহাটী, ১৮ জুন: দেশ আৰু ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণ দেখি খং উঠিছে ৰাজ্যৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ । তেওঁ হৈছে বিশিষ্ট পৰিচালক, অভিনেতা, লেখক কুলদা কুমাৰ ভট্টাচাৰ্য । সৃষ্টিৰ বিশালতাৰে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক মহীয়ান কৰা এইগৰাকী বিশিষ্ট অসমীয়াই মঙলবাৰে এক অনুষ্ঠানত নিজৰ ক্ষোভ ব্যক্ত কৰে ।

কুলদা কুমাৰ ভট্টাচাৰ্য (ETV Bharat Assam)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে মোদী অতি অহংকাৰী, মোদীয়ে কাৰো পৰা পৰামৰ্শ ল'বলৈ শিকা নাই । স্বয়ম্ভু মোদীয়ে কেৱল নিৰ্দেশ দিব জানে ৷ মোদীয়ে কেৱল মিছা কথা কয় বুলি তীব্ৰ ক্ষোভ ব্যক্ত কৰে বৰ্ষীয়ান অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক: ম্যাদ উকলিছে নেকি হিমন্ত বিশ্ব শৰ্মাই কৰা ৰাজনীতিৰ ? ড৹ শৰ্মা থাকিলে বিজেপি নাথাকিব বুলি কোনে ক’লে ? - Assam politics

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ লুটিবাগৰ মাৰা ৰাজনীতিক আখ্যা দিয়ে । প্ৰসংগক্ৰমে তেওঁ আলফা আৰু মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে । কংগ্ৰেছত সোমাই হিমন্ত বিশ্ব শৰ্মাই লেং মৰা ৰাজনীতি কৰিলে বুলি কটাক্ষ কৰি তেওঁ হিমন্ত বিশ্ব শৰ্মাক অসৎ ব্যক্তি আখ্যা দিয়ে । আনকি তেওঁ মুখ্যমন্ত্ৰীক দুৰ্নীতিগ্ৰস্ত আৰু দুৰ্বৃত্ত আখ্যাও দিয়ে ভট্টাচাৰ্যই ।

লগতে পঢ়ক: আসুৰিক স্বৈৰতন্ত্র দূৰ নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰাখিব লাগিব: ড৹ হীৰেন গোহাঁই - Hiren Gohain slams BJP

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত তেওঁ কয় যে এইখন বিজেপিৰ একক চৰকাৰ নহয় । গতিকে যিকোনো সময়ত চৰকাৰখন অসুবিধাত পৰিব পাৰে । আজি নহয় কাইলৈ এইখন চৰকাৰৰ পতন ঘটিব । তেনে অৱস্থাত ইণ্ডি মিত্ৰজোঁটৰ স্থিতি কি হ'ব তাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে । তেওঁ ইণ্ডিয়া মিত্ৰজোঁটক মানুহৰ মাজলৈ যোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে ভাৰতীয় অস্তিত্ব বজাই ৰাখিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে আজি গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ভাৰত জোড়ো অভিযান অসম, অসম নাগৰিক সমাজ আৰু নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিয়ে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিল । অনুষ্ঠানটোত প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, হাফিজ ৰচিদ চৌধুৰী, মীৰা বৰঠাকুৰ গোস্বামী আৰু লুৰীণজ্যোতি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত অনুষ্ঠানৰ শেষত কুলদা কুমাৰ ভট্টাচাৰ্যই ভাষণ আগবঢ়াই নিজৰ ক্ষোভ ব্যক্ত কৰে ।

লগতে পঢ়ক: একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা - Opposition unity forum Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.