ETV Bharat / state

জটিল হৈয়ে আছে কৃত্ৰিম বানৰ সমস্যা : ধোঁৱাচাঙত মিছন ফ্লাড ফ্রী গুৱাহাটী - Guwahati Artificial flood - GUWAHATI ARTIFICIAL FLOOD

Guwahati Flood Crisis : গুৱাহাটীত বছৰি নলা-নর্দমা নির্মাণ, জলাশয় পৰিষ্কাৰ কৰাৰ পৰা বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰি অহা হৈছে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ সঠিক বিজ্ঞানসন্মত দীৰ্ঘম্যাদী পৰিকল্পনা অভাৱৰ বাবে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা জটিল হৈয়ে আছে ৷

ARTIFICIAL FLOOD IN GUWAHATI
জটিল হৈয়ে আছে কৃত্ৰিম বানৰ সমস্যা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 9:47 PM IST

গুৱাহাটী, 6 জুলাই : গুৱাহাটী মহানগৰীক কৃত্ৰিম বানমুক্ত কৰাৰ নামত বৰ্তমানৰ চৰকাৰখনে বহুল প্ৰচাৰ কৰা 'মিছন ফ্লাড ফ্ৰী গুৱাহাটী'ৰ অধীনত বিগত দুই-তিনি বছৰত বিভিন্ন বিভাগৰ জৰিয়তে প্ৰায় এশ কোটি টকাৰো অধিক ব্যয় কৰাৰ লগতে শকত পৰিমাণৰ পুঁজি ধাৰ্য কৰি ৰাখিছে ৷ এই অভিযানৰ অধীনত বশিষ্ঠ, মৰা ভৰলু আৰু লখিমীজানৰ বোকা আঁতৰোৱাৰ কামৰ দায়িত্ব দিয়া হৈছিল ৷ গুৱাহাটীত বছৰি নলা-নর্দমা নির্মাণ, জলাশয় পৰিষ্কাৰ কৰাৰ পৰা বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰি অহা হৈছে যদিও এই সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে ৷

ফুটুকাৰ ফেনত পৰিণত মিছন ফ্লাড ফ্রী গুৱাহাটী (ETV BHARAT ASSAM)

ইফালে গুৱাহাটীক বানমুক্ত কৰাৰ নামত শিলসাঁকো বিলত সাধাৰণ লোকৰ ঘৰ ভাঙি আইন বলৱৎ কৰা চৰকাৰখনৰ বানমুক্ত গুৱাহাটীৰ আঁচনিৰ ভেঁকোভাওনা মহানগৰীত বৃহস্পতিবাৰে নিশা হোৱা অভাৱনীয় বানে কার্যতঃ উদঙাই দেখুৱালে ৷ এই সন্দৰ্ভত ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সাধাৰণ সম্পাদক তথা অভিযন্তা কৈলাশ শৰ্মাই কয় যে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ আৰু আমোলাসকলৰ সদিচ্ছাৰ প্ৰয়োজন ৷ বিজ্ঞানসন্মতভাৱে দীৰ্ঘম্যাদী পৰিকল্পনা লৈ গুৱাহাটীৰ বান সমস্যাৰ স্থায়ী সমাধান কৰা সম্ভৱ ৷ কিন্তু এইক্ষেত্ৰত গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ তত্বাৱধানত সকলো বিভাগকলৈ এখন শক্তিশালী কমিটি‌ গঠন‌ কৰিব লাগিব ৷ এই কমিটিৰ নেতৃত্ব দিব লাগিব গুৱাহাটীৰ বান বিশেষজ্ঞসকলে ৷

উল্লেখ্য যে বৰ্তমানৰ চৰকাৰে ৰূপায়ণ আৰম্ভ কৰা 'মিছন ফ্লাড ফ্ৰী গুৱাহাটী'ৰ কাম-কাজৰ তদাৰক কৰাৰ বাবে ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসম্পদ, শক্তি আৰু লোকনিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম (জি এম চি), গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষ (জি এম ডি এ), ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ভাৰতীয় তেল নিগম, উত্তৰ-পূব সীমান্ত ৰে’লৱেক জড়িত কৰি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছিল ৷ তাৰ পাচত 2024 চনৰ জানুৱাৰীত মন্ত্ৰী অশোক সিংহলৰ বিভাগ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমাৰ আয়ুক্ত সচিবৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয় ৷ এই সমিতিক অভিযানৰ সামগ্ৰিক তদাৰকৰ দায়িত্ব দিয়া হয় ৷ এই সমিতিতো পূৰ্বৰ সমিতিৰ বিভাগ আৰু সংস্থাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে ৷ কিন্তু সঠিক বিজ্ঞানসন্মত দীৰ্ঘম্যাদী পৰিকল্পনা অভাৱৰ বাবে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা জটিল হৈয়ে আছে ৷

লগতে পঢ়ক : উদ্ধাৰ হ’ল নিখোজ অবিনাশৰ ছেণ্ডেলযোৰ; নলাই নলাই সন্তানক বিচাৰি হাবাথুৰি দুৰ্ভগীয়া পিতৃৰ - Minor Boy Swept Away in Drain

এই সন্দৰ্ভত মহানগৰ উন্নয়ন সমিতিৰ বিষয়ববীয়া তথা অভিযন্তা সুবোধ শৰ্মাই কয় যে গুৱাহাটীৰ বান সমস্যাৰ বাবে সামগ্ৰিক প্ৰচেষ্টাৰ প্ৰয়োজন ৷ প্ৰথমতে গুৱাহাটীত বৰ্তমান থকা জলাশয়সমূহ সংৰক্ষণ কৰি বৰষুণৰ পানী তাত বিজ্ঞানসন্মতভাৱে জমা কৰাৰ ব্যৱস্থা কৰিব লাগিব ৷ গুৱাহাটীৰ মাজেৰে যোৱা ৰে’ল আলিৰ দুয়োপাৰে থকা নলা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি বৰষুণৰ পানী ব্ৰহ্মপুত্ৰত পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব ৷ পাহাৰৰ মাটি খহা বন্ধ কৰিব লাগিব ৷ লগতে পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানী বিজ্ঞানসন্মতভাৱে শোধনৰ‌‌ ব্যৱস্থা কৰিব লাগিব ৷ এইক্ষেত্ৰত দীৰ্ঘম্যাদী আৰু বিজ্ঞানসন্মত পৰিকল্পনাৰ প্ৰয়োজন ৷

উল্লেখ্য যে চৰকাৰী তথ্য মতে, 2022 আৰু বিয়াগোম জলসম্পদ বিভাগক 2022-23 চনতো বোন্দাজানক আৱৰ্জনা মুক্ত কৰা আৰু ভৰলু, মৰাভৰলু আৰু বোন্দাজানত পানী সিঁচা যন্ত্ৰৰ স্থাপন আৰু চোৱা-চিতাৰ দায়িত্ব দিয়া হৈছিল ৷ 'মিছন ফ্লাড ফ্ৰী গুৱাহাটী'ৰ অধীনত 2024 চনতো জলসম্পদক এই কামৰ দায়িত্ব দিয়া হৈছে ৷ লগতে ৰুক্মিণীগাঁৱত বাহিনী নৈত শ্লুইচ গেট আৰু পানী সিঁচা মেচিন স্থাপন আৰু বৰছলাত শ্লুইচ গেট নিৰ্মাণৰ দায়িত্ব বিভাগটোক দিয়া হৈছে ৷ লোকনির্মাণ বিভাগক বানমুক্ত গুৱাহাটীৰ অধীনত 10 টা বিশাল নৰ্দমা নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল ৷ ইয়াৰে নেহৰু ষ্টেডিয়ামৰ ওচৰৰ পৰা বৰুৱা পথৰ কাষেৰে উলুবাৰীলৈ নিৰ্মাণ কৰা নৰ্দমাটো বাৰিষাৰ পূৰ্বে সমাপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছিল যদিও সেই কাম এশ শতাংশ সম্পূৰ্ণ হৈ নুঠিল ৷

লগতে পঢ়ক : গুৱাহাটীৰ কৃত্রিম বান পৰিস্থিতিকলৈ আজি দিছপুৰত মুখ্যমন্ত্রীৰ জৰুৰী বৈঠক - Assam CM on flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.