ETV Bharat / state

গোলাঘাটত পোহৰলৈ আহিছে সুদখোৰে ভাবুকিৰে হোটেল দখলৰ কাহিনী

Money lender arrested in Assam: শুকুৰবাৰৰ নিশা গোলাঘাটৰ বিভিন্ন স্থানত আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে অভিযান চলায় ৷ এগৰাকী যুৱতীসহ ন জনকৈ সুদখোৰক গ্ৰেপ্তাৰ। অভিযুক্ত সুদখোৰ দাৰুল ইছলামৰ বাসগৃহৰ পৰা ব্লেংক চেক, দলিল, সুদত টকা দিয়াৰ চুক্তিপত্ৰ জব্দ ।

Money lender harassment
সুদখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 7:13 PM IST

সুদখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

গোলাঘাট, ১৭ মাৰ্চ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে আৰক্ষী প্ৰশাসনক সুদখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পিচতেই সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে এই অভিযান ৷ শুকুৰবাৰে নিশা গোলাঘাটৰ বিভিন্ন স্থানত আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী যুৱতীসহ ৯ জনকৈ সুদখোৰক গ্ৰেপ্তাৰ কৰে ৷ এইকেইটাৰ মাজত আছে কুখ্য়াত সুদখোৰ দাৰুল ইছলাম ।

সুদখোৰ দাৰুল ইছলামে ১৫ বছৰৰ পূৰ্বেই মেলিছিল এই জালখন । ধ্যানজ্যোতি বৰা নামৰ ভুক্তভোগী যুৱক এজনৰ পিতৃৰ চিকিৎসাৰ বাবে গোলাঘাটৰ ইছলামপট্টিৰ দাৰুল ইছলামৰ পৰা লৈছিল ১০ হাজাৰ টকা ৷ তাৰ পাছতে নিতৌ ২০০ টকাকৈ সুদ সংগ্ৰহ কৰি আহিছিল দাৰুল ইছলামে । ভুক্তভোগীয়ে যদি এদিন সুদৰ টকা দিব নোৱাৰে পিচদিনা ২০০ টকাৰ ঠাইত ৪০০ টকাসহ মুঠ ৬০০ লৈ বৃদ্ধি কৰে সুদৰ টকা । ভুক্তভোগীৰ পিতৃৰ চিকিৎসাৰ পাছত ঘৰলৈ ঘূৰি অহাৰ আগতে সম্পূৰ্ণ ধন ভুক্তভোগীয়ে আদায় দিয়ে যদিও টকা লোৱাৰ সময়ত বিভিন্ন যিসমূহ নথি-পত্ৰত চহী কৰিছিল সেই সমূহ কৌশল কৰি নিজৰ হাতত থৈ দিয়ে সুদখোৰ দাৰুল ইছলামে ।

কিছুদিনৰ পাছত সুদখোৰ দাৰুল ইছলামে ভুক্তভোগীৰ গোলাঘাট নগৰৰ মাজমজিয়াত থকা ভাৰত ৰেষ্টুৰেন্টখন ভাড়াত দিবলৈ কোৱাত অমান্তি হয় । তাৰ পাছৰে পৰা বিভিন্ন ভয়-ভাবুকি দিয়াত অবশেষত উপায়ন্তৰ হৈ দাৰুল ইছলামক হোটেলখন দিবলৈ বাধ্য হয় । কিন্তু ইয়াতে ক্ষান্ত নাথাকি পৰৱৰ্তী সময়ত পুনৰ ভয়-ভাবুকি প্ৰদান কৰি বিভিন্ন নথি-পত্ৰত চহী কৰাই হোটেলখন নিজৰ নামত কৰি লয় । ভাৰত ৰেষ্টুৰেন্টখনৰ মালিক ধৰ্মেশ্বৰ বৰাই এই বেদনা সহিব নোৱাৰি কিছুদিনৰ পাছত শেষ নিঃশ্বাস ত্য়াগ কৰে ।

বৰ্তমান সুদখোৰ দাৰুল ইছলামক আটক কৰাৰ পিছতেই ন্যায় বিচাৰি গোলাঘাট সদৰ থানাত উপস্থিত হ'ল ধৰ্মেশ্বৰ বৰাৰ পুত্ৰ ধ্যানজ্যোতি বৰা ৷ ভুক্তভোগী ধ্যানজ্যোতিয়ে এতিয়া মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা তথা জিলা প্ৰশাসনলৈ অনুৰোধ জনাইছে যাতে তেওঁলোকৰ লগত হোৱা অন্যায়ৰ সুবিচাৰ লাভ কৰিব পাৰে ৷ আনহাতে, ভয়-ভাবুকিৰে গোলাঘাটৰ মাজমজিয়াত থকা এখন হোটেল সুদখোৰ দাৰুল ইছলামে লোৱাৰ ১৫ বছৰৰ পিছত পুত্ৰই ন্যায় বিচাৰি এতিয়া আৰক্ষীৰ পৰা বিচাৰিছে সহায় ৷ উল্লেখ্য় যে দাৰুল ইছলাম নামৰ এইজন সুদখোৰে গোলাঘাটত এজন দুজন নহয় বহু পৰিয়ালৰ জীৱন ধ্বংস কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰি আহিছে । এতিয়া আৰক্ষীৰ প্ৰকৃত তদন্তৰ পাছতে পোহৰলৈ আহিব সকলো কথা ।

লগতে পঢ়ক:সুদখোৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান; 9 সুদখোৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.