গোলাঘাট, 17 ফেব্ৰুৱাৰী : 2004 চনত প্ৰায় 14 হাজাৰ সদস্যৰে সংগঠিত হোৱা সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সদস্য সকলৰ সংস্থাপন আৰু অসমৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ বাবে বিভিন্ন সময়ত কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও বৰ্তমানলৈকে চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ ইয়াৰ উপৰিও শেহতীয়াকৈ কেন্দ্ৰীয় নেতৃত্বৰ একাংশ মূলসুঁতিলৈ ঘূৰি অহাত প্ৰাক্তন আলফা সদস্য সকলৰ সমস্যা সমাধানৰ আশা কৰা হৈছিল যদিও তেওঁলোকৰ সমস্যা সমূহক লৈ কেন্দ্ৰীয় নেতৃত্বই কোনো গুৰুত্ব আৰোপ কৰা নাই ৷ অসমৰ প্ৰায় 14 হাজাৰ প্ৰাক্তন আলফা সদস্যই বহু ত্যাগ স্বীকাৰ কৰিছিল যদিও কেন্দ্ৰীয় নেতৃত্বই এই সকল সদস্যক যেনেদৰে সন্মান জনাব লাগে তেনেদৰে সন্মান প্ৰদান কৰা পৰিলক্ষিত নহ'ল ৷ আজি এক সংবাদ মেলত এই কথা সদৰী কৰে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়াই ৷
- " class="align-text-top noRightClick twitterSection" data="">
আজি গোলাঘাটত এক সংবাদমেল সম্বোধন কৰি তীব্ৰ ভোক্ষ উজাৰে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়াই ৷ তেখেত সকলে কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগত হৈ যোৱা চুক্তিত প্ৰাক্তন আলফা সদস্য সকলৰ বাবে কিবা আছে বুলি বিশ্বাস হোৱা নাই ৷ যদি আছে তেনেহ’লে অতি সোনকালে কেন্দ্ৰীয় নেতৃত্বক ৰাজহুৱা কৰিবলৈ তেওঁলোকে আহ্বান জনায় ৷ তেওঁলোকে কয় যে, এটা সময়ত অসমৰ বৌদ্ধিক মহলে এই সকলক মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক মূল সুঁতিলৈ ঘূৰি আহিল ৷ আলফাত ত্যাগ স্বীকাৰ কৰা প্ৰায় 14 হাজাৰ প্ৰাক্তন আলফা সদস্যই বৰ্তমানলৈকে কোনোধৰণৰ চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ উপৰিও প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ চৰকাৰৰ দিনত বিধানসভাৰ মজিয়াত প্ৰাক্তন আলফা সদস্য সকলৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল যদিও আজিলৈকে এই গোচৰ প্ৰত্যাহাৰ কৰা হোৱা নাই বুলি কয় তেওঁলোকে ৷
উল্লেখ্য যে, সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ গোলাঘাট জিলাৰ এখন প্ৰতিনিধি সভা আজি অনুষ্ঠিত হয় ৷ এই প্ৰতিনিধি সভাত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ গোলাঘাট জিলাৰ পূৰ্ণাংগ সমিতি গঠন কৰা হয় ৷ সেই মৰ্মে শৈলেন্দ্ৰ গোহাঁইক সভাপতি, গনেশ পেগু আৰু ৰাতুল শইকীয়াক সম্পাদক হিচাপে লৈ 31 জনীয়া গোলাঘাট জিলা সমিতি গঠন কৰা হয় ৷ আজিৰ এই অনুষ্ঠানত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় সভাপতি মিনাৰাম গগৈ, সম্পাদক ৰমেন ডেকা, কাৰ্যকৰী সভাপতি ৰমেন বৰুৱা , উপ সভাপতি অমৰ সিং, সাংগঠনিক সম্পাদক ধ্ৰুবজ্যোতি কলিতা আৰু অমৃত বল্লভ গোস্বামী, প্ৰচাৰ সম্পাদক মৃদুল বৰা আদি ভালেসংখ্যক প্ৰাক্তন আলফা সদস্য উপস্থিত থাকে ৷
লগতে পঢ়ক : ৫ বছৰীয়া কাৰ্যকালৰ ৰিপ'ৰ্ট কাৰ্ড দিয়া মই অসমৰ প্ৰথম সাংসদ: প্ৰদ্যুৎ বৰদলৈ