ETV Bharat / state

'26 ৰ পিছত বশিষ্ঠৰ বিজেপিৰ কাৰ্যালয় বিবাহ ভৱনলৈ পৰ্যবসিত হ’ব: অখিল গগৈ - PRESS MEET OF AKHIL GOGOI - PRESS MEET OF AKHIL GOGOI

MLA Akhil Gogoi: "আমি ধান ৰুইছো একেলগে, ভাত বনাইছো কিন্তু ভাত অকলে কংগ্ৰেছে খালে নহ’ব ৷ আমি সাগৰ মন্থন কৰি কেৱল এটা দলক অমৃত খাবলৈ দি বাকী দলসমূহক বিহ দিলে নহ’ব"- সংবাদমেলত এই মন্তব্য অখিল গগৈৰ ৷ চাওক বিতং খবৰ...

PRESS MEET OF AKHIL GOGOI
উপ নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 10:45 PM IST

গুৱাহাটী, ২২ জুলাই: আগন্তুক উপ নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চক সন্মিলিতভাৱে 5 টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷ গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপ নিৰ্বাচনৰ সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তাৱৰ পিছত এক সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে উপ নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ বিষয়ে অৱগত কৰে ৷

অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)

সেই অনুসৰি, বিৰোধী ঐক্যমঞ্চই 5 টা সমষ্টিৰ ভিতৰত 3 টা কংগ্ৰেছ, এটা আঞ্চলিক দল, এটা বামপন্থী দলক দিয়াৰ প্ৰস্তাৱ আগবঢ়ায় ৷ তাৰ ভিতৰত বঙাইগাঁও সমষ্টি আঞ্চলিক দলক, বিহালী সমষ্টি বামপন্থী দলক দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰি বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰা আৰু সম্পাদক লুৰীণজ্যোতি গগৈলৈ প্ৰেৰণ কৰা হয় প্ৰস্তাৱ ৷

লগতে পঢ়ক: একত্ৰিত হ’ব ৰাইজৰ দল-অসম জাতীয় পৰিষদ ! ৰাইজৰ দলৰ আনুষ্ঠানিক প্ৰস্তাৱ - Akhil Gogoi on Marging Proposal

আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছ দলে এককভাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱাৰ প্ৰসংগত বিধায়ক অখিল গগৈয়ে কয় যে, "আমি ধান ৰুইছো একেলগে, ভাত বনাইছো কিন্তু ভাত অকলে কংগ্ৰেছে খালে নহ’ব ৷ আমি সাগৰ মন্থন কৰি কেৱল এটা দলক অমৃত খাবলৈ দি বাকী দলসমূহক বিহ দিলে নহ’ব ৷"

2024 চনৰ লোকসভা নিৰ্বাচনে বিজেপি আৰু আৰ এছ এছক কিছু পৰিমাণে দুৰ্বল কৰিছে, কিন্তু শেষ হৈ যোৱা নাই ৷ আৰ এছ এছ আৰু বিজেপি চৰকাৰখন বিপদত পৰিলেই জৰুৰীকালীন পৰিবেশৰ সৃষ্টি কৰিব পাৰে৷ বিপৰীতে কংগ্ৰেছ অতি অত্যুৎসাহী হ’লে ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলিও গগৈয়ে কয় ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora

অৱশ্যে আগন্তুক উপ নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চক সন্মিলিতভাৱে 5 টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ আহ্বান জনাই অখিল গগৈয়ে '26 ৰ পিছত বশিষ্ঠৰ বিজেপিৰ কাৰ্যালয় বিবাহ ভৱনলৈ পৰ্যবসিত হ’ব বুলিও গেৰুৱা দলটোক কটাক্ষ কৰে ৷ বিধায়ক গগৈয়ে পুনৰ কয় যে, "21 ত কেৱল এখন আসন আঞ্চলিক দলক এৰি দি বাকী কাকো এৰি দিয়া নাছিল কংগ্ৰেছে ৷ আমি চিপিএমক বিহালী, বঙাইগাঁৱক ৰাইজৰ দলক এৰি দিয়াৰ প্ৰস্তাৱ দিছিলো ৷ তাৰোপৰি লোকসভা নিৰ্বাচনত আমি যোৰহাট বিচাৰিছিলো, কিন্তু আমি কংগ্ৰেছৰ মতি-গতি দেখি গম পাইছিলো যে তেওঁলোকে যোৰহাট এৰি নিদিয়ে ৷ কিন্তু বিৰোধী ঐক্য ভাঙি যোৱাৰ স্বাৰ্থত আমি ত্যাগ কৰিছিলো ৷ গতিকে এইবাৰ আমি উপ নিৰ্বাচনত এখন আসন বিচাৰিছো" ৷

লগতে পঢ়ক: উপ-নিৰ্বাচন : পাঁচটাৰ তিনিটাত অকলে যুঁজিব বিজেপিয়ে - CM on By election

অহংকাৰ কৰিলে পতন অনিবাৰ্য : বিৰোধীক ঐক্যবদ্ধ হৈ থকাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ - AJP LEADER LURINJYOTI GOGOI

বিজেপিক পৰাভূত কৰিবলৈ ঐক্যবদ্ধতাৰ বিকল্প নাই : লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.