ETV Bharat / state

৪০০ বছৰীয়া ৰাজ পৰিয়ালৰ পৰম্পৰাৰে দুৰ্গা পূজা - GAURIPUR ROYAL FAMILY DURGA PUJA - GAURIPUR ROYAL FAMILY DURGA PUJA

Royal Family Durga Puja: এসময়ত দেৱী দুৰ্গাৰ সন্মুখত এক লাখ বলি দিয়াৰ পৰম্পৰা আছিল । অসমৰ ক'ত আছে এই মন্দিৰটো ?

Durga Puja of Royal Family of Gauripur
গৌৰীপুৰৰ ৰাজপৰিয়ালৰ দুৰ্গা পূজা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2024, 5:10 PM IST

ধুবুৰী, ৪ অক্টোবৰ: গৌৰীপুৰৰ ৰাজপৰিয়ালৰ দুৰ্গা পূজাৰ আছে এক বিশেষ আকৰ্ষণ । ৪০০ বছৰীয়া এই ৰাজপৰিয়ালৰ দুৰ্গা পূজাৰ আঁৰত আছে বহুতো ঘটনা । অলৌকিক ঘটনাৰ সাক্ষী গৌৰীপুৰৰ এই পূজাত আজিও পৰম্পৰা অনুসৰিয়েই দেৱীক প্ৰতিষ্ঠা কৰা হয় । এবিধ বিশেষ গছৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী মূৰ্তি নিৰ্মাণত ব্য়ৱহাৰ কৰাৰ পৰম্পৰা আজিও অব্য়াহত ।

মহামায়া মন্দিৰত দুৰ্গোৎসৱৰ প্ৰস্তুতি

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী । ৰাজ্য়ৰ আন ঠাইৰ লগতে গৌৰীপুৰৰ মা মহামায়া মন্দিৰতো দুৰ্গা পূজাৰ প্ৰস্তুতি চলোৱা হৈছে । আধ্যাত্মিকভাৱে পূজা উদযাপন কৰাৰ বাবে ইতিমধ্য়ে এখন কমিটী গঠন কৰা হৈছে । ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু ৰাজ পৰিয়ালৰ সদস্যসকল আছে এই কমিটীত । পূজাৰ কাম-কাজ তদাৰকৰ দায়িত্বত আছে প্ৰৱীৰ বৰুৱা ।

গৌৰীপুৰৰ ৰাজপৰিয়ালৰ দুৰ্গা পূজা (ETV Bharat Assam)

৩ লাখ টকাৰ বাজেট

ৰাজ পৰিয়ালৰ পূৰ্বৰ নীতি অনুসৰি আয়োজিত এই পূজাখনৰ বাবে এইবাৰ ৩ লাখ টকাৰ বাজেট নিৰ্ধাৰিত কৰা হৈছে । মণ্ডপৰ পৰা আৰম্ভ কৰি সকলোখিনি কামৰেই তদাৰক কৰি আছে এইগৰাকী ৰাজ পৰিয়ালৰ সদস্য়ই । এই ৰাজ পৰিয়ালৰ পূজাত এক লাখ বলিৰ প্ৰথা আছিল ।

৪০০ বছৰ পূৰ্বে মা মহামায়া মন্দিৰৰ সুন্মুখত ম'হ, ছাগলী, চৰাই, হাঁহ, কাছ, কোমোৰা আদি এক লাখ বলি দিছিল যদিও বৰ্তমান পূৰ্বৰ দৰে ইমান সংখ্য়ক বলি আগবঢ়োৱা নহয় । এতিয়া ছাগলী, হাঁহ, কোমোৰাহে বলি দিয়া হয় ।

পৰম্পৰা অব্য়াহত থাকিব

এই প্ৰসংগত প্ৰখ্যাত হস্তী বিশেষজ্ঞ প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ পুত্ৰ প্ৰৱীৰ বৰুৱাই কয়," আজিকালি পূজা উৎসৱত পৰিণতি হৈছে । সচেতন নাগৰিকে চিন্তা কৰাৰ অতি প্ৰয়োজন হৈছে । নীতি-নিয়ম আধ্যাত্মিকতাৰ প্ৰতি কোনো গুৰুত্ব নাই । বহু পূজা কমিটীয়ে কেৱল এটা উৎসৱত পৰিণত কৰিছে দুৰ্গা পূজাক । কিন্তু ৰাজপৰিয়ালৰ পূজা-পাতলত কেতিয়াও সাজসজ্জাত গুৰুত্ব দিয়া হোৱা নাছিল আৰু দিয়া নহ'ব । পূৰ্বৰ নীতি-নিয়ম অনুসৰি ৰাজ পৰিয়ালৰ পূজা উদযাপন কৰা হ'ব ।"

এইবাৰো পূজাৰ পৰম্পৰা অব্য়াহত থাকিব

১৬২০ত কবি শেখৰ বৰুৱা নামৰ মহান ব্যক্তিগৰাকীয়ে ৰঙামাটি হৈ বৈ যোৱা ব্ৰহ্মপুত্ৰৰ কাষত ধ্যান আৰু পূজা অৰ্চনা কৰাৰ সময়ত মা মহামায়া দেৱীৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছিল । তেতিয়াই মা মহামায়া দেৱীয়ে কবি শেখৰ বৰুৱাক কৈছিল," আপুনি মোৰ ভক্ত আৰু নিষ্ঠাৰে নীতি-নিয়ম মানি ব্ৰহ্মপুৱাতে পূজা অৰ্চনা কৰে । সেয়ে আপোনাৰ সন্মুখত দেখা দিছো আৰু মই আপোনাৰ সপ্তম পুৰুষলৈকে থাকিম যদিহে আপোনাৰ অহা প্ৰজন্মই আপোনাৰ দৰে নিষ্ঠা আৰু নীতি-নিয়মেৰে পূজা পালন কৰিব পাৰে ।"

প্ৰৱীৰ বৰুৱাই পুনৰ কয়," জমিদাৰ কবি শেখৰ বৰুৱাই দেৱীক দৰ্শন লাভ কৰাৰ পাছত তেওঁ 'ৰজা' উপাধি লাভ কৰে আৰু ৰঙামাটিৰ ৰজাৰ দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰে । সেই সময়ৰ পৰা ৰজা কবি শেখৰ বৰুৱাই নিয়ম নীতি অনুসৰি পূজা অৰ্চনা কৰি আহিছিল আৰু ১৮৫০ চনত পানীৰ অভাৱত ৰাজধানী ৰঙামাটিৰ পৰা স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।"

গৌৰীপুৰ ৰাজধানী কাৰ আমোলত হৈছিল ?

১৮৫০ত প্ৰতাপ চন্দ্ৰ বৰুৱা চিকাৰ কৰিবলৈ ৰঙামাটিৰ পৰা আহি গৌৰীপুৰত উপস্থিত হয় । গৌৰীপুৰত উপস্থিত হৈ তেওঁ এক অলৌকিক দৃশ্য প্ৰত্য়ক্ষ কৰে । সেই বিশেষ দিনটোত প্রতাপ চন্দ্ৰ বৰুৱাৰ সন্মুখত ভেকুলীয়ে সাপ ভক্ষণ কৰা প্ৰত্য়ক্ষ কৰে । সেই মুহূৰ্তত প্ৰতাপ চন্দ্ৰ বৰুৱাই চিন্তা কৰিলে যে সাপে ভেকুলী ভক্ষণ কৰে, কিন্তু আজি ভেকুলীয়ে সাপক ভক্ষণ কৰি আছে । সেই স্থানত মা মহামায়া তেতিয়াৰ কুলদেৱী আছিল বাবে মা মহামায়া দেৱীৰ মন্দিৰ গৌৰীপুৰত নিৰ্মাণ কৰিছিল । তেতিয়াৰে পৰা আজি পৰ্যন্ত একেদৰে নীতি-নিয়ম অনুসৰি দুৰ্গা পূজা অনুষ্ঠিত কৰি আছে ।

কুঁহিলা শিল্প আৰু মা মহামায়াৰ পূজাৰ মূৰ্তি

কুঁহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প । কুঁহিলা পথাৰৰ পানীৰ তল যোৱা ঠাইত হোৱা এবিধ গছ । কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল । ইয়াৰ দ্বাৰা কঠ,পুতলা মুখা,মূৰ্তি ইত্যাদি তৈয়াৰ কৰা হয় । অসম আৰু পশ্চিম বংগৰ কিছু অঞ্চলত এই কুঁহিলা ব্যৱহাৰ কৰি অতীজৰে পৰা শিল্প চৰ্চা কৰি অহা হৈছে । এই শিল্প ঘাইকৈ অবিভক্ত গোৱালপাৰা জিলাত দেখা পোৱা গৈছিল ।

পূৰ্বৰে পৰা ৰজা কবি শেখৰে পূজাৰ মূৰ্তি কুঁহিলাৰ দ্বাৰা প্ৰস্তুত কৰিছিল আৰু এগৰাকী কুঁহিলা শিল্পীক মা মহামায়া মন্দিৰৰ চৌহদত স্থান দিছিল । এই শিল্পীগৰাকীৰ পিছৰ প্ৰজন্ম কুঁহিলাৰ লগতে জড়িত আছিল আৰু বৰ্তমানেও গৌৰীপুৰ মা মহামায়া মন্দিৰৰ চৌহদত কৰেণ মালাকাৰ নামৰ শিল্পীগৰাকীয়ে কুঁহিলাৰে মূৰ্তি প্ৰস্তুত কৰাৰ কাম অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:অৰ্ধশতাধিক ম’হ বলিৰে অনুষ্ঠিত হ’ব ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা - Durga Puja 2024

চিত্ৰশিল্পীৰ ৰং-তুলিকাৰে অংকন মা দুর্গাৰ ভিন্ন দৃশ্য - Mahalaya 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.