ETV Bharat / state

কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰক শুভেচ্ছা প্ৰদান বৰুৱাৰ - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

LOK Sabha election 2024 : লখিমপুৰ সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক শুভেচ্ছা জনালে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই । বৰুৱাই প্ৰচাৰ আকাংক্ষা নকৰে বুলি উল্লেখ কৰাৰ লগতে সকলোকে লক্ষ্মণৰেখা অতিক্রম নকৰিবলৈ আহ্বান জনায় ।

LOK SABHA ELECTION 2024
কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰক শুভেচ্ছা প্ৰদান বৰুৱাৰ
author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 10:56 PM IST

কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰক শুভেচ্ছা প্ৰদান বৰুৱাৰ

লখিমপুৰ, ২৮ মাৰ্চ : সন্মুখত নিৰ্বাচন । অন্ত পৰিল মনোনয়ন দাখিল আৰু পৰীক্ষণ পৰ্ব । নিৰ্বাচনী যুজলৈ সাজু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল । কেনেকৈ প্ৰতিপক্ষক ধৰাশায়ী কৰি নিৰ্বাচনী যুজত বিজয়মাল্য ধাৰণ কৰিব পাৰে তাৰ ৰণকৌশল তৈয়াৰত ব্যস্ত প্ৰাৰ্থীসকল । এনে নিৰ্বাচনী বাতাবৰণত বাক যুদ্ধও লক্ষ্যণীয় হৈ উঠিছে।

  • " class="align-text-top noRightClick twitterSection" data="">

পৰস্পৰে পৰস্পৰৰ প্ৰতি নিক্ষেপ কৰিছে বাক্যবাণ। পিচে এই ক্ষেত্ৰত ব্যতিক্রম দেখা গ’ল ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক । তেওঁ সমষ্টিটোৰ প্ৰধান বিৰোধী দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক বাক্য বাণেৰে আক্রমণ কৰাৰ সলনি শুভেচ্ছাহে জ্ঞাপন কৰে প্ৰদান বৰুৱাক ।

বিৰোধী হ’লেও বৃহস্পতিবাৰে লখিমপুৰৰ ঘূণাসুঁতিত এখন সভাৰ পৰা প্ৰদান বৰুৱাই কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ প্ৰচাৰ আকাংক্ষা নকৰে বুলি উল্লেখ কৰাৰ লগতে সকলোকে লক্ষ্মণৰেখা অতিক্রম নকৰিবলৈ আহ্বান জনায় ।

বৃহস্পতিবাৰে প্ৰদান বৰুৱাই লখিমপুৰ জিলাৰ ঘূণাসুঁতি কপাক চাপৰি স্বৰ্গীয় সনাতন মিলি সোঁৱৰণী মঞ্চত মিচিং মিমাগ কেবাঙৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এদিনীয়া কাৰ্যসূচীত অংশগ্রহণ কৰে ৷ এই দিৱস উদযাপন কৰে MMK ৰ লখিমপুৰ জিলা সমিতিয়ে।

সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগই প্ৰভাৱ নেপেলাই । নৰহ দম্পতী কংগ্ৰেছ এৰি কোন দললৈ যাব সেইয়া তেওঁলোকৰ বিষয়, বিজেপিয়ে আদৰি লয় নে নলয় সেইয়া নিৰুপণ কৰিব হাই কামাণ্ডে । কিন্তু আগন্তুক সময়ত কংগ্ৰেছ দল বুলিবলৈ অসমত একো নাথাকিব ।

ইফালে ভাৰতীয় জনতা পাৰ্টীৰ পাৰ্থী প্ৰদান বৰুৱাই কয় যে, সংবাদমাধ্যমত তেওঁ ওলাই থকাটো নিবিচাৰে, তেওঁ বিচাৰে ৰাইজৰ উন্নয়ন । উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিব বিজেপিক।

লগতে পঢ়ক: বিৰোধী শূণ্য হোৱাৰ দিশে নলবাৰীৰ বৰক্ষেত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.