ETV Bharat / state

নিকৰি-ধনশিৰি সংযোগী পথে জলা-কলা খুৱাইছে এটা অঞ্চলৰ ৰাইজক - Poor Road Condition in Golaghat

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 7:00 PM IST

Dilapidated road in Golaghat: ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ এটা পথ । পথ নে বাৰিষা কঁঠীয়া ৰুবলৈ হালবোৱা পথাৰ ধৰিবই নোৱাৰি । অসমমালাকে আদি কৰি পথৰ উন্নয়নৰ বাবে বহু আঁচনি ৰূপায়ণ কৰা এইখন চৰকাৰৰ দিনত নিকৰি-ধনশিৰি সংযোগী পথছোৱা দেখিলে চকু কঁপালত উঠিব আপোনাৰো ।

Poor road condition in Golaghat, people demand construction of the local road
পথৰ দুৰৱস্থা (ETV Bharat Assam)

গোলাঘাট,২৫ জুন: উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ নিকৰি-ধনশিৰি সংযোগী পথছোৱাই । ঠিকাদাৰৰ চৰম হেমাহিৰ বাবেই এতিয়া নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ দিচৈ অঞ্চলৰ ৰাইজে । নিৰ্মাণৰ অভাৱত জহি-খহি বিধ্বস্ত হৈ পৰিছে নিকৰি-ধনশিৰি সংযোগী মূল পথছোৱা ।

পথৰ দুৰৱস্থা (ETV Bharat Assam)

লোকনিৰ্মাণ বিভাগৰ গুৰুত্বহীনতাত ৰাইজৰ দুৰ্ভোগ । এইক্ষেত্ৰত মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দিচৈবাসী ৰাইজে । অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ বোকাখাত শাখাৰ চৰম হেমাহি আৰু নিৰ্লিপ্ততাৰ বাবে দিচৈ গাঁও পঞ্চায়তৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভুগিব লগা হৈছে চৰম দুৰ্ভোগ ৷ হাজাৰৰো অধিক ভোটাৰ থকা অঞ্চলটোৰ যাতায়তৰ মূল পথ নিকৰি-ধনশিৰি সংযোগী পথটো বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰাৰ পাচত পথছোৱা নিৰ্মাণৰ কাম বোকাখাতৰ এজন ঠিকাদাৰে নিবিদা লাভ কৰিছিল ।

পিছে এতিয়া ঠিকাদাৰজনৰ পথ নিৰ্মাণৰ হেমাহিৰ বাবেই পথটোৰ মাজত পুখুৰীসদৃশ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে ৷ প্ৰতিদিনেই যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজ আৰু কণ কণ ছাত্ৰ-ছাত্ৰী তথা ৰোগী ৷ বিধবস্ত পথটোৱে দৈনিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি শ শ লোকে নৰক যাতনা ভোগ কৰি যাতায়ত কৰি আছে যদিও সমষ্টিৰ বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু অসম চৰকাৰৰ বিয়াগোম লোক নিৰ্মাণ বিভাগটোৱে গ্ৰাম্যাঞ্চলৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উথাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

একপ্ৰকাৰে এই গুৰুত্বপূৰ্ণ পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্বিকাৰ হৈ পৰিছে বোকাখাত লোক নিৰ্মাণ বিভাগ ৷ উক্ত পথটো অতি শীঘ্ৰে নিৰ্মাণৰ গুৰুত্ব আৰোপ কৰিবলৈ মন্ত্ৰী অতুল বৰাক দাবী জনাই স্থানীয় ৰাইজে ।

লগতে পঢ়ক: জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে চৰবাসীক; মেৰামতিৰ আহ্বান - Poor communication in dhubri

পৌৰসভাৰ অনুমতি নোলোৱাকৈয়ে ঠিকাদাৰে কৰিছে জল জীৱন আঁচনিৰ কাম - Poor Road Condition in Sarupathar

জৰাজীৰ্ণ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ - Poor Road in Amguri

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.