ETV Bharat / state

ভাদ মাহতো পথাৰত নাই পানী,মূৰে-কঁপালে হাত দিছে কৃষকে - Water Crisis In Paddy Field

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 4:51 PM IST

Poor irrigation scheme : বানৰ পিছত কৃষকে অতি কষ্টৰে ৰুইছিল কঠিয়া । আঘোণৰ সোণোৱালি পথাৰে হাঁহিলে কৃষকৰ মনত খেলিব আনন্দৰ ঢৌ । পিচে ভাদতেই ভাগিল এই সপোন । সেউজীয়া নহয়, ৰঙচুৱাহে হৈছে খেতিপথাৰ ।

Poor Irrigation Scheme
ভাদ মাহতো পথাৰত নাই পানী (ETV Bharat Assam)

ধেমাজি, ২ছেপ্টেম্বৰ: ভাদ মাহত চাৰিওফালে পথাৰ সেউজীয়া হৈ পৰিছে ৷ আহাৰ-শাওণত কৃষকে পথাৰত হাড়ভঙা পৰিশ্ৰম কৰাৰ অন্তত কঠিয়া ৰুঁই পথাৰ সেউজীয়া কৰি কাতি-আঘোণত প্ৰাপ্তিৰ সপোন দেখে । ভাদ-আহিনত হেঁপাহৰ খেতিডৰা সজাল ধৰি গেঁৰ ধৰাৰ সময় সমাগত ৷ পিছে এই সময়তে ভাদমহীয়া ধাৰাবাহিক প্ৰচণ্ড ৰ’দে দহিছে খেতিপথাৰ ৷ বৰষুণৰ অভাৱত ধেমাজি জিলাৰ মাছখোৱা অঞ্চলৰ কৃষকৰ শালিতলীলৈ আহিছে অশনি সংকেত ৷

পানী শুকাইছে পথাৰত :

ধেমাজিৰ মাছখোৱাৰ ক্ৰমে বেঙেনাগৰা,দেওঘৰীয়া,বৰাজান, ধিপগুৰি,বৰপাক,ফাতিয়া,কাইটং,মাছখোৱা আদি বহুতো অঞ্চলৰ পথাৰত পানী শুকাই ঘাহ-বন ওলাইছে ৷ কৃষকে নিজৰ খেতিডৰালৈ আৰু আকাশলৈ চাই স্বগতোক্তি কৰিছে-কি হ’ব ! আঘোণত ভঁৰাল নভৰিব নেকি ?

বিগত কিছুদিন ধৰি একেৰাহে প্ৰচণ্ড ৰ’দ দিয়াৰ ফলত পথাৰত ঠায়ে ঠায়ে মেলিছে চিৰাল ফাঁট । সেউজীয়া সজাল ধৰা পথাৰ ঠায়ে ঠায়ে হৈছে ৰঙচুৱা ৷ দেখাত পথাৰখন সেউজীয়া হৈ আছে যদিও মাটিত পানীৰ অভাৱত শ্ৰীবৃদ্ধি হ’ব পৰা নাই ধানৰ গা-গছ ৷ ফলত কাতি-আঘোণত ধানৰ উৎপাদন নোহোৱাত চিন্তিত হৈ পৰিছে কৃষক ৷

জলসিঞ্চন আঁচনিখনৰ পৰাও নাপাই পানী:

উল্লেখ্য় যে লাইপুলীয়া বোৱতী নদীৰ পৰা পানী তুলি খেতি পথাৰত দিয়া বৃহৎ জলসিঞ্চন ব্যৱস্থা আছে যদিও এই আঁচনিখনৰ পৰা অঞ্চলবাসীয়ে খেতিপথাৰত নাপাই এটোপালো পানী ৷ চৰকাৰৰ এই বৃহৎ জলসিঞ্চন আঁচনিখন ভালুকৰ সাঙীলৈ পৰিণত হোৱাৰ লগতে বিভাগটো ধনসিঞ্চনলৈ পৰ্যবসিত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে কৃষকে ।

এই আঁচনি স্থাপনৰ পিছত উক্ত অঞ্চলটোৰ কৃষক ৰাইজে তেওঁলোকৰ পথাৰত পানী যোগান নিয়মীয়া হ'ব বুলি আশা কৰিছিল । কিন্তু জলসিঞ্চন আঁচনি নিৰ্মাণৰ কেইবাবছৰ পিছতো কৃষকে আঁচনিখনৰ পৰা লাভ নকৰিলে পানী । যাৰ বাবে এতিয়াও বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিবলগীয়া হৈছে কৃষকসকলে ।

লগতে পঢ়ক:বানৰ পিছত মৰুভূমিসদৃশ পৰিস্থিতি অসম-নাগালেণ্ড সীমান্তৰ কৃষিভূমিত - Assam Flood 2024

সজাল ধৰা ধাননিত অচিন পোকৰ আক্ৰমণ: বছৰৰ ভাতমুঠিক লৈ চিন্তিত কৃষক - Pests destroy paddy fields

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.