ETV Bharat / state

তেজপুৰত যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক আৰক্ষীৰ গুলী - Encounter in Tezpur

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 12:02 PM IST

Updated : Aug 24, 2024, 1:58 PM IST

Encounter in Tezpur: তেজপুৰত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা দুৰ্বৃত্তক এনকাউণ্টাৰ ৷ আৰক্ষীৰ গুলীত আহত মিৰাজ আলী নামৰ অভিযুক্তটো ৷ আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি আৰক্ষীলৈ লক্ষ্য কৰোতে গুলীত আহত হয় মিৰাজ আলী ।

Encounter in Tezpur
তেজপুৰত যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক আৰক্ষীৰ গুলী (ETV Bharat Assam)

তেজপুৰ,২৪ আগষ্ট: আকৌ গৰজিল অসম আৰক্ষীৰ বন্দুক ৷ এইবাৰ তেজপুৰৰ ৰাজপথত দুই যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা অভিযুক্তলৈ লক্ষ্য কৰি চলিল অসম আৰক্ষীৰ বন্দুক ৷ আৰক্ষীৰ গুলীত আহত মিৰাজ আলী । নিশা আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি আৰক্ষীলৈ লক্ষ্য কৰোতে আৰক্ষীৰ গুলীত আহত হয় মিৰাজ আলী ।

ৰাজপথত যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা চলাইছিল মিৰাজ আলিয়ে:

জোৰগড়ৰৰ একুফ আলীৰ পুত্ৰ শ্বাহৰুখ হুছেইন আৰু তেজপুৰ আৰক্ষীৰ গুলীত আহত মনচুৰ আলী ওৰফে মৰলৰ পুত্ৰ মিৰাজ আলীয়ে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৪০বজাত ভ্ৰমণলৈ যোৱা এগৰাকী যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলায় ৷ খোজকাঢ়ি গৈ থকা যুৱতীগৰাকীৰ শৰীৰত হাত দি টনা-আজোৰা কৰে দুই অভিযুক্তই ৷ তেজপুৰ গোটলোঙত সন্ধিয়া সংঘটিত হয় এই ঘটনা ।

লগতে পঢ়ক: আন এক ধৰ্ষণকাণ্ড: তেজপুৰত দুই যুৱকৰ কামনাৰ বলি বিশেষভাৱে সক্ষম কিশোৰী - Rape case in Assam

স্থানীয় লোকে কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক:

ঘটনাৰ আকস্মিকতাত যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘটনা সংঘটিত কৰা স্থানীয় ৰাইজ উপস্থিত হৈ শ্বাহৰুখ হুছেইনক আটক কৰে যদিও মিৰাজ আলী পলায়ন কৰিবলৈ সক্ষম হয় ৷ স্থানীয় ৰাইজে শ্বাহৰুখক মহাভৈৰৱ আৰক্ষী চকীত গটাই দিয়ে । আনহাতে ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত থানাত এখন এজাহাৰ দাখিল কৰে ৷

নিশা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি:

ঘটনাৰ পাছত নিশা স্থানীয় একাংশ লোক আৰু বিভিন্ন দল-সংগঠনে অভিযুক্তক গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত মহাভৈৰব আৰক্ষী চকী ঘেৰাও কৰে । পৰৱৰ্তী সময়ত একাংশ লোকে আৰক্ষী চকীলৈ শিলাবর্ষণ কৰে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

ঘটনা সন্দৰ্ভত গোচৰ ৰুজু মহাভৈৰব আৰক্ষী চকীৰ:

মহাভৈৰব আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ২৪/৫০৯/৭৫(২)/৩৫১(২)/১০৯(২)/৬২/৩(৫) BNS ৰ অধীনত গোচৰ ৰুজু কৰে । ইয়াৰ পাচতেই আৰক্ষীয়ে অভিযান চলাই মিৰাজ আলীক আটক কৰি ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তে এই গুলীচালনা ঘটনা সংঘটিত হয় ৷

আৰক্ষীয়ে নিশ্চিত কৰিছে এই ঘটনা:

শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই এই গুলীচালনাৰ ঘটনা নিশ্চিত কৰে ৷ তেওঁ কয়, "অভিযুক্তই আৰক্ষী বিষয়াৰ পৰা পিষ্টল কাঢ়ি নিয়াৰ পিছতে তেওঁলৈ গুলীচালনা কৰা হয় ৷ সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আহত মিৰাজ আলী ।"

অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মাধুৰীমা দাসৰ সংবাদমেল:

এই ঘটনাৰ পাচতেই শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মাধুৰীমা দাসে এক সংবাদমেল সম্বোধন কৰি ঘটনাৰ বিষয়ে সদৰী কৰে ৷ দাসে সংবাদমেলত কয়, "অভিযুক্ত মিৰাজ আলিয়ে (২২) আৰক্ষী বিষয়াৰ পৰা পিষ্টল কাঢ়ি নিয়াৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু তেওঁক ভৰিত আঘাতপ্ৰাপ্ত হয় ৷ অভিযুক্তই গুলীচালনা কৰি আৰক্ষীৰ এখন বাহনৰ ক্ষতিসাধন কৰে ।"

দাসে লগতে কয়, "আৰক্ষীয়ে তেওঁক ততাতৈয়াকৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত নিশা উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । বৰ্তমান তেওঁ চিকিৎসাধীন আৰু সুস্থ ।

লগতে পঢ়ক: আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি - Dhing rape case

Last Updated : Aug 24, 2024, 1:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.