আমগুৰি, ১৭ জুন : শিৱসাগৰ জিলাৰ আমগুৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ । ৪০৭ ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই আনোতেই আৰক্ষীয়ে জব্দ কৰে এই ড্ৰাগছখিনি । জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই থকাৰ মাজতেই দেওবাৰে আমগুৰি নগৰৰ ৭ নং ৱাৰ্ডৰ বৰবাম গ্ৰাণ্টত জব্দ হৈছে প্ৰায় চাৰি কোটি টকা মূল্যৰ ড্ৰাগছ ।
আৰক্ষীয়ে সুশীল ভূমিজ আৰু খেমৰাজ ৰিজাল নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে এন এল ০৬ এ ৫৮৪৪ নম্বৰৰ ৪০৭ ট্ৰাকখন । মণিপুৰৰ পৰা নাগালেণ্ড আৰু যোৰহাটলৈ সৰবৰাহৰ বাবে অনা ড্ৰাগছখিনি আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত জব্দ কৰিবলৈ সক্ষম হয় । ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই অনা অৱস্থাত ৪০১ টা চাবোনৰ বাকচত ড্ৰাগছখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।
আমগুৰি আৰক্ষীয়ে আমগুৰি মহাবিদ্যালয়ৰ সমীপৰ মণিৰাম হাজৰিকা নামৰ এজন ব্যক্তিৰ মাটিত ৰখাই থোৱা অৱস্থাত গোপন চেম্বাৰত লুকুৱাই অনা বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰে । ইয়াৰ পিচতেই ঘটনাস্থলীত শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ।
উল্লেখ্য যে আমগুৰিত কিছুদিন পূৰ্বে ড্ৰাগছ সেৱন কৰি এজন যুৱকৰ মৃত্যু হৈছিল । ইয়াৰ পিছতে সষ্টম হৈ পৰে আমগুৰি থানাৰ আৰক্ষী । ড্ৰাগছৰ ঘাটি উচ্ছেদৰ বাবে আমগুৰি আৰক্ষীয়ে অভিযান চলাই তকাৰ মাজতেই অৱশেষত যোৱা নিশা ট্ৰাকসহ প্ৰায় চাৰি কোটি মূল্যৰ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় ।
ইপিনে, ৰাইজৰ অভিযোগ অনুসৰি আমগুৰিৰ কছাৰী লাইন, আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপতে ড্ৰাগছৰ ঘাটি গঢ় লৈ উঠিছে । যোৱা নিশা গ্ৰেপ্তাৰ কৰা সুশীল ভূমিজ নামৰ সৰবৰাহকাৰীটোৰ ঘৰ আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাষতে । সেয়েহে আমগুৰিত এক বৃহৎ চক্ৰই ড্ৰাগছৰ ব্যৱসায় চলাই থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।