ETV Bharat / state

ম্যাদ ওকলা ঔষধেৰে ভৰিছে ধেমাজিৰ ফাৰ্মাচী, তলা ওলমিল এখন ফাৰ্মাচীত - Pharmacy seized - PHARMACY SEIZED

Pharmacy seized: ধেমাজি জিলা প্ৰশাসনৰ তলা ওলমিল ধেমাজিৰ 'বিষ্ণুপ্রিয়া মেডিকেল'ত । বিষ্ণুপ্রিয়া মেডিকেল'ৰ স্বত্বাধিকাৰৰ উচিত শাস্তিৰ দাবী AJYCP ৰ । গোগামুখৰ পৰা জোনাই মহকুমাৰ প্ৰত্যেকখন ফাৰ্মাচীত মজুত ৰখা ঔষধৰ ওপৰত তদন্তৰ দাবী কৰে AJYCP সভাপতি জ্ঞান শৰ্মাই ।

Pharmacy sealed for allegedly selling expired medicines in Dhemaji
ম্যাদ ওকলা ঔষধেৰে ভৰিছে ধেমাজিৰ ফাৰ্মাচী, তলা ওলমিল এখন ফাৰ্মাচীত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:04 PM IST

ম্যাদ ওকলা ঔষধেৰে ভৰিছে ধেমাজিৰ ফাৰ্মাচী, তলা ওলমিল এখন ফাৰ্মাচীত (ETV Bharat Assam)

জোনাই, ৭ মে': প্ৰাণনাশক হিচাপে বিবেচিত হৈছে বৰ্তমান ধেমাজি জিলাৰ জীৱনদায়িনী ঔষধৰ বিক্রেতাসকল । প্ৰশাসনৰ নিয়মক সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি মুকলিকৈ ম্যাদ ওকলা ঔষধৰ বেপাৰ চলাই যোৱাৰ গুৰুতৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰপৰিষদ, ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাৰ । দুদিন পূৰ্বে ধেমাজি সদৰৰ বিষ্ণুপ্রিয়া মেডিকেলত প্ৰশাসনৰ দ্বাৰা তলা ওলমোৱা ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ ধেমাজি জিলাখনতে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তাকে লৈ চিন্তিত হৈ পৰিছে জিলাখনৰ খাটিখোৱা সৰ্বসাধাৰণ ৰাইজ । যিটো সময়ত জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যখনতে সাধাৰণ ৰাইজক জুৰুলা কৰিছে । ঠিক তেনে সময়তে ম্যাদ উকলি যোৱা ঔষধেও বৰ্তমান সমগ্ৰ ধেমাজি জিলাখনৰ বজাৰসমূহত মাত্ৰাধিকভাৱে ভৰি পৰাত শংকিত হৈ পৰিছে জিলাখনৰ ৰাইজ ।

এনে ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰাৰ ফলত বিগত সময়ত জিলাখনত সংঘটিত হোৱা বহুতো হৃদয় বিদাৰক ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে । বছৰ বছৰ ধৰি সমগ্ৰ জিলাখনতে ঔষধ বিপনীসমূহত সম্পূৰ্ণৰূপে নীতি বহিৰ্ভূতভাৱে ঔষধ বিক্ৰী কৰি থকাৰ স্বত্বেও চকু মুদা কুলিৰ ভাৱত তথা জিলা স্বাস্থ্য় বিভাগ, জিলা প্ৰশাসনক কঠোৰ সমালোচনা কৰে AJYCPৰ সভাপতি জ্ঞান শৰ্মাই ।

তাৰ মাজতে ধেমাজি জিলা প্ৰশাসনে ধেমাজি সদৰৰ বিষ্ণুপ্রিয়া মেডিকেলত তলা ওলমোৱা ঘটনাক উচ্চ প্ৰশংসা কৰাৰ লগতে গোগামুখৰ পৰা জোনাই মহকুমাৰ প্ৰত্যেকখন ফাৰ্মাচীত মজুত ৰখা ঔষধৰ ওপৰত তদন্তৰো দাবী জনায় জ্ঞান শৰ্মাই । উল্লেখযোগ্য যে,দুদিনপূৰ্বে ধেমাজি নগৰৰ বিষ্ণুপ্রিয়া ফাৰ্মাচীৰ স্বত্বাধিকাৰী উত্তম দত্তৰ পৰা ধেমাজি নলনীপামত বসবাস কৰা বিশ্বজিৎ গোৱালাই যোৱা ৩০ এপ্ৰিলত তাৰিখে ২০২৪ চনৰ ১ জানুৱাৰীতে ম্যাদ ওকলা ঔষধ ক্ৰয় কৰি নিয়ে ।

ক্ৰয় কৰি নিয়াৰ পাছত ঘৰত ঔষধসমূহ ভালদৰে পৰীক্ষা কৰাত যোৱা ১ জানুৱাৰী ২০২৪ তে ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰে । তাৰোপৰি ফামাচীখনত প্ৰেছক্ৰিপচন নোহোৱাকৈ দীৰ্ঘদিনৰ পৰা ঔষধ বিক্ৰী কৰি আহিছে বুলিও অভিযোগ উত্থাপন হৈ আহিছিল । উক্ত অভিযোগসমূহৰ ভিত্তিতে জিলা প্ৰশাসনে বন্ধ কৰে বিষ্ণুপ্রিয়া মেডিকেল ।

লগতে পঢ়ক: ন্যায়াধীশৰ জাল চহী কৰি ৰঙাঘৰৰ আলহী হ'ল অধিবক্তা - Advocate Fraud Case

আদালতত জুৱাৰ সম্ৰাট বিকাশৰ মুখ থেকেচা - IPL Gamblers In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.