ETV Bharat / state

ফেনে-ফোটোকাৰে আহিছে বান, ৰাজ্যত দ্বিতীয়টো বানত প্লাৱিত 15 খন জিলাৰ 1.61 লাখ লোক - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 10:16 AM IST

Flood situation in Assam : ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বানে ৷ শেহতীয়া তথ্য অনুসৰি বানত ক্ষতিগ্রস্ত হৈছে ৰাজ্যৰ ১.৬১ লাখ লোক ৷ পঢ়ক বিতং খবৰ...

Flood situation in Assam
ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি (ETV BHARAT ASSAM)

গুৱাহাটী, ১৯ জুন : বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে । ৰাজ্যত অব্যাহত থকা মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ-বৰাকৰ উপৰি বিভিন্ন উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাত বানাক্ৰান্তৰ মাজত লাগিছে হাহাকাৰ ।

ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ ১৫ খন জিলাৰ ৪৭০ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল‌ বানত বুৰ গৈছে । বানত ১.৬১ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে ৷ মঙলবাৰে হাইলাকান্দিত এজন লোকৰ মৃত্যু হৈছে । এতিয়ালৈকে চলিত বছৰৰ বানত মুঠ ২৫ গৰাকী লোকৰ মৃত্যু হৈছে ।

উল্লেখ্য যে, হাইলাকান্দি জিলাত মঙলবাৰে বিয়লি বানত উটি যায় এজন লোক । জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বানত উটি যোৱা লোকজন হৈছে নিতাই শব্দকৰ (৩৯) । চছপুৰ মোহনটিলা অঞ্চলত বাঢ়নী পানীৰ মাজেৰে গৈ থকা অৱস্থাত প্ৰবল সোঁতে তেওঁক উটুৱাই লৈ যায় ।

স্থানীয় লোকে লোকজনক উদ্ধাৰ কৰি এছ কে ৰয় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

৪৭০ খন গাঁৱৰ ১.৬১ লাখ লোক ক্ষতিগ্রস্ত

ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ শেহতীয়া তথ্য মতে, চলিত বানত ৪৭০ খন গাঁৱৰ ১.৬১ লাখ লোক ক্ষতিগ্রস্ত হৈছে । বানাক্রান্ত জিলাকেইখন হ'ল তামুলপুৰ, বঙাইগাঁও কৰিমগঞ্জ, লখিমপুৰ, ওদালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা আৰু বিশ্বনাথ ৷

ইয়াৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ জিলা । কৰিমগঞ্জত সৰ্বাধিক ২১০ খন‌ গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । ইপিনে ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য মতে, বানত এতিয়ালৈকে ৩,৯,৯০৬ টা পশুধনৰ ক্ষতি হৈছে । এই জিলাখনত সৰ্বাধিক পশুধনৰ ক্ষতিগ্ৰস্ত হৈছে ।

বানত ৬০ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে

ইতিমধ্য়ে বানত ক্ষতিগ্ৰস্ত হৈছে ৬০ হেক্টৰ কৃষিভূমি । ইয়াৰে সৰ্বাধিক কৃষি ভূমি হ'ল বঙাইগাঁও জিলাৰ । চৰকাৰে এতিয়ালৈকে ব্যৱস্থা কৰা ৩,৯৮২ টা আশ্ৰয় শিবিৰত বানপীড়িতসকলে আশ্ৰয় গ্ৰহণ কৰি আছে । এই আটাইবোৰ আশ্ৰয় শিবিৰ কৰিমগঞ্জ জিলাত আছে ।

লগতে পঢ়ক: ভূতৰ ওপৰত দানহ: লখিমপুৰত বানৰ মাজতে নীপকোৰ সতৰ্কবাৰ্তা - Lakhimpur Flood 2024

নদীবান্ধৰ পানীয়ে সৃষ্টি কৰিছে ভয়াবহ পৰিস্থিতি

বিভিন্ন ঠাইত নদীবান্ধে পানী এৰি দিয়াৰ ফলতে বানৰ প্ৰকোপ বাঢ়িছে । দুর্যোগপূর্ণ তেনে এটি অঞ্চল হ'ল কামপুৰ । নীপকোৰ দ্বাৰা পৰিচালিত ২৭৫ মেগাৱাটৰ কপিলী জলবিদ্যুৎ প্রকল্পই এৰি দিয়া পানীৰ ফলত কামপুৰৰ উপৰি হোজাই, পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন ঠাইৰ জনসাধাৰণ বিপদত পৰিছে ।

প্ৰথমটো বানত বেয়াকৈ ক্ষতিগ্রস্ত কামপুৰ অঞ্চলৰ ৰাইজে এইবাৰ দ্বিতীয়টো বানৰ সৈতে যুঁজিবলগীয়া হৈছে । কপিলীৰ ভগা মথাউৰিৰেও অঞ্চলটোত সোমাইছে পানী । ডিমা হাচাওৰ উপৰিও চুবুৰীয়া মেঘালয়, অৰুণাচলৰ পাহাৰ খহি বিপদ মাতি আনিছে ৰাইজলৈ ।

ইফালে, নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলৰ কাচিংচাত হোৱা ভূমিস্খলনত বান্দৰদেৱা-ইটানগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে ব্যাহত হৈ পৰে যাতায়াত । একেদৰে পশ্চিম গাৰোপাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে বুৰাই পেলাইছে গোৱালপাৰাৰ কেইবাখনো গাঁও ।

লগতে পঢ়ক:বাক্সাত জিলা আয়ুক্তৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন - Assam Flood 2024

বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

স্বাভাৱিকতকৈ কম হোৱা বৰষুণতেই ৰাজ্যত বানে একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছে । কাৰণ বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বুধবাৰৰ তথ্য অনুসৰি ১২ জুন পর্যন্ত ৰাজ্যত স্বাভাৱিকৰ তুলনাত ২৩ শতাংশ কম বৰষুণ হৈছে । অৱশ্যে কেন্দ্ৰটোৱে পৰৱৰ্তী ২৪ জুনলৈ ৰাজ্যৰ বেছিভাগ ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে ৷

১৯ আৰু ২০ জুনত ৰাজ্যৰ কোনো কোনো ঠাইত ধুমুহা-গাজনিৰে মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰি 11 জিলাত ৰেড এলাৰ্ট ঘোষণা কৰিছে কেন্দ্ৰটোৱে ।

কেন্দ্রীয় জল আয়োগৰ তথ্য

কেন্দ্রীয় জল আয়োগে মঙলবাৰে বিয়লি প্রকাশ কৰা তথ্য অনুসৰি, নগাঁও-কামপুৰত কপিলী নৈৰ জলস্তৰ সোমবাৰতকৈ সামান্য হ্রাস পাইছে যদিও মঙলবাৰে সন্ধিয়ালৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

ৰাজ্যৰ আন সাতখন নৈয়ে সতর্কতাৰ সীমা অতিক্ৰম কৰিছে যদিও কেন্দ্রীয় জল আয়োগে মঙলবাৰে বিয়লি প্রকাশ কৰা তথ্য অনুসৰি কামপুৰত কপিলী নৈৰ জলস্তৰ সোমবাৰতকৈ মঙলবাৰে ০.২৪ মিটাৰ হ্ৰাস পাইছে ৷ তাৰপিছতো কিন্তু বিপদসীমাৰ ০.৯৩ মিটাৰ ওপৰেৰে বৈ আছে কপিলী নৈখন ।

আনহাতে, কৰিমগঞ্জৰ কুশিয়াৰা নৈয়ে অতিক্ৰম কৰিছে বিপদসীমা । সম্প্ৰতি এই নৈখনে বিপদসীমাৰ ০.৪২ মিটাৰ ওপৰেৰে বৈ আছে । পৰৱৰ্তী ২৪ ঘণ্টাত কামপুৰত কপিলী নৈৰ জলস্তৰ হ্ৰাস পোৱাৰ প্ৰৱণতা দেখা গৈছে যদিও কুশিয়াৰা নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

ইপিনে কৰিমগঞ্জত বৰাক, মৰিগাঁৱত কপিলী, কোকৰাঝাৰত গৌৰাংগ, বঙাইগাঁৱত মানাহ, শিৱসাগৰত দিচাং, ধুবুৰীত সোণকোষ আৰু যোৰহাট আৰু ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰই সতর্কতাৰ সীমা অতিক্ৰম কৰিছে যদিও বিপদসীমাৰ তলেদি বৈ আছে ।

কৰিমগঞ্জৰ বদৰপুৰঘাটত বৰাক সতর্কতা সীমাৰ ০.৭৮ মিটাৰ, মৰিগাঁৱৰ ধৰমতুলত কপিলী ০.৫৮ মিটাৰ, কোকৰাঝাৰত গৌৰাংগ নৈ ০.৫৫ মিটাৰ, বঙাইগাঁৱত মানাহ ০.২৪ মিটাৰ, শিৱসাগৰৰ নঙলামূৰাঘাটত দিচাং ০.৫৬ মিটাৰ, ধুবুৰীৰ গোলোকগঞ্জত সোণকোষ নৈ ০.২ মিটাৰ আৰু ডিব্ৰুগড়, যোৰহাটৰ নিমাতীঘাটত আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ ক্ৰমে ০.০৪ মিটাৰ, ০.১৮ মিটাৰ, ০.০৬ মিটাৰ ওপৰেৰে বৈ আছে ।

লগতে পঢ়ক:ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত, ১.০৫ লাখ লোক ক্ষতিগ্রস্ত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.