ETV Bharat / state

চাহ জনগোষ্ঠীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা নাই: দূৰ্গা ভূমিজ - Assam Pradesh Congress Committee

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 2:29 PM IST

Former MLA Durga Bhumij: শাসকীয় চৰকাৰখনে চাহ জনগোষ্ঠীক বঞ্চনা কৰাৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটি । চাহ বাগিচা পুঁজিপতিসকলক বিক্ৰী কৰিবলৈ চৰকাৰখনে ক’ত অনুমতি পালে বুলি প্ৰশ্ন কৰি সংবাদমেলত শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজ ।

PC against deprivation of tea community by former MLA Durga Bhumij
চাহ জনগোষ্ঠীক বঞ্চনা কৰাৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটি (ETV Bharat Assam)

তিনিচুকীয়া,২৫ আগষ্ট: শনিবাৰে তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দূৰ্গা ভূমিজে সম্বোধন কৰে এখন সংবাদমেলৰ । সংবাদমেলৰ জৰিয়তে সৰৱ হৈ পৰে শাসকীয় চৰকাৰখনৰ ওপৰত । শাসকীয় চৰকাৰখনৰ ওপৰত চাহ জনগোষ্ঠীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে দূৰ্গা ভূমিজে ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে,"চাহ জনগোষ্ঠীয় লোকে হাবি-জংঘল কাটি চাহ উদ্যোগ গঢ়িলে । এই চাহক লৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম তথা ভাৰতে এক উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে । আজিৰ তাৰিখত উক্ত মাটি এইখন চৰকাৰে পুঁজিপতি সকলক কমিচন লৈ বিক্ৰী কৰি আছে । এই অধিকাৰ কেনেকৈ আৰু ক'ত পালে ?"

তেওঁ লগতে কয়, "যিটো সময়ত চৰকাৰখনে ম্যাদি পট্টা দিয়াৰ প্রতিশ্রুতি দি ঢাক-ঢোল বজায় আছে, তেনে সময়ত কিন্তু চৰকাৰ এই আঁচনিৰ পৰা চাহ জনগোষ্ঠীয় লোকক সম্পূৰ্ণ বাহিৰত ৰখাটো দুর্ভাগ্যজনক । চৰকাৰে মাটি পট্টা প্ৰদানৰ বাবে ঘোষণা কৰা বসুন্ধৰা ১ আৰু ২ শেষেই হ'ল, অথচ এজনো চাহ জনগোষ্ঠীয় লোকক এই সুবিধা প্রদান কৰা দেখা নগ'ল । এতিয়া এই বসুন্ধৰা ৩ ৰ কথা কৈ আছে যদিও অনুৰূপ হ'ব, ইয়াতো আদিবাসী চাহ জনগোষ্ঠীয় লোক বঞ্চিত হৈ ৰ'ব ।"

ভূমিজে কয়,"ইফালে, চাহ জনগোষ্ঠীয় লোকৰ মাজত শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি কৰা বুলি "Model High School" সাজিলে এইখন চৰকাৰে । কিন্তু দুর্ভাগ্যজনক কথাটো হৈছে এই বিদ্যালয়সমূহ আজিও চৰকাৰীকৰণ কৰা হোৱা নাই । য'ৰ ত'ৰ পৰা শিক্ষকসকলক উঠাই আনি পাঠদানত লগাইছে । ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে এই জনগোষ্ঠীটোক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা নাই ।"

তেওঁ লগতে উল্লেখ কৰে,"জানিব পৰা মতে আৰু ১০০ খন বিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লৈছে । এইসমূহৰো অনুৰূপ অৱস্থা হ'ব । সমান্তৰালভাৱে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শমাই অসমৰ বহুকেইটা জাতি জনগোষ্ঠীক স্বায়ত্তশাসন প্রদান কৰি তেওঁলোকৰ উন্নয়নৰ কাৰণে পুঁজি আৱন্টন দিয়াৰ ব্যৱস্থাও কৰিলে । কিন্তু সোণৰ অসম গঢ় দিয়া চাহ জনগোষ্ঠীক আজিও একো দিয়া নাই । ওলোটাই এই জাতিটোৰ নাম-চিহ্ন বিলুপ্তি কৰি পেলাবলৈ চাহ উদ্যোগসমূহ ধ্বংস কৰা কাৰ্যত নামি পৰিছে ।

জনজাতিকৰণৰ দাবী কৰি তেওঁ কয়,"মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সঁচা অৰ্থত জাতিটোক যদি ভাল পায় তেন্তে স্বায়ত্ত শাসন প্ৰদান কৰক লগতে জনজাতিকৰণ দিয়ক । AASAA, ATTSA আৰু ACMS সাৱধান হওঁক । এইখন বিজেপি চৰকাৰে নিজৰ মাজত সংঘাত লগাই দি ৰং চাব বিচাৰিছে । চাহ শ্রমিক তথা চাহ জনগোষ্ঠীয় লোকক সকলো দিশৰ পৰা চূড়ান্তভাৱে প্ৰতাৰণা কৰি আহিছে । মাত্র চমক সৃষ্টি কৰি ভোট আদায় কৰি আছে । কোনো কাৰণত চাহ জনগোষ্ঠীক সাংবিধানিক অধিকাৰ দিয়াৰ সাহস নাই ।"

আন কেতবোৰ বিষয় উত্থাপন কৰি ভূমিজে কয়,"৩৫১ টকা হাজিৰা কি হ'ল ? মেডিকেল কলেজত নামভৰ্তিৰ নামত জটিলতাৰ সৃষ্টি কৰিবলৈ কিটিপ লগাই থৈছে । ৩০ টা আসন সংৰক্ষণ কৰি থৈছে যদিও সেই আসন পোৱাৰ ক্ষেত্ৰত নামভৰ্তিকৰণত সাংঘাতিক ধৰণে জটিলতা কৰি থৈছে ।"

লগতে পঢ়ক: ৰাজ্যত ধিঙৰ দৰে সংঘটিত ঘটনাৰ আঁৰত কি ষড়যন্ত্ৰ আছে ? - Assam CM on Dhing rape case

৫ দিনৰ ভিতৰত বেনাৰ হ’ব লাগিব অসমীয়াত : অনা-অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব মাটি - Assamese Non Assamese Conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.