ETV Bharat / state

দৈৱ কৃপাত মৃত্যুুুমুখৰ পৰা উভতি আহিল এগৰাকী মহিলা, জানক কি হৈছিল তেওঁৰ লগত... - Rail passenger survives death

Women survives after falling from train : চলন্ত ৰে’লত এক শিহৰণকাৰী ঘটনা ৷ মঙলবাৰৰ নিশা বিবেক এক্সপ্ৰেছত প্ৰথমতে লুট-পাত তাৰপিচত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি এগৰাকী মহিলা ৷ দুৰ্বৃত্তই ৰে’লৰ পৰা গতা মাৰি দিয়াৰ পিচতো সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিল পীড়িত মহিলাগৰাকীৰ ৷

Passenger of Vivek Express looted in sarupathar of Golaghat district
মঙলবাৰে কি ঘটিছিল বিবেক এক্সপ্ৰেছত- বিৱৰি ক’লে ভুক্তভোগী মহিলাই
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 1:21 PM IST

মঙলবাৰে কি ঘটিছিল বিবেক এক্সপ্ৰেছত- বিৱৰি ক’লে ভুক্তভোগী মহিলাই

সৰুপথাৰ, 13 মাৰ্চ: অসমীয়াত এষাৰ কথা আছে "ৰাখে হৰি মাৰে কোনে" ৷ কাৰ্যত এই কথাই মৰ্মে মৰ্মে উপলব্ধি কৰিলে শদিয়াৰ এগৰাকী মহিলাই ৷ দৈৱ কৃপাত মৃত্যুুুমুখৰ পৰা সাৰিল মহিলাগৰাকী ৷

দৰাচলতে ঘটনাৰ বৃত্তান্ত জানিবলৈ আমি যাব লাগিব গোলাঘাট জিলাৰ সৰুপথাৰলৈ ৷ মঙলবাৰৰ নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো । প্ৰথমে চলন্ত ট্ৰেইনত লুট-পাট আৰু তাৰ পিচত ভুক্তভোগীক ট্ৰেইনৰ পৰা গতা মাৰি হত্যাৰ চেষ্টা ৷ এগৰাকী মহিলাৰ সৈতে সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাটো । মহিলাগৰাকীৰ নাম প্ৰভাতী বৰুৱা গগৈ বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শদিয়াৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছিল প্ৰভাতী বৰুৱা গগৈৰ লগতে 5 জনীয়া মহিলাৰ দলটো । ৰে’ল যাত্ৰা চলি থকাৰ মাজতে দুৰ্বৃত্তৰ এটা দলে মহিলাৰ দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ দুৰ্বৃত্তই প্ৰভাতী বৰুৱা গগৈ নামৰ মহিলাগৰাকীৰ বেগ-ম’বাইল কাঢ়ি নিয়াৰ লগতে মহিলাগৰাকীক ট্ৰেইনৰ পৰা গতা মাৰি পেলাই দিয়ে বুলি ভুক্তভোগী মহিলাগৰাকীয়ে জনায় । কিন্তু সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে মহিলাগৰাকীৰ ৷ অৱশ্যে তীব্ৰবেগী ট্ৰেইনৰ পৰা পৰি যোৱাৰ ফলত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী ।

দুৰ্বৃত্তই মহিলাগৰাকীৰ বেগ-ম’বাইল, টকা-পইচাৰ লগতে নথি-পত্ৰ লৈ পলায়ন কৰে বুলি জানিব পৰা গৈছে । সৰুপথাৰৰ নলনীস্থিত সৰুপথাৰ-নাওজান ৰে’লৱে ষ্টেচনৰ মাজত বিবেক এক্সপ্ৰেছত সংঘটিত হয় এই শিহৰণকাৰী ঘটনাটো । তেনে সময়তে সৰুপথাৰ-নাওজান ৰে’লৱে ষ্টেচনৰ মাজত সংঘটিত হয় উক্ত শিহৰণকাৰী ঘটনা ।

আঘাতপ্ৰাপ্ত, নিথৰুৱা হৈ পৰা প্ৰভাতী বৰুৱাই ৰে’লৱে পথৰ দাঁতিত থকা এঘৰ মানুহৰ ঘৰত মাজনিশা আশ্ৰয় বিচাৰে আৰু মানৱতাৰ স্বাৰ্থত আশ্ৰয় দিয়ে সৰুপথাৰৰ নলনীৰ প্ৰদীপ তালুকদাৰ নামৰ এঘৰ মানুহে । বৰ্তমান ৰে’ল বিভাগৰ লোক উপস্থিত হৈছে ভুক্তভোগী মহিলাগৰাকীৰ কাষত ।

ভুক্তভোগী মহিলাগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ ন-শদিয়া আৰক্ষী চকীৰ অন্তৰ্গত পদুমফুলা গাঁৱত বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি এই ঘটনাই সৰ্বসাধাৰণ লোকক চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়ক: সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.