জোনাই,১৭ জুন : শেহতীয়াকৈ দেশত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত ১২ নং লখিমপুৰ লোকসভা সমষ্টিত বিপুল সংখ্যক ভোটত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা । একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰদান বৰুৱাই সমষ্টিটোত বিজয়ৰ হাঁহি মাৰিছিল । ইয়াৰ পিচতে দলীয় কৰ্মীসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছিল । ঠায়ে ঠায়ে বিজয় উৎসৱ এতিয়াও চলি থকা দেখা গৈছে । তাৰ মাজতে ভাৰতীয় জনতা পাৰ্টী, সন্মিলিত গণ শক্তি অসম আৰু অসম গণ পৰিষদৰ উদ্যোগত নৱ-নিৰ্বাচিত সাংসদ প্ৰদান বৰুৱাক সোমবাৰে জোনাইত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
জোনাইৰ মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত এই সন্দৰ্ভত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় । ভাৰতীয় জনতা পাৰ্টী ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ৰূপা কামানে সভাপতিত্ব কৰা সম্বৰ্ধনা সভাত আদৰণি ভাষণত স্থানীয় বিধায়ক ভুৱন পেগুৱে প্ৰদান বৰুৱাক পুনৰবাৰ সাংসদৰূপে নিৰ্বাচিত কৰাৰ বাবে জোনাইবাসীক ধন্যবাদ জ্ঞাপন কৰে । ইফালে সাংসদ প্ৰদান বৰুৱাইও জোনাই সমষ্টিৰ প্ৰতিটো ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে ।
জুলাই মাহত তেওঁ মিত্ৰজোঁটৰ প্ৰতিটো দলৰ প্ৰতিনিধিৰ সৈতে লখিমপুৰ সমষ্টিৰ উন্নয়নৰ বিভিন্ন পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে । আনহাতে তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জোনাই বিধানসভা সমষ্টিৰ পৰা অধিকাংশ ভোট দি জয়যুক্ত কৰাৰ বাবে সাংসদ প্ৰদান বৰুৱাই জোনাইবাসীক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে অনুষ্ঠানত ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদগৰাকীক জোনাইৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ শেহতীয়া নিৰ্বাচনত প্ৰদান বৰুৱাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্রেছৰ উদয় শংকৰ হাজৰিকাক পৰাভূত কৰি সমষ্টিটো দখল কৰে ।