গুৱাহাটী, 1 মাৰ্চ : বৃহস্পতিবাৰে গুৱাহাটীৰ উলুবাৰীত আংশিক অংকিত বৃন্দাবনী বস্ত্ৰৰ শুভ উন্মোচনী কৰা হয় । বিশিষ্ট উদ্যোগী শান্তিশ্ৰী দত্তৰ প্ৰচেষ্টাত বিশিষ্ট চিত্ৰশিল্পী মুবীন ৰাভাৰ দ্বাৰা অংকন কৰি উলিওৱা হৈছে এই আংশিক বৃন্দাবনী বস্ত্ৰ । বৃহস্পতিবাৰে অনুষ্ঠিত এই অনুষ্ঠানত এই আংশিক বৃন্দাবনী বস্ত্ৰ চিত্ৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই ।
অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই এই আংশিক অংকিত বৃন্দাবনী বস্ত্ৰৰ উন্মোচন কৰি কয়, "আজিৰে পৰা 500 বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অভিনৱ সৃষ্টিৰে এই বৃন্দাবনী বস্ত্ৰ বয়ন শিল্পৰ যোগেদি প্ৰস্তুত কৰি উলিয়াইছিল । এই বৃন্দাবনী বস্ত্ৰ অসমৰ ঐতিহ্য অসমৰ ইতিহাসৰ লগত জড়িত সম্পদৰূপে আজিও ইয়াৰ গুণ গৰিমা প্ৰচাৰ হৈ আছে’’ ।
তেওঁ আৰু কয়, ‘‘দুৰ্ভাগ্যবশতঃ এই বৃন্দাবনী বস্ত্ৰ অসমত এতিয়া নাই । কিন্তু এই বস্ত্ৰ ভাৰতৰ বাহিৰত ইংলেণ্ডকে ধৰি কেইখন মান ঠাইত সংৰক্ষিত হৈ আছে । ৰামচৰণ ঠাকুৰৰ গুৰু চৰিত পুথি আদিকে আৰম্ভ কৰি অন্যান্য পুথিসমূহত লিপিবদ্ধ কৰা আছে’’ ।
উল্লেখ কৰা প্ৰয়োজন যে, বিভিন্ন ক্ষেত্ৰৰ পৰা তথ্য আৰু সমল সংগ্ৰহ কৰি 3 মাহৰ ভিতৰত প্ৰস্তুত কৰি উলিওৱা হৈছে এই আংশিক বৃন্দাবনী বস্ত্ৰ । বৃন্দাবনী বস্ত্ৰখনিৰ বিজ্ঞানভিত্তিত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজন বুলি উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="">
বৃহস্পতিবাৰৰ এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰগতিশীল শিল্পী লোকনাথ গোস্বামী, গীৰেশ নাৰায়ণ চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক: Brindavani Bastra : দক্ষিণপাট সত্ৰৰ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ সন্দৰ্ভত অসম সত্ৰ মহাসভা