ETV Bharat / state

পঞ্চায়ত সচিবক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা - Panchayat secretary killed

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 5:35 PM IST

Updated : Jun 26, 2024, 9:41 PM IST

Panchayat secretary shot dead: বঙাইগাঁৱত এখন চাহ দোকানৰ ভিতৰত গুলীয়াই হত্যা পঞ্চায়ত সচিবক ৷ দুই দুৰ্বৃত্তই গুলীয়াই থৈ যায় সচিবজনক ৷

BONGAIGAON
Panchayat secretary shot dead (ETV Bharat)

বঙাইগাঁও, 26 জুন: বুধবাৰে বিয়লি এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি যায় সমগ্ৰ বঙাইগাঁও জিলাক ৷ বঙাইগাঁও চহৰৰ সমীপৰ চিপনশিলা অঞ্চলত দিন দুপৰতে এজন ব্যক্তিক গুলীয়াই হত্যা কৰা ঘটনাই সকলোকে আতংকিত কৰি তুলিছে ৷ মটৰ চাইকেলেৰে অহা দুই দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে চিপনশিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসক ৷ দুৰ্বৃত্তৰ গুলীয়ে চন্দ্ৰকান্ত দাসৰ মূৰত আঘাত কৰাত থিতাতে মৃত্যুক আঁকোৱালি লয় লোকজনে ৷

পঞ্চায়ত সচিবক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা (ETV Bharat Assam)

লগতে পঢ়ক: জোনাইত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এগৰাকী কণমানি ছাত্ৰী - Road accident in Jonai

কেনেকৈ ঘটিছিল এই ঘটনা ?

তথ্য মতে, চিপনশিলাৰ এখন সৰু হোটেলত চাহ খাবলৈ সোমাইছিল চন্দ্ৰকান্ত দাস ৷ সেই সময়তেই হোটেলখনৰ সমুখত এখন বাইকেৰে আহি উপস্থিত হয় দুজন লোক ৷ এজন বাইকখনতে বহি থকাৰ বিপৰীতে হোটেলৰ ভিতৰত প্ৰৱেশ কৰে আনজনে ৷ চন্দ্ৰকান্ত দাসে চাহ খাই হোটেলৰ পৰা ওলাই অহাৰ সময়তে নিচেই ওচৰৰ পৰা লোকজনে চন্দ্ৰকান্ত দাসৰ মূৰত গুলী কৰে ৷ গুলীচালনাৰ পিচতেই বন্দুকধাৰীজনে ৰখাই থোৱা বাইকখনত উঠে আৰু দুয়োটা দুৰ্বৃত্তই সেই স্থানৰ পৰা পলায়ন কৰে ৷

লগতে পঢ়ক: শোৱাপাটীতে স্বামীক ডিঙি কাটি হত্যা : মৰিয়নীত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি - Brutal murder in Mariani

ঘটনাস্থলীত উপস্থিত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক

দিন-দুপৰতে পঞ্চায়ত সচিবজনক গুলীয়াই হত্যা কৰাৰ পিচতেই অঞ্চলটোত হুৱাদুৱা লাগে ৷ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আয়ুক্ত মোহন লাল মীনা আৰু জিলা আয়ুক্ত নৱদ্বীপ পাঠক ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ বঙাইগাঁও জিলালৈ প্ৰৱেশ কৰা প্ৰতিটো পথত তালাচী অভিযান কটকটীয়া কৰি তুলিছে ৷ কোনো কাৰণতে যাতে হত্যাকাৰীয়ে পলায়ন কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: যোৰহাট গ্ৰেণেড বিস্ফোৰণত জড়িত নাছিল দীপাংকৰ : আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ - ULFA I GRENADE ATTACK

Last Updated : Jun 26, 2024, 9:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.