ETV Bharat / state

ৰাজ্যত কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ? পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীয়ে দিলে ইংগিত - Panchayat election in Assam

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 7:38 AM IST

নগাঁৱত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । বিভাগটোক দুৰ্নীতিমুক্ত কৰাৰ উদ্দেশ্যে এতিয়ালৈকে ৮০ জনতকৈ অধিক কৰ্মচাৰীক বৰ্খাস্ত কৰা বুলি মন্তব্য মন্ত্ৰী দাসৰ । অসমে লাভ কৰা ২০ লাখ গৃহৰ ইতিমধ্যে ১৯ লাখ ২০ হাজাৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি সফলতা লাভ কৰা বুলিও সদৰী । তেওঁৰ মতে এই ৰাজনীতিবিহীন হ'ব অসমৰ পঞ্চায়ত নিৰ্বাচন ।

Panchayat election in Assam
ৰাজ্যত কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ? (ETV Bharat)

নগাঁও, ১১ ছেপ্টেম্বৰ: মঙলবাৰে নগাঁৱত উপস্থিত হৈ জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আচঁনিৰ ৰূপায়নৰ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে পঞ্চায়ত, গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । নগাঁৱত বিভাগীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী দাসে প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে লাভ কৰা ২০ লাখ গৃহৰ ইতিমধ্যে ১৯ লাখ ২০ হাজাৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি অসমে সফলতা লাভ কৰিছে বুলি মন্তব্য কৰে ।

এই আঁচনিৰ অধীনত জিলাখনত বাকী থকা গৃহৰ নিৰ্মাণৰ কাম অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ।

এই ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সচিব আৰু বিভাগৰ কৰ্মচাৰীসকলক একত্ৰিত হৈ কাম কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । এই আচঁনিৰ অধীনত অসমে পুনৰ ১ লাখ ৭১ হাজাৰ ৫৯৩ টা গৃহৰ অনুমোদন লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ অধীনত নগাঁও জিলাই ৬,৪১২ টা নতুন গৃহ লাভ কৰিব বুলিও কয় ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মঙলবাৰে নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত জিলাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আচঁনিৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে পৰ্যালোচনা কৰে ।

নগাঁও জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি বিভাগটোৱে ৰাজ্যখনৰ ৪২ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ উপৰি আগন্তুক দিনত ২০ লাখ লোকক ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ পদক্ষেপ লৈ থকাৰ কথা উল্লেখ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে । নগাঁও জিলাত প্ৰায় ৭ হাজাৰৰো অধিক আবেদন কৰা লোক ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

লগতে পঞ্চদশ বিত্ত আয়োগৰ কাম-কাজকে ধৰি জিলা পৰিষদৰ সকলো আঁচনিৰ কাম-কাজ জিলা আয়ুক্তক নিৰীক্ষণ কৰাৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰী দাসে । পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে পঞ্চায়তৰ যিসমূহ সৰু-সুৰা ৰাস্তা-ঘাটৰ কাম লোক নিৰ্মাণ বিভাগে কৰিব নোৱাৰে সেই পথ সমূহৰ কাম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এম জি এনৰেগাৰ অধীনত কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ৷

কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ?

ৰাজ্যৰ শেহতীয়া পঞ্চায়ত প্ৰতিনিধিৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ জল্পনা কল্পনা অব্যাহত থকাৰ মাজতে মঙলবাৰে এই সন্দৰ্ভত মন্তব্য কৰে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । পঞ্চায়ত এলেকাৰ সীমা নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে পঞ্চায়ত মন্ত্ৰীগৰাকীয়ে । চলিত বৰ্ষৰে ডিচেম্বৰ মাহৰ ভিতৰতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত দিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৷ এইবাৰৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণভাৱে ৰাজনীতিমুক্ত হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী দাসে আশ্বাস দিয়ে যে ৰাইজে এইবাৰ পঞ্চায়ত পৰ্যায়ত যোগ্য প্ৰতিনিধি লাভ কৰিব ৷

লগতে পঢ়ক: লগত পুত্ৰ, হাতত পেনড্ৰাইভ লৈ নগাঁও সদৰ থানাত ৰকিবুল হুছেইন - Nagaon Police

বিধানসভাৰ অধ্যক্ষলৈ উচ্চ ন্যায়ালয়ৰ জাননী - Sherman Ali Ahmed suspension

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.