ETV Bharat / state

গুৰুতৰভাৱে অসুস্থ প্ৰদ্মশ্ৰী হেমপ্ৰভা চুতীয়া - PADMASHRI Hemoprabha Chutia

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 7:35 AM IST

Padmashri Hemoprabha Chutia: গুৰুতৰভাৱে অসুস্থ অসম গৌৰৱ তথা প্ৰদ্মশ্ৰী হেমপ্ৰভা চুতীয়া । প্ৰশাসনৰ তৎপৰতাত বুধবাৰে নিশা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি

Padmashri Hemoprabha Chutia
গুৰুতৰভাৱে অসুস্থ প্ৰদ্মশ্ৰী হেমপ্ৰভা চুতীয়া (ETV Bharat Assam)

মৰাণ, ১৮ জুলাই : গুৰুতৰভাৱে অসুস্থ হৈছে প্ৰদ্মশ্ৰী হেমপ্ৰভা চুতীয়া । অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ'বলগা হৈছে অসম গৌৰৱ হেমপ্ৰভা চুতীয়া ।

পোনতে তেওঁক মৰাণৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । জ্বৰ, মূৰৰ বিষ আৰু প্ৰস্ৰাৱৰ সমস্যাত কেইবা দিনৰ পৰা ভুগি আছিল তেওঁ । কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বুধবাৰে নিশা মৰাণস্থিত মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয় । মৰাণ মেডিকেল চেণ্টাৰত চিকিৎসকে চিকিৎসা কৰাৰ অন্তত কৰা পৰীক্ষাত তেওঁ কিছু সুস্থ অৱস্থালৈ আহে ।

অৱশ্যে যদিও তেওঁ সুস্থ অৱস্থালৈ আহিছে, কিন্তু মৰাণ মেডিকেল চেণ্টাৰৰ চিকিৎসকে প্ৰদ্মশ্ৰী হেমপ্ৰভা চুতীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । আনহাতে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশত আৰু মৰাণ ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে বুধবাৰে নিশাতেই তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ্য যে মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়াৰ নিবাসী হস্ততাঁত শিল্পী হেমপ্ৰভা চুতীয়াই তাঁতশালত বস্ত্ৰ আকাৰে ইতিমধ্যে মহাপুৰুষ দুজনাৰ ধৰ্মগ্ৰন্থ গুণমালা, নামঘোষা আৰু শ্ৰীমদ্ভাগৱত গীতা ইত্যাদি ধৰ্মগ্ৰন্থ কেইবাটাও ভাষাত বৈ উলিয়াইছে । তাঁতশালত সৃষ্ট এই সম্পদসমূহৰ বাবেই হেমপ্ৰভা চুতীয়াই বিগত বৰ্ষত অসম গৌৰৱ বঁটা আৰু ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে, শেহতীয়াকৈ মৰাণৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ উদ্যোগত গঠন কৰা হয় হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে 'হেমপ্ৰভা চুতীয়া সৃষ্ট কলা-শিল্প সংৰক্ষণ ট্ৰাষ্ট' । এই ট্ৰাষ্টৰ উদ্যোগত মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়াত হেমপ্ৰভা চুতীয়াৰ বাসগৃহৰ সমীপত এটা সংগ্ৰহালয় নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । হেমপ্ৰভা চুতীয়াৰ তাঁতশালত সৃষ্ট সম্পদসমূহ ইয়াত সুৰক্ষিতভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব ।

লগতে পঢ়ক :Padmashri awardee Hemaprava Chutia: হেমপ্ৰভা চুতীয়াৰ সৃষ্ট কলা-শিল্প সংৰক্ষণৰ বাবে মৰাণত নিৰ্মাণ হ'ব সংগ্ৰহালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.