ETV Bharat / state

অভিজ্ঞ চিকিৎসকৰ নিৰীক্ষণত আছে পদ্মশ্ৰী গোপীৰাম বৰগায়ন; অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক - padmashree gopiram bargayan

Padmashree Gopiram Burhabhakat health: অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন 101 বছৰীয়া পদ্মশ্ৰী বুঢ়া ভকত গোপীৰাম বৰগায়ন ৷ আই চি ইউত অভিজ্ঞ চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে বুলি জনায় অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ৷ গোপীৰাম বৰগায়নৰ আশু আৰোগ্য কামনা সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ ৷

padmashree gopiram bargayan burabhakat is being monitored by experienced doctors in the ICU ; amch superintendent Dr Prasanta Dihingia
চিকিৎসাধীন পদ্মশ্ৰী গোপীৰাম বৰগায়ন (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 10:30 PM IST

চিকিৎসাধীন পদ্মশ্ৰী গোপীৰাম বৰগায়ন (Etv bharat assam)

মৰাণ, 21 মে’: মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ অনন্য প্ৰতিভাসম্পন্ন শিল্পী পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকত । শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে সত্ৰীয়া সংস্কৃতিৰ সাধক, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক তথা পদ্মশ্ৰী গোপীৰাম বৰগায়ন । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে উত্তৰ কমলাবাৰী সত্ৰৰ বুঢ়াভকতগৰাকী ।

জানিব পৰা মতে, নিউমোনিয়া ৰোগত আক্ৰান্ত বৰগায়নক 13 দিন পূৰ্বে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল । ভৰ্তি কৰোৱাৰ সময়ত সংকটজনক অৱস্থাত আছিল বৰগায়ন । সম্প্ৰতি বুঢ়া ভকতজনৰ স্বাস্থ্য সুস্থিৰ হ'লেও কিছু জটিলতা আছে বুলি জনায় অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই । অভিজ্ঞ চিকিৎসকৰ দ্বাৰা আই চি ইউত নিৰীক্ষণত ৰখা হৈছে বুঢ়া ভকতগৰাকীক ।

101 বছৰ গৰকা বুঢ়া ভকত গোপীৰাম বৰগায়নক ইয়াৰ পূৰ্বে দুবাৰকৈ এ এম চিত ভৰ্তি কৰোৱা হৈছিল ।

ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুঢ়া ভকতজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক । সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে দুবাৰ তিনিবাৰকৈ খবৰ লৈছে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন 101 বছৰীয়া পদ্মশ্ৰী বুঢ়াভকত গোপীৰাম বৰগায়নৰ ।"

আনহাতে মৰাণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সময়ত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই গোপীৰাম বৰগায়নৰ আশু আৰোগ্য কামনা কৰে । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোমবাৰৰ নিশা অসম চিকিৎসা মহাবিদ্যালয়ত বুঢ়া ভকত পদ্মশ্ৰী গোপীৰাম বৰগায়নৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী বড়াই । সাংস্কৃতিক আৰু উদ্যোগ বিভাগৰ মন্ত্ৰীগৰাকীয়ে নিশা অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ বুঢ়া ভকতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে, চিকিৎসক তথা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে চিকিৎসা সম্পৰ্কত আলোচনাত মিলিত হয় ।

লগতে পঢ়ক: অসুস্থ পদ্মশ্ৰী গোপীৰাম বৰগায়ন; স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী বিমল বড়াই - gupiram burhabhakat health

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.