ETV Bharat / state

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন ৰোগীৰ মৃত্যু - Japanese encephalitis - JAPANESE ENCEPHALITIS

Japanese encephalitis: যোৰহাট জিলাৰ মৰিয়নী চেলেংহাটত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ । ইতিমধ্যে এজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাগৰাকীও সংকটজনক অৱস্থাত চিকিৎসাধীন । জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ দেখা অঞ্চলত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

Outbreak of Japanese Encephalitis disease at Moriani in Jorhat
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন ৰোগীৰ মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 7:05 PM IST

যোৰহাট,২৮ জুন: পুনৰ আতংকৰ অন্য এক নাম হৈ পৰিছে জাপানীজ এনকেফেলাইটিছ । মৰিয়নীত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা । ইতিমধ্যে এজন ৰোগীৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে । কেইবাগৰাকীও সংকটজনক অৱস্থাত চিকিৎসাধীন । যোৰহাট জিলাৰ মৰিয়নী চেলেংহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বহুকেইটা অঞ্চলত এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে ।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন ৰোগীৰ মৃত্যু (ETV Bharat Assam)

চেলেংহাটৰ অভয়পুৰীয়া গাঁৱৰ ভলকচুকৰ প্ৰদীপ বৰা নামৰ ৭০ বছৰীয়া ব্যক্তিজন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ JMCH ত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছে । আনহাতে গাঁওখনৰ বৰাচুকৰ এগৰাকী যুৱতী আৰু এজন যুৱক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । ঠিক সেইদৰে নামচেচুৰ এগৰাকী আৰু বৰনগঞা গাঁও দচুকৰ জিতা বৰা গগৈ নামৰ ৩৫ বছৰীয়া এগৰাকী মহিলা সংকটজনক অৱস্থাত JMCH ত চিকিৎসাধীন হৈ আছে ।

আনহাতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ ঘটা অঞ্চলত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । স্বাস্থ্য বিভাগে আবেলি সময়ত পথত কিছু সময় ধোঁৱা দিয়েই দায়িত্ব সামৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে স্বাস্থ্যকৰ্মীৰ এনে পালমৰা কাৰ্যৰ বাবে বৃহস্পতিবাৰে নিশা মৰিয়নীৰ চেলেংহাট অভয়পূৰীয়া গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ।

স্বাস্থ্যকৰ্মীৰ দলটোৱে তেলৰ অভাৱৰ অজুহাতত আধাতে ধোঁৱা দিয়া কাৰ্য সামৰি যাবলৈ বিচৰা সময়তে ৰাইজে উভতি ধৰে । নকছাৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গৈছিল উক্ত দলটো । দীৰ্ঘসময় ৰাইজে আবদ্ধ কৰি ৰখাৰ পাচত ধোৱা দিবলৈ বাধ্য হয় স্বাস্থ্যকৰ্মীৰ দলটো । তাৰ পাচতহে শান্ত হয় পৰিস্থিতি । স্বাস্থ্য বিভাগৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে ৰাইজে প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ ।

লগতে পঢ়ক: চৰাইদেউৰ লাকুৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, শিশুসহ আক্ৰান্ত দুই - Japanese encephalitis

Japanese Encephalitis: জাপানীজ এনকেফেলাইটিছত ৰাজ্যত 6 বছৰত মৃত্যু 476 জনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.