ETV Bharat / state

অৰুণোদয় ৩.০; ৰাজ্যত ৫৫ লাখতকৈও অধিক ভুৱা ৰেচন কাৰ্ড বাতিল - Assam Orunodoi scheme - ASSAM ORUNODOI SCHEME

Assam Orunodoi scheme: ৰাজ্যত আৰম্ভ হ'ল অৰুণোদয় ৩.০ । অৰুণোদয় ঘোষণা কৰাৰ লগে লগে নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াও চৰকাৰে আৰম্ভ কৰিলে । একেদৰে পূৰ্বৰ প্ৰায় ৫৫ লাখতকৈও অধিক ভুৱা ৰেচন কাৰ্ড বাতিল কৰা হৈছে ।

Assam Orunodoi scheme
ৰাজ্যত ৫৫ লাখতকৈও অধিক ভুৱা ৰেচন কাৰ্ড বাতিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 2:22 PM IST

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক আগত ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে দিছপুৰত অৰুণোদয় ৩.০ ঘোষণা কৰিছে । মুখ্যমন্ত্ৰীয়ে অৰুণোদয় ৩.০ৰ ঘোষণা কৰি ৰাজ্যত নতুনকৈ প্ৰায় ১৯ লাখ হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান পৰ্ব আৰম্ভ হোৱা বুলি সদৰী কৰে ৷ অৰুণোদয় ৩.০ৰ ঘোষণা কৰাৰ সময়তে পোহৰলৈ আহিছে বিশেষ তথ্য । অসমত ৫৫ লাখতকৈও অধিক ভুৱা ৰেচন কাৰ্ড বাতিল কৰিছে ৰাজ্য চৰকাৰে ।

নতুনকৈ ১৯,৯২,১৬৭ ৰেচন কাৰ্ড, কি কয় যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে :

ৰাজ্যত নতুনকৈ ১৯,৯২,১৬৭ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ কাম আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে অৰুণোদয় ৩.০ৰ আৰম্ভণি ঘোষণাৰ সমান্তৰালভাৱে নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণ হ'ল-অৰুণোদয় ৩.০ৰ ১২৫০ টকা পাবলৈ হ'লে হিতাধিকাৰীৰ থাকিব লাগিব ৰেচন কাৰ্ড । ৰেচন কাৰ্ডৰে আধাৰ কাৰ্ড সংযুক্ত হোৱাটোও বাধ্যতামূলক । এই প্ৰসংগত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ইটিভি ভাৰত অসমৰে হোৱা যোগাযোগত কয়,"ৰেচন কাৰ্ড" এখন থাকিলে আমাৰ সৰ্বসাধাৰণ মানুহখিনিয়ে যথেষ্ট সকাহ পায় ৷ কেৱল চাউল পাবৰ বাবেই নহয় আয়ুষ্মান কাৰ্ড, বীমা আঁচনিকে আদি কৰি বিভিন্ন ক্ষেত্ৰত ৰেচন কাৰ্ডখনে দুখীয়া ৰাইজক উপকৃত কৰে ৷ সেইবাবেই চৰকাৰৰ পৰা অন্ততঃ ৰেচন কাৰ্ড এখন ৰাইজে আশা কৰে ৷"

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাথাকিলেও প্ৰায় ৪৩ লাখ নতুন ৰেচন কাৰ্ড প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে বিগত দুটা পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ পৰা বহু লোক বাদ পৰাৰ বাবেই ল'ব লগা হয় ৷ যোগান মন্ত্ৰী দাসে কয়, "দুখীয়া ৰাইজৰ কথা চিন্তা কৰিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা ২০২২ৰ ৭ ডিচেম্বৰত অনুষ্ঠিত কেবিনটত ৪২,৮৫,৭৪৫ গৰাকী হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল ৷ ইতিমধ্যে ৰাইজক সেয়া বিতৰণ কৰা হ'ল ৷ পৰৱৰ্তী সময়ত পুনৰ যোৱা ৪ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটত ১৯,৯২,১৬৭ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু অতি সুখ অনুভৱ কৰিছোঁ যে আজিৰ পৰা ইয়াৰ কাম আৰম্ভ হ'ল ৷"

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি ইতিমধ্যে ৪২ লাখ নতুন ৰেচন কাৰ্ড দিয়া হৈছে বা ১৯ লাখ ৰেচন কাৰ্ড দিয়া হ'ব এয়া কোনো ভাৰত চৰকাৰৰ পৰা অনুমোদিত ৰেচন কাৰ্ড নহয় ৷ অসমত ধৰা পৰা ৰেচন কাৰ্ডৰ বৃহৎ সংখ্যক ভুৱা হিতাধিকাৰীৰ স্থানত নতুনকৈ ৰেচন কাৰ্ডসমূহ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

৫৫ লাখতকৈ অধিক ভুৱা হিতাধিকাৰী ধৰা পৰিল কেনেকৈ ?

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অভিযোগ যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন উপায়েৰে মৃত বা জীৱিত একো একোজন মানুহৰ ভিন্ন-ভিন্ন নামত ১০/১২ টাকৈ হিতাধিকাৰী সৃষ্টি কৰি বছৰ-বছৰ ধৰি সেই ৰেচন কাৰ্ডৰ চাউল আত্মসাৎ কৰি আহিছিল ৷ কিন্তু অসমত প্ৰায় ৫৫ লাখ ভুৱা ৰেচন কাৰ্ড ধৰা পৰিল কেনেকৈ ?

এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়,"আমি যেতিয়া ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰিছিলোঁ তেতিয়া অসমত প্ৰায় ৫৫ লাখতকৈ অধিক ভুৱা হিতাধিকাৰী ধৰা পৰিছিল ৷ পূৰ্বৰ চৰকাৰৰ দিনত বিভিন্ন উপায়েৰে মৃত বা জীৱিত একো একোজন মানুহৰ ভিন্ন-ভিন্ন নামত ১০/১২ টাকৈ হিতাধিকাৰী সৃষ্টি কৰি বছৰ-বছৰ ধৰি সেই ৰেচন কাৰ্ডৰ চাউল আত্মসাৎ কৰি আহিছিল ৷ যিহেতু এতিয়া আধাৰ কাৰ্ড আহিল আৰু এজন ব্যক্তিৰ এখনহে আধাৰ কাৰ্ড থাকিব পাৰে সেয়েহে আধাৰ কাৰ্ড সংযোগ কৰাৰ পিচতেই উক্ত ৫৫ লাখতকৈও অধিক ভুৱা হিতাধিকাৰীৰ কথাটো পোহৰলৈ আহে ৷"

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে লগতে কয়, "বিগত সময়ত ৪২ লাখতকৈ অধিক প্ৰকৃত হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ আৰু আজিৰ পৰা পুনৰ ১৯ লাখতকৈ অধিক লোকক ৰেচন কাৰ্ড প্ৰদান কৰিবলৈ পাই আমি গৌৰৱ বোধ কৰিছোঁ ৷" অৰ্থাৎ যোগান মন্ত্ৰীগৰাকীয়ে দিয়া তথ্যৰ পৰা এটা কথা স্পষ্ট হয় যে ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড প্ৰায় ৬১ লাখ নতুন হিতাধিকাৰীক দিব যদিও এয়া কেন্দ্ৰ পৰা অনা ৰেচন কাৰ্ড নহয় । যোগ্যতাহীন বুলি বিবেচিত ৫৫ লাখ ভুৱা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ ঠাইতহে নতুন ৰেচন কাৰ্ডসমূহ অনুমোদন জনোৱা হৈছে ৷

লগতে পঢ়ক : আৰম্ভ হ’ল অৰুণোদয় 3.0, কেনেকৈ কৰিব আবেদন ! জানি লওক - How to apply for Orunodoi Scheme

অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ আৰক্ষী - Police personnel detain in Dhubri

বিজেপি-ইউ পি পি এলৰ বিৰুদ্ধে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ - Lok Sabha ELECTION 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.