ETV Bharat / state

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিজুলী ভৱনত বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ - Protest against smart meter

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 2 hours ago

Protest against smart meter: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শুকুৰবাৰে গুৱাহাটীৰ বিজুলী ভৱনৰ সন্মুখত বিৰোধী ঐক্য মঞ্চই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সাধাৰণ লোকৰ ঘৰত স্মাৰ্ট মিটাৰৰ সংযোগ বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় । চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে ইয়াতকৈও ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ ।

Protest against smart meter
বিজুলী ভৱনত বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ (ETV Bharat)

গুৱাহাটী,২০ ছেপ্টেম্বৰ : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে । বিভিন্ন দল-সংগঠনে শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে স্মাৰ্ট মিটাৰ সংযোগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । তাৰ মাজতে শুকুৰবাৰে বিৰোধী ঐক্য মঞ্চই গুৱাহাটীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনত বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । কংগ্ৰেছৰ নেতৃত্বত ঐক্য মঞ্চৰ অধীনৰ বিৰোধী দলসমূহে বিজুলী ভৱন ঘেৰাও কৰে । অসম চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ শ নেতা-কৰ্মীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । প্ৰতিবাদৰ জৰিয়তে দলসমূহে ৰাজ্যত স্মাৰ্ট মিটাৰৰ ঘৰুৱা সংযোগ বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় ।

ভূপেন বৰাৰ সকীয়নি

প্ৰতিবাদত অংশ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । তেওঁ কয়, "সাধাৰণ মানুহৰ ঘৰত লুণ্ঠনৰ স্বাৰ্থত, কমিছনৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ বহুৱাইছে । এই সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰিলে ৰাজ্যৰ ২৬ লাখ লোক ৰাজপথলৈ ওলাই আহিব । অসমৰ বিদ্যুৎ বিভাগে বাণিজ্যিক, ঔদ্যোগিক আৰু অফিচিয়েল ক্ষেত্ৰৰ পৰা ৮০ শতাংশ কৰ সংগ্ৰহ কৰে । ঘৰুৱা গ্ৰাহকৰ পৰা ২০ শতাংশ কৰ সংগ্ৰহ কৰে । চৰকাৰৰ নিৰ্দেশত মতে বাণিজ্যিক, ঔদ্যোগিক আৰু অফিচিয়েল ক্ষেত্ৰত স্মাৰ্ট মিটাৰ লগাব লাগে । কিন্তু ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মাহে ৪-৫ কোটি টকা কমিছনৰ আশাত সাধাৰণ মানুহৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই শোষণ কৰাৰ লগতে তেজ শুহিবলৈ জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে । বিৰোধী ঐক্য মঞ্চ অসমে কেতিয়াও মনে মনে বহি নাথাকো । এ পি ডি চি এলৰ বিষয়াসকলকো সকীয়াই দিছো, হিমন্ত বিশ্বক সকীয়াই দিছো । সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিলে, বিদ্যুতৰ মাচুল ৭ বাৰ বঢ়ালে । শাসনৰ নামত বিজেপিয়ে শোষণ, লুণ্ঠন চলাইছে আৰু তাৰ এক হাথিয়াৰ হৈছে স্মাৰ্ট মিটাৰ ।"

একনায়কত্ববাদী চৰকাৰ তিষ্ঠি থাকিব নোৱাৰে: অজিত কুমাৰ ভূঞা

প্ৰতিবাদত অংশ লৈ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয়, "প্ৰতিবাদৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদী চৰকাৰ তিষ্ঠি থাকিব নোৱাৰে । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন হৈছে, ইয়াৰ পিচতো যদি চৰকাৰে সাৰ নাপায় তেতিয়া বুজিব লাগিব তেওঁলোক জনবিৰোধী । সমগ্ৰ অসমত প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ'ব । এই প্ৰতিবাদৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদী চৰকাৰ তিষ্ঠি থাকিব নোৱাৰে ।"

অসম চৰকাৰৰ গা-লৰা নাই : দেবব্ৰত শইকীয়া

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, "প্ৰি-পেইড স্মাৰ্ট মিটাৰৰ প্ৰয়োজন নাই । অসমত ইতিমধ্যে ৩৫ শতাংশ স্মাৰ্ট মিটাৰ লগোৱা হৈছে । মহাৰাষ্ট্ৰ, গুজৰাটত স্মাৰ্ট মিটাৰ লগোৱা বন্ধ হৈছে । মই অসমৰ উচ্চ ন্যায়ালয়লৈ এখন পত্ৰ লিখি চৰকাৰক জবাবদিহি কৰিবলৈ অনুৰোধ জনাইছো । কিন্তু বৰ্তমানলৈ অসম চৰকাৰৰ গা-লৰা নাই । সমগ্ৰ অসমৰ জনগণে ক্ষোভ প্ৰকাশ কৰিছে । স্মাৰ্ট মিটাৰৰ ফলত মাচুল বৃদ্ধি হৈছে ।"

এই চৰকাৰ ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বিতীয় সংস্কৰণ: লুৰীণজ্যোতি গগৈ

প্ৰতিবাদত অংশ লৈ বিৰোধী ঐক্য মঞ্চৰ অন্যতম অংশীদাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে । চৰকাৰক ইষ্ট ইণ্ডিয়া চৰকাৰৰ সৈতে তুলনা কৰি তেওঁ কয়,"হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বিতীয় সংস্কৰণ । হিমন্ত বিশ্ব শৰ্মাৰ লুণ্ঠনৰ শেষ অস্ত্ৰ স্মাৰ্ট মিটাৰ । যাৰ জৰিয়তে সাধাৰণ জনতাক লুণ্ঠনৰাজ চলাব বিচাৰিছে । হিমন্তৰ চৰকাৰখন ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বিতীয় সংস্কৰণ । ৫৯ লাখ জনসাধাৰণক স্মাৰ্ট মিটাৰ দি ১২৫ কোটি টকাৰ ১০ শতাংশ কমিছনৰ সেইটোক লক্ষ্য কৰি লৈ সাধাৰণ জনতাক অন্যায় কৰিছে । আদানিক ৰক্ষণাৱেক্ষণ দিয়াৰ স্বাৰ্থত সাধাৰণ জনতাক মাধমাৰ শোধাই স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্ট ডকাইতি কৰিছে ।"

লগতে পঢ়ক :জনজাতিকৰণৰ দাবীৰে লখিমপুৰত চুতীয়া ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট - ST Demand

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.