ETV Bharat / state

পুৰণি পেন্সন নীতি পুনঃ প্ৰৱৰ্তনৰ দাবীত উত্তাল সদন, OPS এ দেউলীয়া কৰিব চৰকাৰক- মুখ্যমন্ত্ৰী - অসম বিধানসভা বাজেট অধিৱেশন

Assam Assembly Budget Session: "আজি যদি OPS কৰি দিও, তেন্তে আজি চাকৰি পোৱা ল'ৰা-ছোৱালীয়ে প্ৰতিবাদ কৰিব আমাক OPS নালাগে বুলি । OPS অনুসৰি পেন্সন দি থাকিব লাগিলে ৰাজ্যৰ অৱস্থা বেয়া হ'ব ৷ এতিয়াও বহু সংখ্যক কৰ্মচাৰীয়ে লাভ কৰে OPS অনুসৰি পেন্সন ৷"- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

OPS demand in Assembly
OPS পুনৰ প্ৰৱৰ্তন নহয় অসমত- মুখ্যমন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 1:14 PM IST

Updated : Feb 26, 2024, 4:47 PM IST

পুৰণি পেন্সন নীতি পুনঃ প্ৰৱৰ্তনৰ দাবীত উত্তাল সদন

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : 'NPS নালাগে, OPS লাগে'— পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত প্লে’ কাৰ্ড প্ৰদৰ্শনেৰে সোমবাৰে অসম বিধান সভা উত্তাল কৰিলে বিৰোধীৰ সদস্যসকলে । অ’পিএছ-এনপিএছক লৈ উত্তাল হৈ পৰিল চলিত বাজেট অধিৱেশনৰ শেষৰটো দিনত অসম বিধানসভাৰ মজিয়া ৷ চৰকাৰৰ নতুন পেন্সন আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অধিৱেশনৰ অন্তিম দিনা বিৰোধীয়ে সদন ত্যাগ কৰে।

বিৰোধীৰ দাবী নস্যাৎ কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তন কৰা নহয় বুলি ঘোষণা কৰি সদনত চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সদনত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ মন্তব্য প্ৰকাশ কৰি কয়, "আজি যদি OPS কৰি দিও, তেন্তে আজি চাকৰি পোৱা ল'ৰা-ছোৱালীয়ে প্ৰতিবাদ কৰিব আমাক OPS নালাগে বুলি । OPS অনুসৰি পেল্সন দি থাকিব লাগিলে ৰাজ্যৰ অৱস্থা বেয়া হ'ব ৷ এতিয়াও বহু সংখ্যক কৰ্মচাৰীয়ে লাভ কৰে OPS অনুসৰি পেল্সন ৷"

ইয়াৰ বিপৰীতে চৰকাৰৰ পুৰণি পেন্সন বিৰোধী স্থিতিক সমালোচনাৰে সমূহীয়াভাৱে সদন ত্যাগ কৰে বিৰোধীয়ে ৷ পুৰণি পেল্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ অখিল গগৈ আৰু চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰে সদন ত্যাগ কৰে ।

সদনৰ মজিয়াত সোমবাৰে প্ৰশ্নোত্তৰ কালত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এপিএচ আৰু অপিএছক লৈ এক প্ৰশ্ন উত্থাপন কৰে ৷ এই প্ৰসংগত সদনত সৰৱ হৈ পৰা বিৰোধীৰ এন পি এছ নীতিৰ সন্দৰ্ভত প্ৰশ্নত চৰকাৰৰ উত্তৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বিৰোধীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই সদন ত্যাগ কৰাৰ পিচত সাংবাদিকৰ সন্মুখত কয়, “চৰকাৰে কোৱাৰ দৰে এন পি এছ কেৱল ভেঞ্চাৰ স্কুল শিক্ষকৰ মাজতে সীমাবদ্ধ নহয় ৷ বৰঞ্চ এতিয়া এ পি এছ চিৰ সকলো বিষয়া, ৰাজ্যিক আৰক্ষী, ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী নতুন পেন্সন নীতিৰ অধীনত অন্তৰ্ভুক্ত হৈছে ।”

লগতে বিৰোধী দলপতিগৰাকীয়ে সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে বিকৃত তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰি কয়, “অধিৱেশনৰ অন্তিম দিনা অ’পিএছ (পুৰণি পেন্সন নীতি) সন্দৰ্ভত বিধয়াক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ বিকৃতভাৱে দিছে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে এইটো শিক্ষা বিভাগৰ সমস্যা বুলি কৈছে। এই ক্ষেত্ৰত একো কৰিব নোৱাৰে বুলি কৈছে । চৰকাৰে ঘোষণা কৰিছে যে অসমত OPS নিদিয়ে ।”

ইফালে সদন ত্যাগ কৰি বিৰোধী চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ও সদনত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি কয়, “NPS ত কৰ্মচাৰীয়ে বেছি টকা পাব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে । লগতে কৈছে যে, OPS দিলে ৫ বছৰতে দেউলীয়া হ'ব চৰকাৰ। এইদৰে চৰকাৰে নিজৰ দায়বদ্ধতা এৰাই চলিব বিচাৰিছে । NPS ওপৰত আস্থা স্থাপন কৰিব পৰা নাই কৰ্মচাৰীয়ে । আমি NPS বাতিল কৰি OPS প্ৰৱৰ্তন কৰাৰ দাবী জনাইছো ।”

আনহাতে পেন্সন নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি বিধায়ক অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰে, “ মুখ্যমন্ত্ৰীৰ নিচিনা ধুৰন্ধৰ মানুহ নাই । কথা লুটি বাগৰ মৰাত অমিত শ্বাহৰো ওপৰত মুখ্যমন্ত্ৰী । অমিত শ্বাহে ভাবে মোতকৈও ওপৰৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ৷”

লগতে পঢ়ক: অসমত ১৪খন আসন বুজাবুজিৰ দিশত অগ্ৰসৰ ১৫টা বিৰোধী ৰাজনৈতিক দল

Last Updated : Feb 26, 2024, 4:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.