ETV Bharat / state

'কা'ৰ অধীনত ৰাজ্যত প্ৰথমজন বাংলাদেশীক নাগৰিকত্ব: অসমৰ বাবে বিষাদৰ দিন আখ্যা দেৱব্ৰত শইকীয়াৰ - Citizenship under CAA in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 7:40 PM IST

Indian citizenship under CAA in Assam : অসমৰ বাবে মঙলবাৰ, ১৩ আগষ্টৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন । কিয়নো এই দিনটোতে পোন প্ৰথমবাৰৰ বাবে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত প্ৰথমগৰাকী বাংলাদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয় । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমগৰাকী বাংলাদেশী নাগৰিকক অসমত ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিষয়টোত ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Indian Citizenship Under CAA in Assam
CAAৰ অধীনত অসমত প্ৰথমজন বাংলাদেশীক নাগৰিকত্ব প্ৰদান সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, ১৪ আগষ্ট : শিলচৰত ১৯৮৮ চনৰ পৰা অবৈধভাৱে বসবাস কৰা বাংলাদেশী নাগৰিক দুলন দাসক 'কা'ৰ (CAA) যোগেদি অসমত ভাৰতীয় নাগৰিকত্ব দিয়াৰ পিছত ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে 'কা'ৰ জৰিয়তে নাগৰিকত্ব পোৱা প্ৰথমজন বাংলাদেশী লোক হিচাপে বিবেচিত হৈছে দুলন দাস ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে ৷

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই এই দিনটোক খিলঞ্জীয়া অসমীয়া মানুহৰ বাবে এটা বিষাদৰ দিন আখ্যা দিছে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বুধবাৰে সংবাদ মাধ্যমক কয়, “আজি অসমীয়া মানুহৰ বাবে এক অতি বিষাদৰ দিন । আজি পোন প্ৰথমবাৰৰ বাবে ধৰ্মনিৰপেক্ষভাৱে অসমত বসবাস কৰা অসমীয়াসকলে ১৯৭১ চনত জন্মলাভ কৰা এজন বাংলাদেশী নাগৰিকক নাগৰিকত্ব সংশোধনী আইন, ২০১৯ অনুসৰি নাগৰিকত্ব দিয়াটো চাবলগীয়া হৈছে ৷”

তেওঁ লগতে কয়, “দুলন দাস নামৰ ব্যক্তিজন বাংলাদেশত জন্মলাভ কৰাৰ পিছত ভাৰতত প্ৰৱেশ কৰিছিল ৷ ২০১৪ চনৰ ডিচেম্বৰ মাহলৈকে বাংলাদেশৰ পৰি অহা লোকক নাগৰিকত্ব দিব বুলি কোৱা নাগৰিকত্ব সংশোধনী আইনৰ অধীনত তেখেত অসমত নাগৰিকত্ব লাভ কৰা প্ৰথমজন ভাৰতীয় নাগৰিকৰূপে পৰিণত হ’ল । ইয়াৰ যোগেদি বিগত সময়ছোৱাত আমি যিদৰে অসম চুক্তিক সন্মান জনাব লাগে সেয়া কৰিব পৰা নাই । অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পৰৱৰ্তী সময়ত অসমলৈ অহা বিদেশীসকলক চিনাক্ত কৰি বিতাড়ন কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰ, অসমৰ ৰাইজ আৰু অসম চৰকাৰে যি চুক্তি কৰিছিল ৷ এই চুক্তিখনক আজি পাহৰণিৰ গৰ্ভত বিলীন কৰা হ’ল ।”

আনহাতে, অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰা অৱহেলাকে জগৰীয়া কৰিলে দেৱব্ৰত শইকীয়াই । তেওঁ কয়, “ইয়াৰ বাবে জাতি-মাটি-ভেটি ৰক্ষা কৰিম বুলি অসমৰ জনতাক বাৰম্বাৰ প্ৰতাৰণা কৰি অহা বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দায়ী ৷ ভৰতীয় জনতা পাৰ্টীয়ে অসমবাসীক প্ৰতাৰণা কৰিছে । এই প্ৰসংগত কংগ্ৰেছ দলৰ স্থিতি আজিও একেই আছে । কংগ্ৰেছ দলে পূৰ্বতে কোৱাৰ দৰেই এতিয়াও স্থিতিত অটল আছে যে ১৯৭১ চনৰ পিছত অহা কোনো লোককে আমি আশ্ৰয় দিব নোৱাৰো । যদিহে মানৱতাৰ খাতিৰত আশ্ৰয় দিবলগীয়া হয়, তেন্তে অসমৰ পৰা বহু দূৰৈত থকা কোনো অঞ্চলত তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় নাইবা ভাৰত চৰকাৰৰ নীতি অনুসৰি ভাৰত চৰকাৰে আশ্ৰয় দিব পাৰে, যাতে তেওঁলোকে অসমলৈ আহি অসমৰ অৰ্থনীতি, সামাজিক পৰিস্থিতিত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় ।”

লগতে পঢ়ক :'কা'ৰ ফলাফল: অসমত থাকি 'ভাৰতীয়' হ'ল প্ৰথমজন বাংলাদেশী দুলন দাস - Citizenship under CAA in Assam
লগতে পঢ়ক :সোনকালেই অসম এৰিব নেকি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ! কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী পুলিচ প্ৰমূখ ? - ASSAM DGP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.