ETV Bharat / state

কেন্দ্ৰই সাহায্য দিলে নে ঠগিলে: বানবিধ্বস্ত অসমলৈ এন ডি আৰ এফ শিতানত পাঁচ বছৰত দিলে মাত্র ২০৫ কোটি টকা - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 8:41 AM IST

Flood relief by Modi government: বান সাহায্যৰ নামত কেন্দ্ৰৰ প্ৰতাৰণা অসমক ৷ ৰাজ্যসভাত উন্মোচিত অসমৰ প্ৰতি কেন্দ্ৰই কৰা প্ৰতাৰণাৰ প্ৰকৃত স্বৰূপ ৷ পাঁচ বছৰত অসম চৰকাৰে ৮৩৯৩.৯৮ কোটি টকা বিচাৰি পালে ২০৫.৩১ কোটি টকা ৷ অসমৰ ক্ষেত্ৰত কৃপণালি কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, বিহাৰ, হিমাচল প্ৰদেশৰ দৰে ৰাজ্যক প্ৰতি বছৰে এন ডি আৰ এফ শিতানত দি আহিছে শকত অংকৰ পুঁজি ৷

ASSAM FLOOD 2024
বান সাহায্যৰ নামত অসমবাসীয়ে পালে কি ? (Getty Images)

গুৱাহাটী, 15 আগষ্ট: বান প্ৰভাৱিত অসমে পাঁচ বছৰত এন ডি আৰ এফ শিতানত লাভ কৰা পুঁজিৰ পৰিমাণ দেখিলে স্বাভাৱিকতে সকলোৰে চকু কপালত উঠিব ৷ প্ৰত্যেক বছৰ বাৰিষা বান-খহনীয়াই ৰাজ্যজুৰি বিস্তৰ ক্ষতিসাধন কৰে ৷ লাখ লাখ মানুহৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ কিন্তু দুৰ্যোগত হোৱা ক্ষতিৰ বিপৰীতে কেন্দ্ৰৰ পৰা অসম লাভ নকৰে পৰ্যাপ্ত সাহায্য ৷

ASSAM FLOOD 2024
অসমত বান বিভীষিকা (ETV Bharat Assam)

নৰেন্দ্ৰ মোদী চৰকাৰে অসমক দেশৰ ইঞ্জিন আখ্যা দিয়ে যদিও অসমৰ বান-খহনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷ প্ৰত্যেক বছৰে বানে ৰাজ্যখনৰ অভাৱনীয় ক্ষতি কৰে যদিও কেন্দ্ৰীয় চৰকাৰে সাহায্য প্ৰদানৰ ক্ষেত্ৰত সদায়ে কৃপণালি কৰি আহিছে ৷ বান সাহায্য প্ৰদানত কেন্দ্ৰীয় চৰকাৰে কৰা কৃপণালিৰ স্বৰূপটো শেহতীয়াকৈ উন্মোচিত হৈছে সংসদৰ মজিয়াত ৷

পাঁচ বছৰত অসম চৰকাৰে ৮৩৯৩.৯৮ কোটি টকা বিচাৰি পালে ২০৫.৩১ কোটি টকা:

ৰাজ্যসভাত খোদ কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰা অনুসৰি, বিগত পাঁচ বছৰত অসম চৰকাৰে বানৰ ক্ষয়-ক্ষতিৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ(এন ডি আৰ এফ) অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা মুঠ ৮৩৯৩.৯৮ কোটি টকা বিচাৰিছিল ৷ সেই অনুসৰি ৰাজ্য চৰকাৰৰ দাবীক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ কমিটীয়ে পৰীক্ষা-নিৰীক্ষা কৰি অসমক ১৬৯৯.৭৬ কোটি টকা প্ৰদানত অনুমোদন দিছিল ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে উচ্চ পর্যায়ৰ কমিটীয়ে অনুমোদন কৰা ধনৰ মাত্ৰ ২০৫.৩১ কোটি টকাহে অসমক প্ৰদান কৰিলে ৷

ASSAM FLOOD 2024
প্ৰতিবছৰে এই সমস্যা (ETV Bharat Assam)

অসমৰ বিপৰীতে আন ৰাজ্যৰ প্ৰতি কেন্দ্ৰৰ দৰদ বেছি:

অসমৰ ক্ষেত্ৰত কৃপণালি কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, বিহাৰ, হিমাচল প্ৰদেশৰ দৰে ৰাজ্যক প্ৰতি বছৰে এন ডি আৰ এফ শিতানত শকত অংকৰ ধন প্ৰদান কৰি আহিছে ৷ ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম সন্দৰ্ভত প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত অসমত হোৱা বান-ভূমিস্খলনৰ বাবে অসম চৰকাৰে ৩২৩৭.৭৬ কোটি টকা বিচাৰিছিল ৷ ইয়াৰ বিপৰীতে উচ্চ পর্যায়ৰ কমিটীয়ে ৬১৬.৬৩ কোটি টকা প্ৰদান কৰাত অনুমোদন দিয়ে ৷ কিন্তু এই অনুমোদনৰ পাছতো কেন্দ্ৰই এটকাও নিদিলে ৷ অথচ উক্ত বৰ্ষটোত কেন্দ্ৰীয় চৰকাৰে এন ডি আৰ এফ শিতানত বানৰ বাবে মধ্য প্ৰদেশক ১৭১২.১৪ কোটি, কর্ণাটকক ১৮৬৯.৮৫ কোটি, বিহাৰক ৯৫৩ কোটি আৰু ৰাজস্থানক ৭৮৪ কোটি টকা প্ৰদান কৰিছিল ৷

ASSAM FLOOD 2024
এন ডি আৰ এফৰ উদ্ধাৰ অভিযান (ETV Bharat Assam)

২০২০-২০২১ বিত্তীয় বৰ্ষত ২৬৪০.৮৭ কোটি টকা বিচাৰি পালে ৪৪.৩৭ কোটি টকা:

অসম চৰকাৰে ২০২০-২০২১ বিত্তীয় বৰ্ষত বানৰ ক্ষতিৰ বাবে কেন্দ্ৰৰ পৰা ২৬৪০.৮৭ কোটি টকা বিচাৰিছিল আৰু উচ্চ পৰ্যায়ৰ কমিটীয়ে ৪৩৭.১৫ কোটি টকাৰ অনুমোদন দিছিল ৷ কিন্তু কেন্দ্ৰই মোকোলাই দিয়ে মাত্ৰ ৪৪.৩৭ কোটি টকা ৷ অথচ সেই বৰ্ষত বানৰ বাবে বিহাৰক ১২৫৫.২৭ কোটি টকা, কর্ণাটকক ১৩১৮.৩ কোটি টকা, মহাৰাষ্ট্ৰক ৭০১ কোটি টকা, পশ্চিমবংগক ঘূর্ণী বতাহৰ বাবে ২২৫০ কোটি টকাকে ধৰি আন কেইবাখনো ৰাজ্যক বৃহৎ অংকৰ পুঁজি প্ৰদান কৰিছিল ৷

২০২১-২০২২ বৰ্ষত ১০৮৮.১৮ কোটি টকা বিচাৰি নাপালে এটকাও:

আনহাতে ২০২১-২০২২ বিত্তীয় বৰ্ষত অসমে বানত হোৱা ক্ষতিৰ বাবে ১০৮৮.১৮ কোটি টকা বিচাৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ কমিটীয়ে অনুমোদন দিছিল ৫১.৫৩ কোটি টকা ৷ কিন্তু কেন্দ্ৰই এটকাও মোকোলাই নিদিলে । অসমক এনেদৰে চৰম প্ৰতাৰণা কৰাৰ বিপৰীতে কিন্তু সেই বৰ্ষত বানত হোৱা ক্ষতিৰ বাবে কেন্দ্ৰই কৰ্ণাটক ১৯৬.৪৫ কোটি টকা, মধ্য প্ৰদেশক ৬০০ কোটি টকা, তামিলনাডুক ৩৫২.৮৫ কোটি টকা, মহাৰাষ্ট্ৰক ৩৫৫.৩৯ কোটি টকা, বিহাৰক ১০৩৮.৯৬ কোটি টকা দিছিল ।

ASSAM FLOOD 2024
ৰাইজক লাগে স্থায়ী সমাধান (ETV Bharat Assam)

কি পালে ২০২২-২৩ বৰ্ষত :

২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা ১৩০৯.৫০ কোটি টকা বিচৰাৰ বিপৰীতে কেন্দ্ৰৰ উচ্চ পৰ্যায়ৰ কমিটীয়ে ৫২০.৪৬৬ কোটি টকা অনুমোদন জনায়। উক্ত বৰ্ষত কেন্দ্ৰই অসমক ১৬০.৯৩৬ কোটি টকা প্ৰদান কৰে । অসমক নামমাত্র দিয়াৰ বিপৰীতে উক্ত বৰ্ষত কৰ্ণাটকক ৯৩৯.৮৩ কোটি, হিমাচল প্ৰদেশক ২১৪.২৬ কোটি টকা প্ৰদান কৰে ।

২০২৩-২৪ বিত্তীয় বৰ্ষটো নিদিলে এটকাও :

সেইদৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমত হোৱা বানৰ ক্ষয়-ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰৰ পৰা ১১৭.৬৭ কোটি টকা বিচাৰিছিল আৰু কেন্দ্ৰৰ উচ্চ পর্যায়ৰ কমিটীয়ে ৭৩.৯৮ কোটি টকাৰ অনুমোদন জনাইছিল । কিন্তু এটকাও আজিলৈকে কেন্দ্ৰীয় চৰকাৰে মোকলাই নিদিলে । অথচ হিমাচল প্ৰদেশক বান, ভূমিস্খলনৰ বাবে উক্ত বৰ্ষত ৫৯৭.৯৮ কোটি টকা, ছিকিমক ২১৯.২১ কোটি টকা আৰু তামিলনাডুক ২৭৬.১০ কোটি টকা মোকলাই দিছিল ।

ASSAM FLOOD 2024
বানাক্ৰান্তৰ দুখ বুজিবলৈ চৰকাৰৰ সময়ৰ অভাৱ (ETV Bharat Assam)

লক্ষণীয় বিষয় যে, কেন্দ্ৰীয় চৰকাৰে অসমক বান সাহায্যৰ নামত কৰি অহা প্ৰতাৰণাৰ পাছতো অসম চৰকাৰে নীৰৱতা অৱলম্বন কৰি আহিছে । নামতেহে ডাবল ইঞ্জিনৰ চৰকাৰ ।

লগতে পঢ়ক: ৫ বছৰত ৰাজ্যত কিমানজন লোকৰ বানত মৃত্যু হৈছে ? ৰাজ্যসভাত তথ্য প্ৰদান গৃহ মন্ত্ৰণালয়ৰ - Assam Flood 2024

বান অহাৰ পূৰ্বেই জিলা আয়ুক্তক প্ৰদান কৰা হৈছিল পৰ্যাপ্ত ধন: কিমান ধন বিতংকৈ ক’লে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই - Press meet on India Budget 2024

অসমৰ লগতে অন্যান্য বান বিধ্বস্ত ৰাজ্যলৈ আৰ্থিক সাহায্য ঘোষণা কেন্দ্ৰীয় বাজেটত - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.