ETV Bharat / state

অনলাইন ট্ৰেডিং জালিয়াতি: তিনিচুকীয়াৰ অভিজিতৰ চিকাৰ আছিল নামী-দামী ব্যক্তি - Online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 7:46 PM IST

Online trading fraud: চুমী-বিশালৰ অনলাইন ট্ৰেডিঙৰ জালখনত পৰিছিল তিনিচুকীয়াৰ একাংশ নামী-দামী লোক ৷ সাংস্কৃতিক জগতৰো একাংশই কৰিছিল বিনিয়োগ ৷ বিশালৰ গ্ৰেপ্তাৰৰ পিছত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ তিনিচুকীয়াৰ পৰা আটক অভিজিৎ চন্দক ৷

Online trading fraud
অনলাইন ট্ৰেডিং জালিয়াতি (ETV Bharat Assam)

তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ: ৰাজ্যজুৰি অনলাইন ট্ৰেডিঙৰ নামত চলা প্ৰৱঞ্চনাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে পোহৰলৈ আহিছে প্ৰতিটো প্ৰান্তত ট্ৰেডিঙৰ নামত একাংশই পেলোৱা জালৰ বিষয়ে ৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ২২ বছৰীয়া বিশাল ফুকনক, সপোনৰ সদাগৰ স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ তাৰ মাজতে পোহৰলৈ আহিছে বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমী বৰাৰ লগতে বিভিন্নজনৰ প্ৰৱঞ্চনাৰ জালৰ যোগসূত্ৰৰ তথ্য ।

তাৰ মাজতে বুধবাৰে মাজনিশা ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়া আৰক্ষীৰ সহযোগত তিনিচুকীয়া চহৰৰ তামোলবাৰীৰ পৰা আটক কৰে অভিজিৎ চন্দ নামৰ এগৰাকী লোকক ৷ আটক কৰিয়েই ডিব্ৰুগড় আৰক্ষীয়ে তদন্তৰ কাৰণে ডিব্ৰুগড়লৈ লৈ যায় অভিজিতক ৷

তিনিচুকীয়াৰ একাংশ ভুক্তভোগী লোকৰ অভিযোগ অনুসৰি, তিনিচুকীয়াৰ অভিজিৎ চন্দ নামৰ লোকজন বহু সাধাৰণ লোকৰ কাষলৈ গৈ ট্ৰেডিঙত ধন বিনিয়োগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে আৰু তাৰ বিনিময়ত মাহত ১০ শতাংশ লাভ পাব বুলি প্ৰলোভন দিয়ে ৷ বিনিয়োগকাৰীয়ে তিনিমাহৰ মূৰত মুঠ ৩০ শতাংশ লাভেৰে ধন লাভ কৰিব বুলি কৈ সেইসূত্ৰে এক চুক্তি পত্ৰত স্বাক্ষৰ কৰে ৷

ঠিক তেনেদৰেই অভিজিৎ চন্দই একাংশ বচা বচা ব্যৱসায়ী, চাকৰিয়াল লোকৰ কাষ চাপে আৰু বিভিন্ন লোকৰ পৰা মোটা মোটা ধন বিনিয়োগ কৰায় ৷ একোজন লোকক ২ লাখ টকাৰ পৰা ১.৫ কোটি টকালৈ বিনিয়োগ কৰোৱায় ৷ পৰৱৰ্তী সময়ত প্ৰায় এপ্ৰিল মাহৰ পৰা এজেণ্টসকলক বিশালৰ কোম্পানীয়ে ৫ শতাংশ কমিচন দিয়া বন্ধ কৰাত এজেণ্টসকলে বিনিয়োগকাৰী দিয়া বন্ধ কৰে ৷

একপ্ৰকাৰে এপ্ৰিলৰ পৰাই সংকেত লাভ কৰে চুমী-বিশাল কোম্পানীয়ে ৷ এক তথ্য অনুসৰি, তিনিচুকীয়াৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়েও চুমীৰ পাল্লাত পৰি বিশালৰ ওচৰত বিনিয়োগ কৰিছিল প্ৰায় ৫ লাখ টকা আৰু সেইগৰাকী কণ্ঠশিল্পী আৰু বায়েকৰ অনুৰোধত আন এগৰাকী ৰাজনীতিৰ স’তে জড়িত ব্যক্তিয়ে বিনিয়োগ কৰে প্ৰায় ৫০ লাখ টকা । কিন্তু সকলো বিনিয়োগকাৰীয়ে এতিয়া মাত্ৰ নিজৰ কষ্টোপাৰ্জিত ধনখিনি ওভতাই পোৱাৰ আশাতেই আৰক্ষীৰ কাষ চপাৰ পৰা বিৰত থকা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: হেৰুওৱা ধন বিচাৰি থানাত ভুক্তভোগীৰ কান্দোন : প্ৰৱঞ্চক ৰঞ্জিৎ কাকতিক আদালতত হাজিৰ - Online Investment Scam

শিলচৰত চিটফাণ্ডকাণ্ডত তৃণমূল কংগ্ৰেছৰ নেতাসহ ধৃত ৭ - Cachar Chit Fund Case

অনলাইন ট্ৰেডিং কেলেংকাৰীৰ জালত নপৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে এই পৰামৰ্শ... - Online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.