ETV Bharat / state

ট্ৰেডিং কেলেংকাৰী: প্ৰয়োজনত তদন্তৰ ভাৰ চি বি আইক দিয়াৰ কথা ক'লে মুখ্যমন্ত্রীয়ে - CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 1:56 PM IST

CM Himanta Biswa Sarma: শনিবাৰে নিশা সামাজিক মাধ্যমযোগে জনতাক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিয়াগোম অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ প্ৰয়োজনত চিবিআইক অৰ্পন কৰাৰ কথাও উল্লেখ কৰে মুখ্য়মন্ত্ৰীয়ে ।

ASSAM CM ON ONLINE TRADING
ট্ৰেডিং কেলেংকাৰী প্ৰসংগত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত প্ৰয়োজনত চি বি আই তদন্ত দিয়াৰ বাবে প্ৰস্তুত আছে অসম চৰকাৰ । এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে নিশা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, "অভিনেতাই হওক নাইবা অভিনেত্রী হওক বা আন কোনোৱাই হওক ট্ৰেডিঙৰ লগত জড়িত প্ৰত্যেককে গ্ৰেপ্তাৰ কৰিবৰ বাবে পুলিচক নিৰ্দেশ দিয়া হৈছে । এনে ঘটনা যাতে পুনৰ নহয় তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব । সকলো মানুহে ষ্টকত টকা বিনিয়োগ কৰিব পাৰে । ই এটা সৎ পন্থা । কিন্তু অধিক সুদ দিম বুলি কৈ দুখীয়া মানুহৰ টকা লোৱাটো অপৰাধ । অসৎ পন্থাৰে এনে ধৰণে টকা সংগ্ৰহ কৰা প্ৰত্যেকজন লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে আমি অসম পুলিচক এটা এছ আই টি গঠন কৰিব দিছো ।"

লগতে তেওঁ কয়, "বহুতে কয় যে এনে ঘটনা চলি আহিছে । কিন্তু মই আগতে জনা নাছিলো । কিছুদিন আগতে এটা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিছিল যে তেওঁলোকে এক কোটি টকা মুখ্যমন্ত্রীৰ সাহায্য পুঁজিত দিব বিচাৰে । মোৰ সন্দেহ হ'ল আৰু তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো । বিষয়টো সন্দৰ্ভত পুলিচক তদন্ত কৰিব দিলো । বৰ্তমান ঘটনাটো বিয়াগোম ঘটনালৈ পৰিগণিত হৈছে । এই ঘটনাটোৰ তদন্ত কৰিবলৈ প্ৰৱৰ্তক নিৰ্দেশালয় আৰু আয়কৰ বিভাগলৈ চিঠি লিখিছো । এই ঘটনাত আন্তঃৰাজ্যিক চক্ৰ জড়িত থাকিলে প্ৰয়োজনত চি বি আইলৈ দিয়াৰ বাবেও আমি সাজু হৈ আছো ।"

নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া :

অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "১৫ ছেপ্টেম্বৰত আমাৰ প্ৰথমটো নিযুক্তিৰ পৰীক্ষা আৰম্ভ হ'ব । ১১ লাখ প্ৰাৰ্থী । পৰীক্ষা অনুষ্ঠিত কৰাটো সহজ নহয় । এইবাৰ পৰীক্ষা কেন্দ্ৰও বহুত আৰু প্ৰত্যাহ্বানো বহুত । পৰীক্ষা যাতে সুন্দৰভাৱে হয় তাৰ বাবে প্ৰস্তুতি চলোৱা হ'ব । পৰীক্ষাত নকল কৰা বা নিয়মৰ বাহিৰত যোৱা সকলৰ বাবে চৰকাৰে এখন আইন বিধানসভাত প্ৰণয়ন কৰিছে । ইয়াৰ ফলত পৰীক্ষাত নকল কৰা জনক গ্ৰেপ্তাৰ কৰাৰ উপৰি তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ ডাঙৰ দফা আইনত আছে । স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাটো ইমান সহজ নহয় । আমি সোঁতৰ বিৰপীতে গৈ কাম কৰিছো । মেধাৰ ভিত্তিক চাকৰি পোৱাৰ বাবে আমি কাম কৰিছো ।"

লগতে পঢ়ক : বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি আই ডিক - CM Himanta Biswa Sarma

আনাহতে থানা কমিটীৰ সভা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "থানাৰ অ' চি আৰু থানা কমিটিৰ অধ্যক্ষসকলক একেলগে মাতি নাগৰিক সকলকৰ কাষ চাপি কাম কৰাৰ বাবে কিছু পৰামৰ্শ দিলো ।"

সেইদৰে ৰাজনৈতিক প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "মই অসমৰ মুখ্যমন্ত্রী হোৱাৰ লগতে বিজেপিৰ এজন সদস্য । বিজেপি এনেকুৱা এটা দল যাৰ সভাপতিসকলক চালে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা জে পি নাড্ডালৈ কোনো এজন সভাপতিৰ পৰিয়ালৰ লোক দুবাৰ সভাপতি হোৱা নাই । প্ৰতিগৰাকী সভাপতি সৰু সৰু পৰিয়ালৰ পৰা আহি ডাঙৰ ব্যক্তি হৈছে । প্ৰতিগৰাকী সভাপতিৰ জীৱন গাঁথাই আমাক প্ৰেৰণা দিয়ে । আজি মই এই দলটোৰ সদস্য হ'বলৈ আপোনালোককো আমন্ত্ৰণ জনাম । ২ ছেপ্টেম্বৰৰ পৰা আমাৰ দলটোৰ সংগঠন পৰ্ব আৰম্ভ হৈছে । বিজেপিৰ সদস্যতা অতি সহজতে ল'ব পাৰি । ৮৮০০০০২০২৪ নম্বৰত মিছড ক'ল দিলে অ'টিপি পোৱা যায় । এই অ'টিপি দিলে ফৰ্ম এখন আহিব আৰু এইখন পূৰণ কৰিলেই সদস্যতা লাভ কৰিব পৰা যায় । মই সকলোকে আগবাঢ়ি অহাৰ বাবে আহ্বান জনাইছো ।"

লগতে পঢ়ক : এপ্ৰিলৰ ভিতৰত ৰূপায়ণ হ'ব ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শ : মুখ্যমন্ত্ৰী - JUSTICE B K SARMA COMMISSION REPORT

সামাজিক মাধ্যমযোগে উত্তৰ অসম ভ্ৰমণৰ অভিজ্ঞতা ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে চটিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, বিহপুৰীয়া, লখিমপুৰ আদি স্থান ভ্ৰমণ কৰি উত্তৰ লখিমপুৰৰ ৰাইজক প্ৰায় ৩০০ কোটি টকাৰ বিভিন্ন আঁচনি উপহাৰ দিয়াৰ কথা উল্লেখ কৰে ।

মুখ্যমন্ত্রীয়ে কয়, "এইবাৰ ডিব্ৰুগড়ত শিক্ষক দিৱস অনুষ্ঠানত অংশ গ্ৰহণ কৰো । নিশা শদিয়ালৈ গ'লো । ৫২ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হ'ল । ৬ ছেপ্টেম্বৰত ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ কাৰ্যালয় এটা মুকলি কৰা হয় । শিলচৰতো মিনি সচিবালয় নিৰ্মাণ কৰি থকা হৈছে ।"

লখিমপুৰৰ কেবিনেটৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "কেবিনেটত অসমক সুৰক্ষা আৰু বিদেশীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা সন্দৰ্ভত আলোচনা কৰা হয় । বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয় । বিপ্লৱ শৰ্মা কমিটীয়ে ৬৭ টা অনুমোদন দিছিল । ইয়াৰে ৫২টা অনুমোদন ৰাজ্য চৰকাৰৰ অধিকাৰৰ আৰু ৫ টা ৰাজ্য আৰু কেন্দ্ৰ দুয়োটাৰে । আনহাতে ১০ টা অনুমোদন কেন্দ্ৰৰ অধিকাৰৰ । ইয়াৰ ৰূপায়ণৰ বাবে কেন্দ্ৰৰ লগত কথা পাতিম । ৫২টা অনুমোদন ব'হাগ বিহুৰ আগত ৰূপায়ণ কৰিম । আছুক বিশ্বাসত লৈ আগবাঢ়িম। বৰাক আৰু ষষ্ঠ অনুসূচীৰ এলেকাত ৰাইজৰ লগত কথা পাতি সাৱধানে আগবাঢ়িম ।"

লগতে পঢ়ক : অসমৰ চাৰিখন জিলাত জনসংখ্যাতকৈ বেছিকৈ ওলাইছে আধাৰ কাৰ্ড - NEW RULE FOR AADHAAR CARD IN ASSAM

মুখ্যমন্ত্রীয়ে লগতে কয়, "যোৱা কিছু দিনত কৰিমগঞ্জত আমি বাংলাদেশী নাগৰিক কেইবাজনো চিনাক্ত কৰিছো । যোৱা দুমাহত ৬০ জনকৈ বেছি গ্ৰেপ্তাৰ কৰা হৈছে । সন্দেহ হয় কিছু বিদেশী সোমাই আছে নেকি । এন আৰ চিৰ প্ৰক্ৰিয়া চলি থকা সময়ত অনুপ্ৰৱেশৰ চেষ্টা হৈছিল । সীমান্ত পুলিচক শক্তিশালীভাৱে বি এছ এফৰ লগত একেলগে কাম কৰি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটোক নতুনকৈ আৰাম্ভ কৰাৰ বাবে অধিসূচনা জাৰি কৰা হৈছে । এই কথাই আমাক নিশ্চিত কৰিব যে অসমত নতুনকৈ কিছু বিদেশী সোমাল নেকি ।"

আধাৰ কাৰ্ডৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "অসমত নিৰন্তৰভাৱে আধাৰ কাৰ্ড দি থকা হৈছে । আনহাতে কিছু দিনৰ ভিতৰত বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিয়া হ'ব । আধাৰ কাৰ্ড লোৱাৰ ক্ষেত্রত সন্দেহৰ অবকাশ থাকে । চৰকাৰে এটা সিদ্ধান্ত লৈছো যে আধাৰ কাৰ্ড লোৱাৰ আগতে অন্ততঃ ২০১৪ চনত এন আৰ চিত আবেদন কৰাৰ প্ৰমাণ থাকিব লাগিব । আবেদন নকৰা মানে ২০১৪ চনৰ পাচত আহিছে । এই প্ৰক্ৰিয়াৰ পৰা চাহ বাগিচাৰ লোক আঁতৰত থাকিব ।"

ধিঙৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ লগত জড়িত আন দুজন অপৰাধীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে । অপৰাধী পলাবই আৰু পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিব। কেতিয়াবা কিছু পলম হ'ব পাৰে । কিন্তু অপৰাধী সাৰি যাব নোৱাৰে ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "বৰাক, উত্তৰ আৰু উজনিৰ পাচত এইবাৰ এই মাহৰ ভিতৰতে বৰপেটা, নলবাৰী, বঙাইগাঁও আৰু চিৰাং জিলালৈ যাম । বঙাইগাঁৱৰ পৰা এইবাৰ বন্দে ভাৰত ৰে'লত আহিম ।" আনহাতে মুখ্যমন্ত্রীয়ে নিযুত মইনা আঁচনিৰ হিতাধীকাৰীসকলক তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন অক্টোবৰ মাহত আদায় দিয়াৰ বাবে কাম কৰি থকাৰ কথা সদৰী কৰে ।

লগতে পঢ়ক : নাগৰিক সমিতি সন্মিলন; অসম আৰক্ষীক উচ্চ প্ৰশংসা মুখ্যমন্ত্ৰীৰ - Nagarik Samitis conference

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.