ETV Bharat / state

অসমত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাক লৈ সষ্টম আৰক্ষী : গুৱাহাটীত আটক স্বপ্ননীল দাস - SAPNANIL DAS DETAINED

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 1:27 PM IST

Online Trading Scam : বিশাল ফুকনৰ পাছত এইবাৰ আৰক্ষীৰ জালত স্বপ্ননীল দাস ৷ অনলাইন ট্ৰেডিঙৰ জৰিয়তে লুণ্ঠন চলোৱা অভিযোগ স্বপ্ননীল দাসৰ বিৰুদ্ধে ৷ সোমবাৰে নিশা হাতীগাঁও আৰক্ষীৰ সহযোগত দিশপুৰ আৰক্ষীয়ে ৱায়াৰলেছৰ এটা বিলাসী ফ্লেটৰ পৰা আটক কৰে দাসক । ইফালে অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি মহানগৰ আৰক্ষীয়ে অভিযান অব্য়াহত ৰাখিছে ।

SAPNANIL DAS DETAINED
গুৱাহাটীত আটক স্বপ্ননীল দাস (X_@DasSapnanil)

গুৱাহাটী, ৩ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ জৰিয়তে লুণ্ঠন চলোৱা চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ সোমবাৰে বিয়লি ডিব্ৰুগড়ৰ ব্যৱসায়ী বিশাল ফুকনক আটক কৰাৰ পাচত নিশা পুনৰ মহানগৰীৰ পৰা আটক কৰে প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত স্বপ্ননীল দাসক ৷

অভিযোগ অনুসৰি, স্বপ্ননীল দাসে গ্ৰাহকক লুটি কটাইছিল বিলাসী জীৱন ৷ মন গ’লেই প্ৰমোদ ভ্ৰমণৰ বাবে গৈছিল বিদেশলৈ । নাছিল টকা-পইচাৰ কোনো অভাৱ । বিলাসী বাহনত উঠি ঘূৰি ফুৰিছিল বিভিন্ন প্ৰান্তত । মনৰ ইচ্ছা মতেই কৰি গৈছিল মন যোৱা প্ৰতিটো কাম । কিন্তু ভাগ্যৰ কি বিড়ম্বনা ! সোমবাৰে মাজনিশা স্বপ্ননীলক বিচাৰি মহানগৰ আৰক্ষীৰ চলিল মাৰাথন অভিযান ।

অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহু গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত অভিযুক্ত স্বপ্ননীলৰ বিৰুদ্ধে দিশপুৰ আৰক্ষীয়ে চলালে এই অভিযান । মহানগৰীৰ বেলতলাৰ ৱায়াৰলেছৰ বশিষ্ঠপুৰ ১ উপপথৰ এটা বিলাসী ফ্লেটৰ পৰা আৰক্ষীয়ে আটক কৰে স্বপ্ননীল দাসক । তাৰোপৰি তেওঁৰ দুখন বিলাসী বাহনো দিশপুৰ আৰক্ষীয়ে জব্দ কৰে । দিশপুৰ আৰক্ষীক অভিযানত সহায় কৰে হাতীগাঁও আৰক্ষীয়ে ।

Online Trading Scam

কিছুদিন পূৰ্বে ডি বি ষ্টক কনছালটেন্সী নামৰ এক বিত্তীয় প্ৰতিষ্ঠান খুলি দীপাংকৰ বৰ্মন নামৰ এজন ব্যৱসায়ীয়ে সমগ্ৰ ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পিছতে চৰ্চালৈ আহিছিল ডিব্ৰুগড়ৰ বিশাল ফুকনৰ নাম । অতি কম বয়সতে ষ্টক মাৰ্কেটত বিনিয়োগ কৰি কোটিপতি হোৱা বিশাল ফুকনৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টত সোমবাৰে বিয়লি ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই তেওঁক আটক কৰে ।

ইফালে বিশাল ফুকনক আটক কৰাৰ পাচত নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি মহানগৰ আৰক্ষীয়ে অভিযান অব্য়াহত ৰাখিছে । চুমী বৰাৰ ফোনটো কালি অৰ্থাৎ সোমবাৰে নিশাৰে পৰা অফ হৈ আছে বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক: আৰক্ষীৰ জালত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকন - Bishal Phukan Detain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.