ETV Bharat / state

অগ্নিগৰ্ভা বাংলাদেশ: সুকলমে অসমত উপস্থিত মণিৰুজ্জামান - Violence hit Bangladesh

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 1:40 PM IST

Violence in Bangladesh: সুকলমে ধুবুৰীত উপস্থিত অগ্নিগৰ্ভা বাংলাদেশত অধ্যয়ণৰত মণিৰুজ্জামান আহমেদ ৷ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় আৰু বাংলাদেশ আৰক্ষীয়ে প্ৰদান কৰা নিৰাপত্তাৰ সহায়ত স্ব-গৃহত উপস্থিত আহমেদ ৷

one student arrive in Dhubri of Assam from violence-torn Bangladesh
সুকলমে অসমত উপস্থিত মণিৰুজ্জামান (ETV Bharat Assam)

ধুবুৰী, 21 জুলাই: বাংলাদেশৰ হিংসাত্মক আন্দোলনৰ প্ৰভাৱ পৰিছে দেশখনত অধ্যয়নৰত ভাৰতীয় শিক্ষাৰ্থীৰ ওপৰত ৷ প্ৰাণৰ মমতাত দেশখনত থকা ভাৰতীয় উচ্চায়ুক্তৰ সহায়ত স্ব-গৃহলৈ উভতি আহিছে ভাৰতীয় শিক্ষাৰ্থীসকল ৷ পৰিয়ালৰ ভয়-উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত শনিবাৰে নিজ গৃহত উপস্থিত হ’ল বাংলাদেশত অধ্যয়নৰত অসমৰ ধুবুৰীৰ গৌৰীপুৰৰ এগৰাকী ছাত্ৰ । ছাত্ৰজনৰ নাম মণিৰুজ্জামান আহমেদ ৷

বাংলাদেশৰ ঢাকাৰ সমীপৰ মাণিকগঞ্জৰ এখন ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ মণিৰুজ্জামান ৷ দেশখনৰ পৰিস্থিতি অধিক অগ্নিগৰ্ভা হৈ পৰাৰ পাচতে অসমৰ মণিৰুজ্জামানকে ধৰি ঢাকা বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ কলেজখনৰ 60/70 গৰাকী ছাত্ৰ সুকলমে বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় আৰু বাংলাদেশ আৰক্ষীয়ে প্ৰদান কৰা নিৰাপত্তাৰ সহায়ত দেশখনৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷

শিক্ষাৰ্থীসকলে প্ৰথমে ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হোৱাৰ পিচত পশ্চিমবংগৰ কলিকাতাত প্ৰৱেশ কৰে বুলি জানিবলৈ দিয়ে । ইয়াৰ পাচতে কলিকতাৰ শিয়ালদহৰ পৰা ৰে’লেৰে আহি প্ৰথমে পশ্চিমবংগৰ কোচবিহাৰ আৰু কোচবিহাৰৰ পৰা ধুবুৰীৰ গৌৰীপুৰৰ নিজ গৃহত সুকলমে আহি উপস্থিত হয় ছাত্ৰজন ।

উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ 1971 চনৰ স্বাধীনতাৰ আন্দোলনৰ শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ বাবে 30 শতাংশলৈকে চৰকাৰী নিযুক্তি সংৰক্ষণৰ ব্যৱস্থা আছে । প্ৰতিবাদকাৰীসকলে এই সংৰক্ষণ ব্যৱস্থাৰ বিলুপ্তি দাবী কৰে আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি প্ৰদানৰ বাবে দাবী জনায় ।

দেশখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ইমানেই অৱনতি ঘটিছে যে ইন্টাৰনেট সেৱা পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে ৷ এই পৰিস্থিতিৰ ফলত ইতিমধ্যে 2 শতাধিক নাগৰিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: শিক্ষাৰ্থীৰ প্ৰতিবাদত জ্বলিছে বাংলাদেশ - Bangladesh violence

ডাউকি চেক পোষ্টেৰে বাংলাদেশৰ পৰা স্থানান্তৰ ৪০৫ ভাৰতীয় শিক্ষাৰ্থী : মেঘালয়ৰ মুখ্যমন্ত্ৰী - Bangladesh Violence

অগ্নিগৰ্ভা বাংলাদেশ: অব্যাহত ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰত্যাৱৰ্তন - Bangladesh violence

প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি কাৰ্ফিউ জাৰি : ডাউকিৰে মেঘালয়ত প্ৰৱেশ আৰু ৩৬০ লোক - Bangladesh violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.