ETV Bharat / state

আন এক ধৰ্ষণকাণ্ড: তেজপুৰত দুই যুৱকৰ কামনাৰ বলি বিশেষভাৱে সক্ষম কিশোৰী - Rape case in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:55 PM IST

Rape case in Tezpur: এটাৰ পিছত এটাকৈ ধৰ্ষণৰ দৰে জঘন্য ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য । ধিঙত সংঘটিত জঘন্য ধৰ্ষণৰ ঘটনাই ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে তেজপুৰত পোহৰলৈ আহিছে বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ কৰাৰ দৰে আন এক জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনা । ঘটনা সন্দৰ্ভত এটা অভিযুক্তক গ্ৰেপ্তাৰ । আত্মীয়ৰ নীৰৱতাৰ বিপৰীতে শাস্তিৰ দাবী জনালে নিৰ্যাতিতাই ।

One accused arrested for raping a specially-abled girl in Tezpur
দুই যুৱকৰ কামনাৰ বলি বিশেষভাৱে সক্ষম কিশোৰী (ETV Bharat Assam)

তেজপুৰ,২৩ আগষ্ট: দেশ কঁপোৱা কলকতাকাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱৰ ধিঙত সংঘটিত হোৱা পাশৱিক ঘটনাই জোকাৰি যায় ৰাজ্য । ইফালে ধিঙৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তে শুকুৰবাৰে পুনৰ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত এক অঞ্চলত এগৰাকী দিব্যাংগ কিশোৰীক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহে । ঘটনাক লৈ সমগ্ৰ তেজপুৰত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

১৫ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰী কামনাৰ বলি হ'ল দুই পাষণ্ডৰ । শুকুৰবাৰে পোহৰলৈ অহা এই জঘন্য ঘটনা সংঘটিত হৈছিল সোমবাৰে ৷ আত্মীয়ৰ ঘৰৰ পৰা গৃহ অভিমুখে আহি থকা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ কিশোৰীগৰাকীক দুই পাষণ্ডই বন্দী কৰি উপৰ্যুপৰি ধৰ্ষণ কৰে । আনহাতে ঘটনাৰ বিষয়ে জানিব পাৰি কিশোৰীৰ পৰিয়ালৰ লোকে স্থানীয় বৰঘাট আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰু ভুক্তভোগী কিশোৰী গৰাকীৰ ভাষ্য অনুসৰি অভিযান চলাই আৰক্ষীয়ে আকাশ মুণ্ডা নামৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

ইতিমধ্যে তেজপুৰ আদালতে অভিযুক্তক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়াৰ বিপৰীতে এই পৰ্যন্ত আন এক অভিযুক্ত ধৰ্ষণকাৰী পলাতক অৱস্থাত আছে । এই জঘন্য ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষীয়ে “ভাৰতীয় ন্যায় সংহিতা”ৰ অধীনত ৬৪(২)(কে) আৰু শিশু সুৰক্ষা আইনৰ ছয় নম্বৰ ধাৰাৰ অধীনত ৫০১/২০২৪ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে,ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়াল, আত্মীয় তথা গাঁওবাসী কোনেও মুখ খুলিব বিচৰা নাই যদিও সাহসেৰে বিশেষভাৱে সক্ষম কিশোৰী গৰাকীয়ে ন্যায় প্ৰাপ্তিৰ আশাৰে ঘটনা সম্পৰ্কে উল্লেখ কৰে ।

লগতে পঢ়ক: ধিঙৰ জঘন্য কাণ্ডক লৈ সৰ্বত্ৰে ধিক্কাৰ-গৰিহণা : কংগ্ৰেছ নেতাৰ প্ৰতিক্ৰিয়া - Dhing rape case

ধৰ্ষণকাণ্ডই জোকাৰিছে ৰাজ্য : ধিংকন্যাক ন্যায়ৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.