বৰপেটাৰোড, 15 ছেপ্টেম্বৰ : এতিয়া উৎসৱৰ বতৰ ৷ ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ ৷ কোনো যদি বোকা মাটি লেপাত ব্যস্ত হৈছে, আন কোনোৱে আকৌ মূৰ্তিৰ সজ্জা নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৷ কাৰো যেন মূৰ তুলিবলৈ আহৰি নাই ৷ গণেশ পূজা শেষ হোৱাৰ পাচতে এইবাৰ ৰাজ্য তথা দেশবাসীয়ে উদযাপন কৰিবলৈ লৈছে বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা ৷
কিন্তু পূৰ্বৰ দৰে নাই পূজাৰ আনন্দ-উল্লাস ৷ থলুৱা মৃৎশিল্পীলেও মাত্ৰ পেটৰ তাড়ণা আৰু পুৰণি পৰম্পৰা ধৰি ৰখাৰ স্বাৰ্থত কৰি গৈছে নিত্য-নৈমিতিক কাম-কাজ ৷ কিয়নো পূৰ্বৰ দৰে নাই থলুৱা মৃৎশিল্পীৰ আদৰ, বজাৰত নাই মাটিৰ মূৰ্তিৰ সমাদৰ ৷
এইবোৰৰ বিপৰীতে বজাৰত স্থান দখল কৰিছে প্লাষ্টিকৰ মূৰ্তি, প্লাষ্টিকৰ ফুলৰ মালা নাইবা বহিঃৰাজ্যত নিৰ্মিত প্লাষ্টিকৰ সামগ্ৰীয়ে ৷ ফলত চিন্তিত হৈ পৰিছে থলুৱা মৃৎশিল্পীলসকল ৷
- থলুৱা মৃৎশিল্পী সুনীল পালৰ আক্ষেপ :
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত থলুৱা মৃৎশিল্পী সুনীল পালে কয়, ‘‘পোৰামাটি আৰু প্লাষ্টিকৰ মূৰ্তিৰে ভৰিছে বজাৰ ৷ পূজা-পাৰ্বনত সমাদৰ নাই থলুৱা মূৰ্তিৰ ৷ ফলত বৰপেটাৰোডৰ থলুৱা মৃৎশিল্পীসকলে কেঁচা মাটিৰে নিৰ্মাণ কৰা মূৰ্তিয়ে সমাদৰ লাভ কৰা নাই বৰপেটাৰোডত । ইফালে মূৰ্তি প্ৰস্তুত কৰিবলৈ যি পইচা দিয়ে, সেয়া আমাৰ হাজিৰাই নহয় ৷ তাতে বস্তুৰ ইমান দাম ৷ ইফালে নতুন প্ৰজন্মও এইবোৰৰ প্ৰতি আগ্ৰহী হোৱা দেখা নাযায় ৷’’
- থলুৱা মৃৎশিল্পী তথা বিক্ৰেতা সত্য পালৰ মনৰ অনুভৱ :
‘‘বৰপেটাৰোডৰ বজাৰ বাহিৰৰ পৰা অনা প্লাষ্টিকৰ ফুল, প্লাষ্টিকৰ মালাকে ধৰি বিভিন্ন সাসামগ্ৰীয়ে ভৰি পৰিছে ৷ চৰকাৰে মাজে সময়ে প্লাষ্টিক বৰ্জন কৰাৰ ঘোষণা কৰি আহিছে যদিও বৰপেটাৰোডৰ বজাৰত প্লাষ্টিকৰ প্ৰচলন অবাধে চলি আছে । বজাৰত গ্ৰাহকে প্লাষ্টিকৰ বিভিন্ন সামগ্ৰী অতি কম মূল্যত পোৱাৰ বাবে কেঁচা মাটিৰে নিৰ্মাণ কৰা সকলো সামগ্ৰীৰ চাহিদা দিনক দিনে কমি আহিছে ৷’’ এইদৰে আক্ষেপ কৰে মূৰ্তি বিক্ৰেতাগৰাকীয়ে ৷