ETV Bharat / state

নুমলীগড় আৰক্ষী থানাৰ সমীপতেই সক্ৰিয় তেলচুৰি চক্ৰ - Oil theft racket - OIL THEFT RACKET

Oil smuggling in Assam : নিশা নুমলীগড় আৰক্ষী থানাৰ অধীনৰ তেলগৰমত তেলচুৰি চক্ৰ উৎখাত। বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ পৰিষদে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং তেল । তেল চুৰি চক্ৰক সকীয়নি সংগঠন দুটাৰ ।

Oil smuggling in Assam
তেলচুৰি চক্ৰ উৎখাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 2:13 PM IST

গোলাঘাট, ২৭ আগষ্ট: তেলচুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও এই বেহা অব্য়াহত আছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাত অবৈধ চোৰাং তেলৰ বেহা অব্য়াহত থকাত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন । জিলাখনৰ নুমলীগড়ত সোমবাৰে নিশা বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ পৰিষদে অভিযান চলাই জনৈক চাহু উপাধিৰ এজন লোকৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ তেল জব্দ কৰিবলৈ সক্ষম হয় ।

তেলচুৰি চক্ৰ উৎখাত (ETV Bharat Assam)

হাতে-লোটে জব্দ চুৰি তেল :

উত্থাপিত অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি নুমলীগড় আৰক্ষীৰ চকুৰ সন্মুখতে দৈনিক শ শ লিটাৰ তেল চুৰি কৰি বিক্ৰী কৰি আহিছে । যোৱা সোমবাৰে নিশাও এনেদৰে বিক্ৰী কৰি থাকোতেই বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ পৰিষদে হাতে-লোটে জব্দ কৰে চুৰি তেল । সংগঠন দুটাই এই চুৰি কাৰ্যত জড়িত চাহু উপাধিৰ লোকজনক কৰায়ত্ত কৰে ।

ইফালে,নুমলীগড় অঞ্চলত শোধনাগাৰৰ পৰা শিলিগুড়িলৈ যোৱা পাইপ লাইন ফুটাই এটা চক্ৰই বিপদজনকভাৱে বাৰম্বাৰ চুৰি কাৰ্য সংঘটিত কৰি আহিছে যদিও আজিপৰ্যন্ত চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসনে । এই চোৰাং তেলৰ ঘাটি উৎখাত কৰি জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰাজীৱ লস্কৰে কয়," নুমলীগড় অঞ্চলত দুটাকৈ তেল ডিপ' থকাৰ পাছত এজন লোকৰ বাসগৃহত বুজন পৰিমাণৰ তেল মজুত থকাটো কেনেধৰণৰ কথা । গুৰুত্বপূৰ্ণ কথা এই যে নুমলীগড় আৰক্ষী থানাৰ কাষত এনেদৰে কেনেকৈ সম্ভৱ ? নুমলীগড় অঞ্চলৰ আশে-পাশে কোনো কাৰণত চোৰাং তেলৰ বেহা চলাবলৈ দিয়া নহ'ব । এনে তেলচুৰি কাৰ্যৰ লগত জড়িত থকা সকলৰ বিৰুদ্ধে যিকোনো পৰিস্থিতি সৃষ্টি কৰিবলৈ আমি বাধ্য হ'ম ।"

তেলচোৰক শাস্তি বিহাৰ দাবী :

তেওঁ উৎখাত কৰা চোৰাং তেলচুৰি কাৰ্যৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰি উচিত শান্তি প্ৰদানৰ দাবী জনায় । আনহাতে, স্থানীয় এজন লোকে এই তেল চোৰৰ ঘাটি উৎখাত কৰা বাবে বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ পৰিষদক ধন্যবাদ জ্ঞাপন কৰি কয়, "এইটো এটা বৃহৎ চক্ৰ চলি আছিল । আমি এই বিষয়ে অৱগত নহয় যদিও বিভিন্ন সময়ত মটৰ চাইকেলত তেল ভৰাই থকা দেখা পাওঁ আৰু এই বিষয়ে সুধিলে আমি পট্ৰ'ল পাম্পৰ পৰা আনি বিক্ৰী কৰি পৰিয়াল চলাই আছো বুলি কয় ।"

লগতে পঢ়ক:তেলচুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগ : বিধায়ক নুৰুল হুদাৰ পুত্ৰক গ্ৰেপ্তাৰ - MLA Nurul Huda son arrested

তেলচুৰি কাণ্ডত বিধায়ক নুৰুল হুদা জড়িত থকাৰ অভিযোগ দুলু আহমেদৰ - Nagaon oil theft racket

তেলচুৰি কাণ্ড : আৰক্ষীৰ জিম্মাত বিধায়কপুত্ৰ ৰকিবুল - Nagaon Oil Theft racket

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.