ETV Bharat / state

জিলা আয়ুক্ত কাৰ্যালয়ৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ বিষয়াক - Attack on Govt Officer - ATTACK ON GOVT OFFICER

Violence inside govt office: জিলা আয়ুক্ত কাৰ্যালয়ত চাঞ্চল্যৰ ঘটনা । চোকা অস্ত্ৰৰে আক্ৰমণ চৰকাৰী বিষয়াক । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুৰ্বৃত্তই ।

Officer attacked with sharp weapons inside Morigaon DC office
চোকা অস্ত্ৰৰে আক্ৰমণ বিষয়াক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2024, 9:57 PM IST

ধিং,২৬ ছেপ্টেম্বৰ: জিলা আয়ুক্তৰ কাৰ্যালয়ত সাধাৰণতেই নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা থাকে ৷ এই কথা নিশ্চয় আপোনাক দুনাই কোৱাৰ প্ৰয়োজন নাই ৷ কিন্তু তাৰ পিচতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত এজন চৰকাৰী কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণৰ ঘটনা ঘটিছে এইখন অসমতে ৷ মৰিগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানক কাৰ্যালয়ৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ ।

মৰিগাঁও জিলা গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত ছুৰিকাঘাতৰ দৰে জঘন্য ঘটনা । জিলা আয়ুক্তৰ কাৰ্যালয়ত অৱস্থিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্য্যালয়ত কৰ্তব্যৰত অৱস্থাত সহকাৰী সঞ্চালক মতিনুৰ ৰহমানক দুৰ্বৃত্তই আক্ৰমণ কৰি আহত কৰে ।

চোকা অস্ত্ৰৰে আক্ৰমণ বিষয়াক (ETV Bharat Assam)

ছুৰিকাঘাতৰ ঘটনা সংঘটিত কৰা দুৰ্বৃত্তটো লাহৰীঘাটৰ খাইৰুল ইছলাম বুলি জানিব পৰা গৈছে । চৰকাৰী চাউল বক্ৰ পথেৰে বিক্ৰী কৰি অহাৰ অপৰাধত নগাবন্ধা সমবায় সমিতি লিমিটেড নামৰ সমবায়খনক নিলম্বন কৰিছিল সহকাৰী সঞ্চালক মতিনুৰ ৰহমানে । কেৱল এয়াই নহয়, নগাবন্ধা সমবায় সমিতিৰ বাবদ চৰকাৰে অনুদান দিয়া ৮৮ লাখ টকাৰ পৰা ৫৩ লাখ টকাৰ কেলেংকাৰী সংঘটিত হৈছিল বুলি ৰাইজে মৰিগাঁও জিলাৰ আয়ুক্ত হাতত লিখিত অভিযোগ দাখিল কৰিছিল ।

এইদৰে লাহৰীঘাট সমষ্টিৰ ৬ খন সমবায় সমিতিৰ বিৰুদ্ধে উখাপিত হোৱা অভিযোগৰ ভিত্তিত সহকাৰী সঞ্চালক মতিনুৰ ৰহমানে লাহৰীঘাট সমষ্টিৰ ৬ খন সমবায় সমিতিক নিলম্বন কৰিছিল । ইয়াতে ক্ষোভিত হৈ বৃহস্পতিবাৰৰ সন্ধিয়া খাইৰুল ইছলাম নামৰ দুৰ্বৃত্তটোৱে সহকাৰী সঞ্চালক মতিনুৰ ৰহমানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । আক্ৰমণকাৰীটো নগাবন্ধা সমবায় সমিতিৰ সভাপতিৰ জোৱায়েক বুলি জানিব পৰা গৈছে । ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে দুৰ্বৃত্ত খাইৰুল ইছলামক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে । ইপিনে উক্ত ঘটনা সংঘটিত হোৱাৰ লগে লগে কাৰ্যালয়টোত এক হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক: কিতাপ নহয়, এতিয়া ছাত্ৰৰ বেগত থাকে অস্ত্ৰ - Crime in School

এইবাৰ যোৰহাটৰ শিক্ষানুষ্ঠানত ৰক্তপাত, তেজেৰে ৰাঙলী দুই ছাত্ৰ - Clash breaks out between students

অৰুণাচলত অসমৰ গাড়ী চালকক প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ, এজনৰ বিৰুদ্ধে এজাহাৰ - Attempt to Murder Allegation

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.