ETV Bharat / state

অসমত ভয়াৱহ নিবনুৱা সমস্যা : সংস্থাপনৰ আশাত ৫৫ শতাংশৰ বহিঃৰাজ্যলৈ ঢাপলি - EMPLOYMENT REPORT OF INDIA 2024

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 10:02 PM IST

Unemployment rate in Assam: নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসম ৷ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মানৱ উন্নয়ন প্ৰতিষ্ঠানৰ 'ভাৰতৰ নিয়োগ প্ৰতিবেদন ২০২৪ যুৱ সংস্থাপন, শিক্ষা আৰু দক্ষতা' শীৰ্ষক প্ৰতিবেদনত উন্মোচিত অসমৰ সংস্থাপনহীনতাৰ পৰিৱেশ ৷ অসমত অসংগঠিত খণ্ডত অস্থায়ী শ্ৰমিকৰূপে কৰ্মৰত শ্ৰমিকসকলৰ মাহিলী গড় মজুৰি হ'ল ১০,২৯৯ টকা ৷ ব্যৱসায়-বাণিজ্যৰে জীৱনৰ প্ৰত্যাহ্বান নেওচি অগ্ৰসৰ হ'বলৈ চেষ্টা কৰাসকলৰ ভিতৰত ২২.১৫ শতাংশই বাস কৰে দৰিদ্ৰ সীমাৰেখাৰ তলত ৷ পঢ়ক এই বিশেষ প্ৰতিবেদন-

EMPLOYMENT REPORT OF INDIA 2024
অসমত ভয়াৱহ নিবনুৱা সমস্যা (ETV Bharat Assam)

গুৱাহাটী, ১৬ জুলাই: নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ পৰা কৰ্মসংস্থানৰ বাবে বহিঃৰাজ্যলৈ যোৱা যুৱক-যুৱতীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ কেৱল এটা বছৰতে ৰাজ্যখনৰ পৰা বহিঃৰাজ্যলৈ বিভিন্ন কাৰণত ঢাপলি মেলা মুঠ ২৩.৭ শতাংশ লোকৰ হিচাপত ধৰিলে তাৰে ৫৪.৭ শতাংশই হৈছে কর্মসংস্থানৰ সন্ধানত যোৱা লোক ৷ এই তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ ইনষ্টিটিউট ফৰ হিউমেন ডেভলপমেণ্টৰ শেহতীয়াকৈ প্ৰকাশ পোৱা ভাৰতৰ নিয়োগ প্ৰতিবেদন ২০২৪ যুৱ সংস্থাপন, শিক্ষা আৰু দক্ষতা শীৰ্ষক প্ৰতিবেদনত ৷

EMPLOYMENT REPORT OF INDIA 2024
নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসম (ETV Bharat Assam)

লক্ষণীয় বিষয় যে, বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি এবছৰত বাদেই তিনিবছৰত এক লাখ চৰকাৰী চাকৰি দিবলৈ সক্ষম হোৱা নাই ৷ ৰাজ্যখনত সংস্থাপনৰ কোনো সুবিধা নাপাই প্ৰায় প্ৰতিদিনেই কর্মসংস্থান বিচাৰি দেশৰ ভিন্ন ৰাজ্যলৈ ঢাপলি মেলিছে শতাধিক যুৱক-যুৱতীয়ে ৷

EMPLOYMENT REPORT OF INDIA 2024
চাকৰি পাবলৈ নাই (ETV Bharat Assam)

লগতে পঢ়ক: কৃষি সামগ্ৰীৰ ৰপ্তানিৰ জৰিয়তেও নিয়োগৰ সুযোগ বৃদ্ধি কৰিব পাৰি; কেনেকৈ? - Employment Creation scope

প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য মতে, নিবনুৱাৰ পৰিসংখ্যাৰে দেশৰ আন ৰাজ্যসমূহৰ দৰে অসমৰ অৱস্থাও শোচনীয় ৷ অভাৱনীয় হাৰত শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে সংস্থাপন লাভৰ পথ মুকলি নোহোৱাত দিনে দিনে জটিল ৰূপ ধাৰণ কৰিছে দেশৰ লগতে অসমৰ নিবনুৱা সমস্যাই ৷

EMPLOYMENT REPORT OF INDIA 2024
ভাৰতৰ নিয়োগ প্ৰতিবেদন ২০২৪ ত প্ৰকাশ পাইছে এই তথ্য (ETV Bharat Assam)

প্ৰতিবেদনৰ তথ্য অনুসৰি, সমগ্ৰ দেশতে প্ৰব্ৰজিত ২৮.৯ শতাংশ লোকৰ ভিতৰত ৪৯.৬ শতাংশই এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি ঢাপলি মেলিছে ৷ বিগত ২০২২ চনলৈ দেশৰ ভিতৰতে সৰ্বাধিক নিবনুৱাৰে ভাৰাক্ৰান্ত ৰাজ্যখন হৈছে বিহাৰ ৷ দেশৰ ২২ খন বৃহৎ ৰাজ্যৰ ভিতৰত বিহাৰে এই স্থান দখল কৰিছে ৷

EMPLOYMENT REPORT OF INDIA 2024
প্ৰতিবেদনত উন্মোচিত অসমৰ সংস্থাপনহীনতাৰ পৰিৱেশ (ETV Bharat Assam)

আনহাতে, এই তালিকাখনত শোচনীয়তাৰ ফালৰ পৰা ১৩ নং স্থানত আছে অসম ৷ প্ৰতিবেদন অনুসৰি নিবনুৱাক সংস্থাপিত কৰাৰ দিশত সফলতা লাভ কৰা ৰাজ্যখন হৈছে দিল্লী ৷ দিল্লীৰ পাছতে সফল ৰাজ্যৰ তালিকাৰ দ্বিতীয় স্থানত আছে হিমাচল প্ৰদেশ আৰু তৃতীয় স্থানত আছে তেলেংগানা ৷ একেদৰে চতুৰ্থ স্থানত উত্তৰাখণ্ড আৰু পঞ্চম স্থানত আছে গুজৰাট ৷

লগতে পঢ়ক: দক্ষতা বিকাশৰ প্ৰশিক্ষণ লোৱা কিমানে পালে সংস্থাপন : বিধানসভাৰ ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদনত প্ৰকাশ - Assam Skill Development Mission

তালিকাত অতি শোচনীয় অৱস্থাৰ ৰাজ্যকেইখনৰ ভিতৰত বিহাৰৰ পাচতে আছে ওড়িশা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, পঞ্জাৱ, ছত্তীশগড় আৰু কৰ্ণাটক ৷ তালিকাৰ ১৩ নং স্থানত আছে অসম ৷ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমত ঔদ্যোগিক খণ্ডৰ বিকাশ সাধন নোহোৱাৰ পৰিপ্ৰেক্ষিতত নিবনুৱাৰ সংস্থাপনৰ হাৰো তুলনামূলকভাৱে দ্ৰুতগতিত হ্ৰাস পাইছে ৷

প্ৰতিবেদনৰ তথ্য অনুসৰি, অসমত নিবনুৱাৰ সংখ্যা ২০২১ চনত মুঠ জনসংখ্যাৰ ২৭.৮ শতাংশৰ বিপৰীতে ২০৩১ চনত কেৱল ১৫ বছৰৰ পৰা ২৯ বছৰ বয়সৰ নিবনুৱাৰ সংখ্যাই ২৪.৮ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে ৷

প্ৰতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে, ২০২২ চনত অসমত উচ্চশিক্ষিত নিবনুৱাৰ হাৰ আছিল ৩৫.৪ শতাংশ ৷ ইফালে যুৱকক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অসমৰ স্থান ২২ খন ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থানত আছে ৷ সেইদৰে যুৱতীৰ নিযুক্তিৰ ক্ষেত্ৰত তালিকাৰ অষ্টম স্থানত আছে অসম ৷

লগতে পঢ়ক: এবছৰত ৰাজ্যত নিবনুৱাৰ সংখ্যা বৃদ্ধি ১০ লাখ; অখিল গগৈয়ে দিলে তথ্য

আনহাতে, ১৫ বছৰৰ ঊৰ্ধ্বৰ নিয়মীয়া আনুষ্ঠানিক শ্ৰমিকৰ ক্ষেত্ৰত দেশৰ আন ৰাজ্যসমূহৰ তুলনাত অসম আছে নৱম স্থানত ৷ অসমত মুঠ শ্ৰমিকৰ ১২.৮৮ শতাংশ‍ইহে নিয়মীয়া আনুষ্ঠানিক কৰ্মচাৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছে ৷ ইয়াৰ বিপৰীতে অনিয়মীয়া বা অস্থায়ীভাৱে কৰ্মৰত শ্ৰমিকৰ ক্ষেত্ৰত দেশৰ ২২ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হ'ল ১১ নম্বৰ ৷ ৰাজ্যখনৰ ২০.৬১ শতাংশ শ্ৰমিকে অস্থায়ী ৰূপত কৰ্মৰত অৱস্থাত আছে ৷

লক্ষণীয় যে, দেশৰ ২২ খন বৃহৎ ৰাজ্যৰ ভিতৰত অসমত স্ব-নিয়োজনৰে জীৱন নিৰ্বাহ কৰাসকলৰ ভিতৰত অধিকাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিবলগীয়া হৈছে ৷ সাধাৰণ কোনো ব্যৱসায়-বাণিজ্যৰে জীৱনৰ প্ৰত্যাহ্বান নেওচি অগ্ৰসৰ হ'বলৈ চেষ্টা কৰাসকলৰ ভিতৰত ২২.১৫ শতাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে ৷

ব্যৱসায়-বাণিজ্য বা আন কোনো অসংগঠিত খণ্ডৰে জড়িত হৈ আত্মসংস্থাপন লাভ কৰাসকলৰ ভিতৰত বৃহৎসংখ্যকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিবলগীয়া হোৱাৰ ক্ষেত্ৰত দেশৰ আন ৰাজ্যসমূহৰ তালিকাত চতুর্দশ স্থানত আছে অসম ৷ ইফালে আত্মসংস্থাপনৰে সফলতা অৰ্জন কৰা অতি কমসংখ্যক অর্থাৎ ২.৬৮ শতাংশ স্ব-নিয়োজিত কর্মীহে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰাজ্যখন হ'ল দিল্লী ৷

লগতে পঢ়ক: চাকৰি বিচাৰি ওলাই যোৱা ছোৱালীজনী 5 মাহে ঘূৰি নাহিল; সহায় বিচাৰি পৰিয়ালৰ হাহাকাৰ - human trafficking in assam

প্ৰতিবেদনৰ তথ্য মতে, অসমত অসংগঠিত খণ্ডত অস্থায়ী শ্ৰমিকৰূপে কৰ্মৰত শ্ৰমিকসকলৰ মাহিলী গড় মজুৰি হ'ল ১০,২৯৯ টকা ৷ অতি উদ্বেগৰ বিষয় যে, বৰ্তমান এই সময়ত মাহিলি ১০,২৯৯ টকাৰে পৰিয়াল পোহপাল দিবলগীয়া হৈছে অসমৰ অস্থায়ী ভিত্তিত নিয়োজিত একো একোজন শ্ৰমিকে ৷

প্ৰতিবেদনত দেশৰ আটাইকেইখন ৰাজ্যৰ ১৫ ৰ পৰা ২৯ বছৰ বয়সৰ শিক্ষিত নিবনুৱাৰ হাৰৰ ক্ষেত্ৰত ২০২২ চন পর্যন্ত অসম ১১ নম্বৰ স্থানত আছে ৷ পৰিসংখ্যা মতে ৰাজ্যখনত ২০২২ লৈ শিক্ষিত নিবনুৱাৰ হাৰ আছিল ২৩.৬৬ শতাংশ ৷ ইয়াৰে ভিতৰত ১৮.৯৮ শতাংশ যুৱক আৰু ৩৬.৩০ শতাংশ যুৱতী ৷ ইফালে ৰাজ্যখনৰ ১৫ ৰ পৰা ২৯ বছৰ বয়সৰ শিক্ষা বা কোনো ধৰণৰ প্ৰশিক্ষণ নথকা নিবনুৱাৰ হাৰ হৈছে ৩৩.৭৩ শতাংশ ৷

এইদৰে বিভিন্ন পৰিসংখ্যাৰে প্ৰতিবেদনত অসমৰ ভয়াৱহ নিবনুৱা সমস্যাৰ ছবিখন উন্মোচিত হোৱাৰ উপৰি উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰখনৰ প্ৰকৃত স্বৰূপটো প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: ভয়াৱহ নিবনুৱা সমস্যাৰ কৱলত অসম: পঞ্জীয়নভুক্ত ২৮ লক্ষাধিক কৰ্মহীনৰ ৭৭৫ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী - unemployment problem in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.