ETV Bharat / state

অসমত হ্ৰাস পালে গাঁও পঞ্চায়তৰ সংখ্যা: অনুমোদন কেবিনেটৰ - ASSAM GP NUMBER REDUCED

State cabinet meeting: বৰ্তমানৰ ২,১৯৭ খনৰ ঠাইত গাঁও পঞ্চায়তৰ মুঠ সংখ্যা হ'ব ২,১৯৩ খন । ১২৬খন মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ততো কেবিনেটৰ অনুমোদন ৷

State cabinet meeting
অসমত হ্ৰাস পালে গাঁও পঞ্চায়তৰ সংখ্যা: অনুমোদন কেবিনেটৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2024, 9:20 PM IST

গুৱাহাটী,৮ অক্টোবৰ: ৰাজ্যত হ্ৰাস পালে পঞ্চায়তৰ সংখ্যা । এই সিদ্ধান্তত মঙলবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত দিছপুৰৰ লোক সেৱা ভৱনত আজি অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত পঞ্চায়তৰ সংখ্যা হ্ৰাসৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় । তৃণমূল পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাৰ শক্তিশালীকৰণত গুৰুত্ব আৰোপ কৰি কেবিনেটে তৃণমূল পৰ্যায়ত ন্যায়সংগত প্রতিনিধিত্ব আৰু দক্ষ শাসন নিশ্চিত কৰা, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ সমষ্টিৰ প্ৰস্তাৱিত সীমা নির্ধাৰণ আৰু উন্নয়ন খণ্ডৰ পুনর্গঠনৰ প্ৰস্তাৱিত সীমা নির্ধাৰণৰ দিশত জিলা সীমা নির্ধাৰণ আয়োগৰ পৰামৰ্শসমূহক অনুমোদন জনাইছে ।

এই সীমা নির্ধাৰণে ৰাজ্যখনৰ ষষ্ঠ অনুসূচীভুক্ত জিলাৰ বাহিৰে সকলো জিলাক সামৰি ল'ব । গাঁও পঞ্চায়তসমূহৰ সীমা নির্ধাৰণৰ পাছত বৰ্তমানৰ ২,১৯৭ খনৰ ঠাইত গাঁও পঞ্চায়তৰ মুঠ সংখ্যা হ'ব ২,১৯৩ খন । গাঁও পঞ্চায়তৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত আজিৰ কেবিনেটে অনুমোদন জনায় । আঞ্চলিক পঞ্চায়ত/উন্নয়ন খণ্ডৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত অসমত ২১৯টা উন্নয়ন খণ্ড আছে ।

ইয়াৰে ১৮১টা সাধাৰণ এলেকাত আৰু ৩৮টা ষষ্ঠ অনুসূচীৰ এলেকাত আছে । পুনৰগঠনৰ পাছত ৰাজ্যৰ উন্নয়ন খণ্ডসমূহৰ মুঠ সংখ্যা একে আছে । এইক্ষেত্ৰত সংখ্যা কম-বেছি হোৱা নাই । আনহাতে জিলা পৰিষদ সমষ্টিৰ সীমা নির্ধাৰণৰ ক্ষেত্ৰত অসম পঞ্চায়ত আইন,১৯৯৪ (সংশোধিত) ধাৰা ৬৫ (১)ৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ ৪২০ৰ ঠাইত মুঠ জিলা পৰিষদ সমষ্টিৰ সংখ্যা হ'ব ৩৯৭টা । অৰ্থাৎ জিলা পৰিষদৰ সংখ্যা ২৩টা হ্ৰাস পালে ।

ইফালে আজিৰ কেবিনেটে পথ আৰু বিদ্যালয়ৰ উন্নয়নেৰে ভৱিষ্যৎ নির্মাণৰ দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবলৈ আৰু নাগৰিক সবলীকৰণৰ বাবে কেবিনেটে ১০৮ টা গ্ৰাম্য পথৰ আন্তগাঁথনি শক্তিশালীকৰণ আৰু ১২৬খন মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ বাবে অনুমোদন জনায় । এই প্ৰকল্পই অসমৰ ২৬ খন জিলাত গ্ৰাম্য যাতায়াত উন্নত কৰাৰ লগতে ৩৫ জিলাত মাধ্যমিক বিদ্যালয়ৰ বিকাশ সাধন কৰিব । এই প্ৰকল্পসমূহ নাবার্ডৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ১,৪১৭.২৯ কোটি টকা ব্যয়েৰে সম্পন্ন কৰা হ'ব ।

লগতে পঢ়ক : অনলাইন ট্ৰেডিঙৰ বিয়াগোম কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্তৰ ভাৰ চি বি আইক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.