ETV Bharat / state

পুনৰ অসমৰ ব্যৱসায়ীক NSCNৰ হুমকি; মেৰাপানীক বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰ - NSCN threatens assam businessman

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 7:44 PM IST

NSCN threatens assam businessman: নিষিদ্ধ নগা উগ্ৰপন্থী সংগঠন এনএছচিএনৰ হুমকিত ত্ৰস্তমান মেৰাপানীৰ ব্যৱসায়ী । মেৰাপানীক বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰ নগা বিদ্ৰোহী সংগঠনৰ । মেৰাপানীৰ ব‍্যৱসায়ীৰ দুখনকৈ ট্ৰাক জব্দ কৰি ২২ লাখ টকা দাবী কৰিছে এনএছচিএনে ।

NSCN threatens assam businessman
পুনৰ অসমৰ ব্যৱসায়ীক NSCNৰ হুমকি (ETV Bharat)

গোলাঘাট,৩০ জুন : মেৰাপানী টাউনক বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তি কৰি মেৰাপানীৰ ব্যৱসায়ীলৈ নিষিদ্ধ উগ্ৰপন্থী সংগঠন এনএছচিএনয়ে পত্ৰ প্ৰেৰণ কৰিছে । এনএছচিএনৰ এনে পত্ৰ প্ৰেৰণৰ পিচতেই মেৰাপানী সীমান্তত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে । নগা বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰিছে বিভিন্ন দল-সংগঠন । এনে পৰিস্থিতিত অসমৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি ভাবুকি আহিছে ।

উল্লেখ্য যে গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীক নগা বিদ্ৰোহী সংগঠন এনএছচিএনয়ে অতি গোপনে বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তি কৰাৰ এক ভয়ংকৰ তথ‍্য পোহৰলৈ আহিছে । এনএছচিএনয়ে মেৰাপানী টাউনলৈকে বৃহত্তৰ নাগালিমৰ ল'থা অধ্যুষিত অঞ্চলৰ অন্তৰ্ভুক্ত কৰাৰ ভয়ংকৰ পৰিকল্পনা হাতত লৈছে । শেহতীয়াকৈ মেৰাপানী টাউনৰ দুগৰাকী ব্যৱসায়ী ক্ৰমে কমলাৰাণী ঢাকা আৰু পৱন কুমাৰ খালীয়াৰ মাজত ব্যৱসায়িক সংঘাতৰ সৃষ্টি হৈছিল ।

অভিযোগ অনুসৰি কমলাৰাণী ঢাকাই পৱন কুমাৰৰ পৰা ব‍্যৱসায়ীৰ লেনদেনৰ বাবে কিছু টকা পাবলগা আছে । সেই টকা সময়ত পৱন কুমাৰে পৰিশোধ কৰিব নোৱাৰাৰ বাবে কমলাৰাণীয়ে উক্ত ঘটনাৰ সমাধান বিচাৰি প্ৰতিবেশী ৰাজ‍্য নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএনৰ বিচাৰপীঠত যোৱা ৩০ মে'ত এক অভিযোগ পত্ৰ দাখিল কৰে । উক্ত অভিযোগ পত্ৰৰ ভিত্তিত সংগঠনটোৰ নিজা আদালতত বিচাৰ কৰাৰ উদ্দেশ‍্যে ওখা জিলাৰ বিদ্ৰোহী গোটটোৰ সচিবৰ স্বাক্ষৰিত এক নিৰ্দেশনা পত্ৰ হোৱাটছ এপযোগে মেৰাপানীৰ ব‍্যৱসায়ী পৱন কুমাৰ খালীয়ালৈ প্ৰেৰণ কৰে ।

এই পত্ৰৰ জৰিয়তে ৱ'খা জিলাৰ বিদ্ৰোহী সংগঠনটোৰ মুখ‍্য কাৰ্যালয়ত ব্যৱসায়ীজনক হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰে । এনেদৰে তিনিখনকৈ পত্ৰ প্ৰেৰণৰ পিচত পৱন কুমাৰে প্ৰাণৰ শংকাত বিদ্ৰোহী সংগঠনটোৰ আদালতত হাজিৰ হোৱাৰ বিপৰীতে বিষয়টো মেৰাপানী বজাৰ সমিতিক অৱগত কৰে । ইফালে ব্যৱসায়ী পৱন কুমাৰে এনএছচিএনৰ বিচাৰপীঠত হাজিৰ নোহোৱাত ফোনযোগে সংগঠনটোৱে পৱনৰ বিৰুদ্ধে বিহিত ব‍্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে আৰু ২৪ জুনত পৱন কুমাৰৰ দুখনকৈ ট্ৰাক নাগালেণ্ডৰ ৱ'খা টাউনলৈ যোৱাৰ পথত সংগঠনটোৱে জব্দ কৰি ৰাখে ।

আনহাতে সংগঠনটোৰ ফালৰ পৰা প্ৰদান কৰা পত্ৰত উল্লেখ কৰা মতে মেৰাপানী টাউন বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত আৰু কমলাৰাণীয়ে দিয়া আবেদনৰ মৰ্মে সংগঠনটোৱে 'Government of the people's republic of Nagalim, office of the central Administrative officer Lotha Region' আদালতত উক্ত বিচাৰ চলিব বুলিও উল্লেখ কৰে ।

বিগত এসপ্তাহে বিদ্ৰোহী সংগঠনটোৱে জব্দ কৰা দুখনকৈ ট্ৰাক মোকোলাই নিদিয়াত আৰু ব‍্যৱসায়ী পৱন কুমাৰক ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত শনিবাৰে মেৰাপানী বজাৰ সমিতিয়ে স্থানীয় দল-সংগঠন তথা ৰাইজৰ উপস্থিতিত এক বিশেষ সভা অনুষ্ঠিত কৰে । সভাত আলোচনামৰ্মে এনএছচিএনয়ে জব্দ কৰি ৰখা ট্ৰাক দুখন অতি সোনকালে মোকোলাই অনাৰ লগতে পৱন কুমাৰৰ বিৰুদ্ধে দিয়া অভিযোগ শীঘ্ৰে প্ৰত‍্যাহাৰ কৰিবলৈ ব্যৱসায়ী কমলাৰাণী ঢাকাক সভাই আহ্বান জনায় ।

কিন্তু ৰাইজৰ প্ৰস্তাৱ কমলাৰাণী ঢাকাই মানি ল'বলৈ অস্বীকাৰ কৰে । ইয়াৰ পিচতে বিভিন্ন সংগঠনে কমলাৰাণী ঢাকাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি বিহিত ব‍্যৱস্থা গ্ৰহণৰ দাবী জনায় । লগতে সংগঠনকেইটাই কমলাৰাণী ঢাকাৰ মেৰাপানীস্থিত এচ আৰ হাৰ্ডৱেৰ নামৰ প্ৰতিস্থানটো বন্ধ কৰি দিয়ে ।

লগতে পঢ়ক :দুধনৈত ধৰ্ষণ-হত্যাকাৰীৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ অভিযান - Dudhnoi Rape and Murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.